পঞ্চায়ত প্ৰতিনিধি-কৰ্মচাৰীৰ দৰমহাৰ বাবে ধন নাই চৰকাৰৰ : ৰঞ্জিত দাস

পঞ্চায়ত প্ৰতিনিধি-কৰ্মচাৰীৰ দৰমহাৰ বাবে ধন নাই চৰকাৰৰ : ৰঞ্জিত দাস

ষ্টাফ ৰিপ'ৰ্টাৰ : অসম চৰকাৰৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস ডিমৌত উপস্থিত হয়। মন্ত্ৰীগৰাকীয়ে ডিমৌৰ নহাট গাঁও পঞ্চায়তৰ সভানেত্ৰী পুষ্পা গগৈৰ বাসগৃহত উপস্থিত হৈ পঞ্চায়ত বিভিন্ন কাম-কাজৰ খতিয়ান লয়। তেঁও এম জি এমৰেগাৰ লগতে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ কামৰ অগ্ৰগতিৰ খতিয়ান লয়। তদুপৰি পঞ্চায়তবাসীয়ে খোৱাপানীৰ সুবিধা সুন্দৰকৈ লাভ কৰিছে নে, অন্যান্য সা-সুবিধাসমূহ লাভ কৰিছেনে সেয়া পঞ্চায়ত সভানেত্ৰী পুষ্পা গগৈৰ পৰা জানিবলৈ বিচাৰে। পঞ্চায়ত সভানেত্ৰীগৰাকীয়ে পঞ্চায়ত প্ৰতিনিধিসকলৰ পাৰিতোষিক মুকলি কৰি দিবলৈ আহ্বান জনায়। লগতে এম জি এনৰেগাৰ কৰ্মীসকলে মাননি বৃদ্ধিৰ বাবে অনুৰোধ জনায়। সদৌ অসম এম জি এনৰেগা কৰ্মী সন্থাৰ সম্পাদক কিৰণ কিশোৰ গগৈয়ে মন্ত্ৰীগৰাকীক ন্যায্য প্ৰাপ্যসমূহ প্ৰদান কৰিবলৈ আহবান জনায়। মন্ত্ৰী দাসে তেঁওলোকৰ প্ৰশ্নৰ উত্তৰত কয় যে, পঞ্চায়তৰ প্ৰতিনিধি-কৰ্মীসকলক পাৰিতোষিক দিবলৈ চৰকাৰৰ পুঁজিৰ অভাৱ। পূৰ্বৰ চৰকাৰে চতুৰ্থ আৰু পঞ্চম বিত্তীয় আয়োগৰ আঁচনিৰ ধনৰ পৰা কিছু অংশ আছুতীয়া কৰিহে পঞ্চায়ত প্ৰতিনিধিৰ পাৰিতোষিক দিছিল। এতিয়া এনে ব্যৱস্থা নাই বুলি স্পষ্ট কৰি দিয়ে। পঞ্চায়তৰ নিজা কৰ-কাটল সংগ্ৰহৰ যোগেদিয়ে পাৰিতোষিকৰ যোগাৰ কৰিবলৈ সভানেত্ৰীগৰাকীক পৰামৰ্শ দিয়ে। আনপিনে এম জি এনৰেগাৰ কৰ্মচাৰীসকলৰ সমস্যাসমূহ সমাধানৰ আশ্বাস প্ৰদান কৰে। ডিমৌ উন্নয়ন খণ্ডৰ ২০ টা পঞ্চায়তত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ নিৰ্মাণত আৰু চতুৰ্দশ বিত্তীয় আয়োগৰ পুজিৰে ডাষ্টবিন নিৰ্মাণত সংঘটিত ব্যাপক দুৰ্নীতি সন্দৰ্ভত খণ্ড উন্নয়ন বিষয়াৰ পৰা তথ্য বিচাৰিব বুলিও জানিবলৈ দিছে।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা