বঙাইগাঁও জিলাত নতুনকৈ ক'ভিডত আক্ৰান্ত এজন

বঙাইগাঁওঃ ৩ ছেপ্টেম্বৰঃ বঙাইগাঁও জিলাত সম্প্ৰতি পূৰ্বৰ তুলনাত  ক'ৰোনাৰ সংক্ৰমণ হ্ৰাস পোৱাত দৈনিক নতুনকৈ কম সংখ্যক ব্যক্তিহে ক'ভিডত আক্ৰান্ত হোৱা পৰিলক্ষিত হৈছে ৷ শুকুৰবাৰে জিলাখনত কেৱল নতুনকৈ এজন ব্যক্তি ক'ভিডত আক্ৰান্ত হোৱাৰ বিপৰীতে সুস্থ হৈ উঠিছে ৩ জনকৈ ৰোগী ৷ নতুনকৈ এজন ক'ভিডত আক্ৰান্ত হোৱাত বৰ্তমান জিলাখনত ক'ভিডত আক্ৰান্ত সক্ৰিয় ৰোগী আছে ৯ জন ৷ ইয়াৰ ভিতৰত ৬ জন ইনষ্টিটিউচনেল কোৱাৰেণ্টাইনত আৰু ৩ জন হোম কোৱাৰেণ্টাইনত আছে ৷ জিলাখনত শুকুৰবাৰে মুঠ ৩, ৪৫৭ জন ব্যক্তিক ক'ভিড টেষ্ট কৰা হয় ৷ জিলাখনত ১ মাৰ্চৰ পৰা ৩ ছেপ্টেম্বৰলৈ মুঠ ক'ভিডত আক্ৰান্ত ৰোগীৰ সংখ্যা বৃদ্ধি পাই ৫,০৩৯ জন  হৈছে ৷  আনহাতে জিলাখনত  শুকুৰবাৰৰ দিনটোত ক'ভিড প'জিটিভিটিৰ হাৰ আছিল ০.০০ শতাংশ ৷ ইপিনে জিলা উপায়ুক্ত কাৰ্যালয়ত আয়োজিত এখন সংবাদ মেলত উপায়ুক্ত ডাঃ এম এচ লক্ষ্মীপ্ৰিয়াই কয় যে বৰ্তমানলৈকে জিলাখনত ৭১.১ শতাংশ লোকক প্ৰথম পালি ক'ভিড ভেকচিন প্ৰদান কৰা হৈছে আৰু ১৩.৭ শতাংশ লোকক দুপালি ভেকচিন প্ৰদান কৰা হৈছে ৷ আমি জিলাখনৰ সকলোকে ভেকচিন প্ৰদানৰ কাৰণে চেষ্টা কৰি আছো ৷ তিনিদিন জিলাখনত এজনো ক'ভিডত আক্ৰান্ত হোৱা নাছিল যদিও বৃহস্পতিবাৰে দুজন আক্ৰান্ত হয় ৷ আমি জিলাখনক কেনেকৈ ক'ভিডমুক্ত কৰিব পাৰো সেইটোহে আমাৰ বাবে প্ৰত্যাহ্বান হিচাপে দেখা দিছে ৷ ক'ভিডৰ দ্বিতীয় ঢৌৰ চলি আছে যদিও আমি তৃতীয় ঢৌৰ বাবে সাজু হ'ব লাগিব ৷ সেয়ে ক'ভিড শেষ হোৱা নাই ৷ গতিকে সকলোকে ক'ভিড বিধি মানি চলিবলৈ আহ্বান জনায় ৷ তেওঁ ইতিমধ্যে জিলাখনৰ বঙাইগাঁও অসামৰিক চিকিৎসালয়কে ধৰি বিভিন্ন চিকিৎসালয়ক ক'ভিডৰ তৃতীয় ঢৌৰ বাবে উন্নিতকৰণৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে ৷ কিন্তু জিলা স্বাস্থ্য বিভাগ সাজু হৈ আছে পৰিস্থিতিৰ সৈতে মোকামিলা কৰাৰ কাৰণে ৷ 

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা