অৰুনাচলত চীনৰ নতুন ষড়যন্ত্ৰ

ষ্টাফ ৰিপোৰ্টাৰ : ভাৰতৰ উত্তৰ -পূৱৰ ৰাজ্য অৰুণাচল প্ৰদেশৰ ভূ খণ্ডক চীনে নিজৰ বুলি দাৱী কৰি অহাতো নতুন কথা নহয়। চীনে সময়ে সময়ে অৰুণাচলক দক্ষিণ তীব্বতৰ এলেকা বুলি দাৱী কৰি আহিছে। ইতিপূৰ্বে ভাৰতে যদিহে আকচাই চিন পূনৰ বিচাৰে তেন্তে অৰুণাচল প্ৰদেশক চীনক গতাব লাগে বুলিও কৈ আহিছে। তাৰ মাজতে এগৰাকী প্ৰাক্তন সাংসদে কৰিছে এক বিষ্ফোৰক মন্তব্য। একালৰ সাংসদ নিনং এৰিঙে অভিযোগ কৰিছে যে চীনে অৰুণাচল প্ৰদেশৰ যুৱকক দেশখনৰ সেনাবাহিনী পিপল’ছ লিবাৰেশ্যন আৰ্মি (PLA)ত ভৰ্তি কৰোৱাৰ বাবে চেষ্টা চলাই আছে। তেঁও এই সন্দৰ্ভত তথ্য লাভ কৰা বুলি উল্লেখ কৰি কয় যে চীন-ভাৰত সীমান্তত বসবাস কৰা অৰুনাচল প্ৰদেশৰ নিশি, আদি, মিছিমি, ইদু সম্প্ৰদায়ৰ লোকসকলৰ সৈতে চীনৰ এলহ’বা সম্প্ৰদায়ৰ লোকসকলৰ সৈতে কিছু সাদৃশ্য আছে। তেঁওলোকৰ ভাষাৰ মাজতো কিছু সাদৃশ্য আছে। তেঁও লগতে কয় যে যিধৰণে চীনে বিছাত গৃহ নিৰ্মাণ কৰিছে, গেহলিং আৰু আনিনিত পথ নিৰ্মাণ কৰিছে, সীমান্তত আন্ত:গাথনিৰ উন্নীতকৰণৰ প্ৰচেষ্টা চলাইছে তালৈ চাই অৰুণাচল প্ৰদেশৰ সীমান্ত অঞ্চলৰ বাসিন্দাসকল চীনৰ দ্বাৰা প্ৰভাৱিত হোৱাৰ আশংকা কৰিব পাৰি। সেয়ে প্ৰাক্তন সাংসদগৰাকীয়ে এইক্ষেত্ৰত দেশৰ প্ৰতিৰক্ষা বিভাগক গুৰুত্ব দিবলৈ অনুৰোধ জনায়। দেশে সীমা সুৰক্ষিত কৰিবলৈ অৰুণাচলী যুৱকক বিভিন্ন বাহিনীসমূহত নিয়োগ কৰাৰ পৰামৰ্শ প্ৰদান কৰে তেঁও। এতিয়া দেশৰ গৃহ বিভাগে এই আহ্বানক কেনেদৰে গ্ৰহণ কৰে সেয়া হৈ পৰিব লক্ষণীয়।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা