শিৱসাগৰত পাঁচটা মাটিৰ দালাল গ্ৰেপ্তাৰ

*শিৱসাগৰত পাঁচটা মাটিৰ দালাল গ্ৰেপ্তাৰ*
আমাৰ চিঞৰ শিৱসাগৰ: মূখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যোৱা  কিছুদিন পূৰ্বে ৰাজ্যৰ ৰাজহ বিভাগত চলি থকা দালাল ৰাজ উৎখাত কৰা হ'ব বুলি ঘোষণা কৰাৰ পিছতে এই ক্ষেত্ৰত অভিযান আৰম্ভ কৰিছে আৰক্ষীয়ে। ৰাজ্যৰ অন্যান্য প্ৰান্তৰ দৰে শিৱসাগৰতো মাটিৰ দালালৰ বিৰুদ্ধে শিৱসাগৰ আৰক্ষীয়ে চলাইছে তীব্ৰ অভিযান। যোৱা  নিশাৰে পৰা শিৱসাগৰ জিলা আৰক্ষী অধীক্ষকৰ নেতৃত্বত চলা অভিযানত শিৱসাগৰ  জিলাটো  বিভিন্ন প্ৰান্তৰ পৰা পাঁচটা দালালক আটক কৰে । শিৱসাগৰ  দৰিকাপাৰৰ সমীপৰ নামতিয়াল পথাৰৰ   পৰা প্ৰবীণ বুঢ়াগোহাঁই , আমগুৰি হিলৈধাৰীৰ  তপন বৰুৱা,  ধাই আলিৰ মঞ্জুলুৰ হুছেইন , বুবুল আহমেদ ,  
 মৰনৈ কিনাৰৰ ৰকিব আলিক  আটক কৰি সোধা পোছা অব্যাহত ৰাখিছে আৰক্ষীয়ে। অৱশ্যে এই সন্দৰ্ভত বৰ্তমানলৈকে শিৱসাগৰ আৰক্ষীয়ে সংবাদ মাধ্যমত আগত ভাষ্য  প্ৰদান 
কৰা নাই।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা