নগাঁৱৰ কলনিজলাহত চাঞ্চল্যকৰ ঘটনা≈≈শহুৰেকৰ ঘৰত জোৱায়েকক ডিঙি ৰেপি হত্যাৰ চেষ্টা

নগাঁৱৰ পৰা জয়ন্ত মুদৈ, ৬ ছেপ্টেম্বৰঃ নগাঁও জিলাৰ জুৰীয়া থানাৰ এলেকাধীন কলনিজলাহত কালি নিশা এক লোমহৰ্ষক ঘটনা সংঘটিত হয় ৷ শহুৰেকৰ ঘৰত জোৱায়েকক হত্যাৰ চেষ্টা চলালে দুৰ্বৃত্তই ৷ যাক লৈ সমগ্ৰ অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে ৷ প্ৰাপ্ত খবৰ মতে, জিলাখনৰ ধিঙৰ ডুমডুমীয়াৰ মাইনুল হক নামৰ যুৱকজন কালি সন্ধিয়া কলনিজলাহত থকা শহুৰেকৰ ঘৰলৈ আহে ৷ পিছত যুৱকজন এনেই পদুলিৰ ফালে ওলাই যায় যদিও নিশা প্ৰায় ন মান বজালৈকে ঘুৰি নহাত শহুৰেকৰ ঘৰৰ মানুহে ম’বাইলত যুৱকজনৰ সৈতে যোগাযোগৰ চেষ্টা কৰে যদিও ব্যৰ্থ হয় ৷ এনে অৱস্থাত চিন্তিত হৈ পৰা যুৱকজনৰ শহুৰেকৰ ঘৰৰ লোকসকলে বিচাৰ-খুচাৰ কৰাত ঘৰৰ কিছু নিলগত ডিঙিত কটা অৱস্থাত তেজেৰে তুমৰলি হৈ থকা যুৱকজনক মুৰ্মুৰ্ষ অৱস্থাত উদ্ধাৰ কৰে ৷ লগে লগে স্থানীয় লোকৰ সহযোগত যুৱকজনক নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়লৈ নিয়া হয় যদিও যুৱকজনৰ অৱস্থাত শোচনীয় হৈ পৰাত চিকিৎসকে যুৱকজনক নিশাই গুৱাহাটীলৈ উন্নত চিকিৎসাৰ বাবে প্ৰেৰণ কৰে ৷ সম্প্ৰতি গুৱাহাটীত সংকটজনক অৱস্থাত আই চি ইউত চিকিৎসাধীন হৈ থকা যুৱকজনক স্থানীয় অঞ্চলৰ জুবাইৰ চৌধুৰী নামৰ এজন যুৱকে হত্যাৰ চেষ্টা চলোৱা বুলি পৰিয়ালৰ লোকে অভিযোগ তুলিছে ৷ তেওঁলোকৰ অভিযোগত জুবাইৰ চৌধুৰীয়ে মাইনুলক ঘৰৰ পৰা মাতি নি মাৰধৰ কৰাৰ লগতে ডিঙিত চোকা অস্ত্ৰৰে ৰেপি প্ৰাণনাশৰ চেষ্টা চলায় ৷ আচলতে দীৰ্ঘদিনীয়া মাটি-বাৰি সংক্ৰান্তীয় কণ্ডলৰ বাবেই এই হত্যাৰ প্ৰচেষ্টা চলোৱা বুলি মন্তব্য কৰিছে মাইনুলৰ শহুৰেকৰ ঘৰৰ লোকে। ইতিমধ্যে ঘটনা সন্দৰ্ভত জুৰীয়া আৰক্ষীয়ে এক গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে ৷
===================

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা