১১ ছেপ্তেম্বৰ

১১ ছেপ্তেম্বৰ

ষ্টাফ ৰিপোৰ্টাৰ : অহা ১১ ছেপ্তেম্বৰত আফগানিস্তানত নতুন চৰকাৰৰ শপত লব তালিবানে। কিন্তু কিয় ১১ ছেপ্তেম্বৰক বাচি ল'লে তালিৱানে? আমেৰিকালৈ কিহৰ ইংগিত? 
      আজিৰ পৰা প্ৰায় ২০ বছৰ পূৰ্বে ২০০১ চনৰ এই ১১ ছেপ্তেম্বৰতে তালিবানৰ আশ্ৰয়ত লালিত পালিত আল কায়ডাই আমেৰিকা যুক্তৰাষট্ৰৰ বিশ্ব্ বাণিজ্য কেন্দ্ৰত আক্ৰমণ কৰি ধ্বংস কৰিছিল। প্ৰাণ হেৰুৱাইছিল শতাধিক লোকে। আমেৰিকাৰ মহাশক্তিৰ গৌৰৱক ধূলিত বিলীন কৰি দিয়া এই ঘটনাটোৰ প্ৰতিশোধ লবলৈ আমেৰিকাই আফগানিস্তানত চলাইছিল সামৰিক অভিযান। সেই সময়ৰ জৰ্জ বুশ্ব প্ৰশাসনে আফগানিস্তানত উৎসাত কৰিছিল তালিবানৰাজ। পিছত আমেৰিকাৰ ৰাষ্ট্ৰপতি বাৰাক ওবামাৰ শাসনকালত ২০১১ চনৰ ২ মে'ৰ দিনা আমেৰিকাৰ ছীল কমাণ্ডোৱে পাকিস্তানৰ সামৰিক চহৰ এবোটাবাদত বিশেষ অভিযান চলাই ৯/১১ ৰ মাষ্টাৰমাইণ্ড লাডেনক হত্যা কৰে। কিন্তু লাডেনৰ আল কায়ডাই যি তালিবানীৰ ছত্ৰছায়াত ৯/১১ ৰ কু অভিসন্ধি ৰচিছিল সেই তালিবানে এতিয়া পুনৰ আফগানিস্তানত চৰকাৰ গঠন কৰিবলৈ ওলাইছে। জ বাইডেনৰ আমেৰিকাই অঘোষিত আত্মসমৰ্পন কৰি আতৰি গ'ল আফগানিস্তানৰ পৰা। বিশ্ব বাণিজ্য কেন্দ্ৰত আক্ৰমণৰ দিনটোতেই তালিবানে শপত গ্ৰহণৰ দিন ধাৰ্য কৰি যেন পুনৰ ভেঙুচালি কৰিলে মহাশক্তিধৰ বুলি নিজকে জাহিৰ কৰা আমেৰিকাক।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা