গোৱালপাৰাৰ দুগৰাকী শিক্ষকলৈ ৰাজ্যিক কীৰ্তি শিক্ষকৰ বঁটাঃ উৎফুল্লিত জিলাবাসী

ৰাজ্যিক কৃতী শিক্ষকৰ বঁটাৰ বাবে

গোৱালপাৰা জিলাৰ দুগৰাকী শিক্ষক বাছনি হোৱাৰ খবৰে আনন্দিত কৰি তুলিছে জিলা বাসীক ৷ ৰাজ্যিক কৃতী শিক্ষকৰ বঁটাৰ বাবে বাছনি হোৱা শিক্ষক দুগৰাকী হৈছে চন্দন চক্ৰৱৰ্তী আৰু ছাইফউদ্দিন আহমেদ ৷ ইয়াৰে চন্দন চক্ৰৱৰ্তী উচ্চ প্ৰাথমিকৰ আৰু ছাইফউদ্দিন আহমেদ মাধ্যমিকৰ শিক্ষক ৷ টুকুৰা মধ্য ইংৰাজী বিদ্যালয়ৰ সহকাৰী শিক্ষক চন্দন চক্ৰৱৰ্তী আৰু বলবলা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ইংৰাজী বিষয় শিক্ষক ছাইফউদ্দিন আহমেদে এইবেলি ৰাজ্যিক কৃতী শিক্ষকৰ বঁটাৰ বাবে নিৰ্বাচিত হোৱাত গোৱালপাৰা জিলাবাসী উৎফুল্লিত হৈ উঠিছে ৷ উল্লেখ্য যে কাইলৈ ৫ ছেপ্তেন্বৰৰ শিক্ষক দিৱসৰ দিনা গুৱাহাটীৰ কলাক্ষেত্ৰত আয়োজন কৰা এক বিশেষ অনুষ্ঠানত ৰাজ্য চৰকাৰে গোৱালপাৰাৰ চন্দন চক্ৰৱৰ্তী আৰু ছাইফউদ্দিন আহমেদৰ লগতে ৰাজ্য খনৰ মুঠ ৩৬ গৰাকী কীৰ্তি শিক্ষকক এই বঁটা প্ৰদান কৰিব ৷


কৃষ্ণাইৰ পৰা কন্দৰ্প কুমাৰ দেৱ নাথ৷ first news report

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা