ৰঙিয়াত ৩৮ তম্ অভিৰুচি ক্ৰীড়া দিৱস উদযাপন

প্ৰতিবেদক , ৰঙিয়া, ৩ ছেপ্টেম্বৰঃ

উত্তৰ কামৰূপ জিলা ক্ৰীড়া সন্থা আৰু ৰঙিয়া স্পোৰ্টচ একাডেমীৰ সৌজন্যত ৰঙিয়াত অৰ্জুন ভোগেশ্বৰ বৰুৱাৰ জন্মদিন উপলক্ষে ৩৮ তম্ অভিৰুচি ক্ৰীড়া দিৱস ৰাজ্য চৰকাৰৰ কোভিড প্ৰট'কল মানি উদযাপন কৰা হয়। সুদক্ষ খেলুৱৈ জাতিৰ গৌৰৱ, দেশৰ সম্পদক মূল্যাংকন কৰি আজি ৰাতিপুৱা ৬.৩০ বজাত ৰঙিয়াৰ মাজমজিয়াৰ কৃষক শ্বহীদ ভৱনৰ সন্মুখৰ পৰা ৰঙিয়া চহৰত এক সমদল উলিওৱা হয়। অসমৰ প্ৰথমগৰাকী অৰ্জুন বঁটা বিজয়ী ভোগেশ্বৰ বৰুৱাৰ১৯৩৭ চনৰ ৩ ছেপ্টেম্বৰৰ জন্মদিনটো অসম তথা অসমীয়াৰ বাবে এক গৌৰৱৰ দিন লগতে অৰ্জুন ভোগেশ্বৰ বৰুৱাৰ প্ৰতি সন্মান জনাই যে প্ৰতিবছৰে ৩ ছেপ্তেম্বৰত সমগ্ৰ অসমতেই ‘অভিৰুচি ক্ৰীড়া দিৱস’ পালন কৰা হয় তাৰ ওপৰত আলোকপাত কৰা হয় । ১৯৬৬ চনত বেংককত অনুষ্ঠিত পঞ্চম সংখ্যক এছিয়ান গেমছত অৰ্জুন ভোগেশ্বৰ বৰুৱাই প্ৰথম স্থান অধিকাৰ কৰি সোণৰ পদক আজুৰি আনিবলৈ সক্ষম হৈছিল । ভোগেশ্বৰ বৰুৱা আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাত স্বৰ্ণ পদক লাভ কৰা তেৱেই হৈছে প্ৰথম অসমীয়া । এই সাফল্যৰ পাচতেই  ভোগেশ্বৰ বৰুৱাক ভাৰত চৰকাৰে প্ৰদান কৰে "অৰ্জুন বঁটা"। এই মহান ক্ৰীড়াবিদ গৰাকীৰ আজিৰ জন্ম দিৱসৰ ৰঙিয়াৰ কাৰ্যসূচীত  বিশেষকৈ অংশগ্ৰহণ কৰে ক্ৰীড়া সংগঠক চক্ৰ কলিতা, বীৰেন কলিতা, গফুৰ আলী, সুভাষ ঘোষ,কামেশ্বৰ মেধি, ডলী শইকীয়া, প্ৰাক্তন ৰাজ্যিক হেণ্ডবল খেলুৱৈ নাজিৰ হুছেইন প্ৰমূখ্যে অৰ্ধ-শতাধিক ক্ৰীড়াপ্ৰেমী ৰাইজে।
প্ৰেৰক, পহৰেদ আলী আহমেদ, ৰঙিয়া ।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা