মৰিগাওত পুনৰ সংঘটিত হৈছে আন জঘন্য ধৰ্ষণকান্ড৷ ভূৰাগাওৰ পাঠাৰ পাছত এইবাৰ মৈৰাবাৰীত ওলাল আন এক পাঠা

 মৰিগাওত পুনৰ সংঘটিত হৈছে আন জঘন্য ধৰ্ষণকান্ড৷ ভূৰাগাওৰ পাঠাৰ পাছত এইবাৰ মৈৰাবাৰীত ওলাল আন এক পাঠা৷ এগৰাকী  মানসিক বিকাৰগ্ৰস্ত মহিলাক উপুৰ্যপৰি ধৰ্ষণ৷

☞ মৰিগাও জিলাৰ মৈৰাবাৰীত সংঘটিত হৈছে এক নিলৰ্জ্জ আৰু অমানৱীয়  কান্ড৷
☞ জানিব পৰা মতে মৈৰাবাৰী থানা এলেকাৰ দুৰাবান্ধী গাওত  ঘৰতে কোনো নথকাৰ সুযোগ লৈ ইমান আলী নামৰ লম্পটে এগৰাকী 26 বছৰীয়া মানসিক বিকাৰগ্ৰস্ত মহিলাগৰাকীক শাৰীৰিকভাৱে আক্ৰমণৰ লগতে উপৰ্যপুৰি ধৰ্ষণ কৰা ঘটনাই সম্প্ৰতি অঞ্চলজুৰি  ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছে৷
 ☞ ইতিমধ্য ধৰ্ষিতা মহিলাগৰাকীৰ পৰিয়ালে ধৰ্ষণকাৰী লম্পট  ইমান আলীৰ বিৰুদ্ধে মৈৰাবাৰী থানাত এখন এজাহাৰ দাখিল কৰিছে৷
 ☞ কিছুদিন পূৰ্বৰ মৰিগাওৰ ভূৰাগাওত জঘন্য ধৰ্ষণকাৰী পাঠাৰ পাছত এইবাৰ একেজিলাৰ অন্তৰ্গত মৈৰাবাৰীত সংঘটিত হৈছে আন এক ধৰ্ষণকান্ড৷
☞ ভুক্তভোগী মহিলাৰ পৰিয়াল আৰ্থিক ভাৱে জুৰুলা আৰু নিৰক্ষৰ হোৱাৰ পৰিপ্ৰেক্ষিতত এতিয়া  গাওবাসীৰ তৎপৰতা আৰু সহায় সহযোগিতাৰ ভিত্তিত  আৰক্ষী প্ৰশাসনক ন্যায়ৰ বাবে অনুৰোধ জনাইছে৷
☞ জানিব পৰা মতে মৈৰাবাৰী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াই ধৰ্ষিতা মানসিক বিকাৰগ্ৰস্ত মহিলাগৰাকীৰ পৰিয়ালৰ এজাহাৰৰ ভিত্তিত প্ৰাথমিক পৰ্যায়ৰ তদন্ত অব্যাহত ৰাখিছে৷
☞ সম্প্ৰতি আৰক্ষী প্ৰশাসনৰ তৎপৰতাত ইতিমধ্য ধৰ্ষিত মহিলা গৰাকীক স্বাস্হ্য পৰীক্ষাৰ কৰাবলৈ মৰিগাওলৈ প্ৰেৰণ কৰা হৈছে বুলি জানিব পৰা গৈছে৷
 *মৈৰাবাৰীৰ পৰা নছিদুৰ ৰহমান।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা