ৰঙিয়াত বাইকৰ টুলবক্স ভাঙি দিন দুপৰতে লুটি নিলে ১ লাখ ২০ হাজাৰ টকা

ৰঙিয়াত বাইকৰ টুলবক্স ভাঙি দিন দুপৰতে লুটি নিলে ১ লাখ ২০ হাজাৰ টকা 

প্ৰতিবেদক, ৰঙিয়া, ১৬ ছেপ্টেম্বৰঃ
অপৰাধীৰ ৰম্যভূমিত পৰ্যবসিত হৈছে ৰঙিয়া চহৰ । আৰক্ষী আৰু অৰ্ধ-সামৰিক বাহিনীয়ে গিজগিজাই থকা সত্বেও প্ৰায়ে সংঘটিত হৈ আহিছে চুৰি, ডকাইতি, ধন লুটৰ দৰে উদ্বেগজনক ঘটনা।আৰক্ষীয়ে এই সকল ঘটনাৰ লগত জড়িত প্ৰকৃত দুৰ্বৃত্তক আটক কৰিব নোৱাৰাৰ উপৰি এই ধৰণৰ ঘটনাবোৰ ৰোধ কৰিবও পৰা নাই।আনহাতে আজি দিন দুপৰতে এজন শিক্ষকৰ বাইকৰ টুল বস্ক ভাঙি অতি কৌশলেৰে ১ লাখ ২০ হাজাৰ টকা লুট কৰি নিয়ে দুৰ্বৃত্তই। শিক্ষকজনে বেংকৰ পৰা ধনখিনি উলিয়াই আনি বাইকৰ টুল বক্সত লৈ ঘৰলৈ গৈ থকাৰ সময়তে ৰঙিয়াৰ বেচৰকাৰী বাছ আস্থানত অলপ বজাৰ কৰিবলৈ বাইকখন থৈ যোৱাৰ লগে লগে বক্স ভাঙি ধনখিনি নিবলৈ সক্ষম হয়। জানিব পৰা মতে ৰঙিয়া টাউনৰ শংকৰদেৱ নগৰৰ বাসিন্দা শিক্ষক বলোদেৱ কলিতাই ভাৰতীয় ষ্টেট বেংকৰ ৰঙিয়া শাখাৰ পৰা ১ লাখ ২০ হাজাৰ টকা উলিয়াই আনিছিল। ধন লুট কৰি পলায়ন কৰা দুই দুৰ্বৃত্তই পলায়ন কৰা দৃশ্য ইতিমধ্যে বন্দী হৈছে চিচিটিভিত। পিছত ভুক্তভোগী লোকজনে ঘটনা সন্দৰ্ভত ৰঙিয়া থানাত এখন এজাহাৰ দাখিল কৰে। অপৰাধীক শীঘ্ৰে কৰায়ত্ত কৰি দৃষ্টান্ত মূলক শাস্তি দিবলৈ আহ্বান জনাইছে ৰাইজে। 

প্ৰেৰক, পহৰেদ আলী আহমেদ, ৰঙিয়া

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা