বিশিষ্ট শিক্ষাবিদ্, পুথিভৰাল আন্দোলনৰ প্ৰবীন কৰ্মী টংকেশ্বৰ দাসক আশী সংখ্যক ওপজাদিনৰ ওলগ-সম্বৰ্ধনা

নগাঁৱৰ পৰা জয়ন্ত মুদৈ, ১ ছেপ্টেম্বৰঃ নগাঁও জিলাৰ বেবেজীয়াৰ সমীপৰ দক্ষিণপাট নিবাসী বিশিষ্ট শিক্ষাবিদ, সুলেখক, পুথিভৰাল আন্দোলনৰ প্ৰবীন কৰ্মী টংকেশ্বৰ দাসৰ ৮০ সংখ্যক ওপজা দিনটো বুধবাৰে দক্ষিণপাট শ্ৰীমন্ত শংকৰদেৱ বিদ্যা নিকেতনৰ প্ৰেক্ষাগৃহত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত ক’ভিড প্ৰট’কল মানি উদযাপন কৰা হয় ৷ সদৌ অসম গ্ৰাম্য পুথিভৰাল সন্থাৰ উদ্যোগত অনুষ্ঠিত হোৱা অনুষ্ঠানত শিক্ষাবিদ টংকেশ্বৰ দাসক চেলেং, গামোচা, জাপি, গ্ৰন্থৰ টোপোলা আৰু ফুলৰ থুপাৰে ওলগ জনোৱা হয় ৷ গ্ৰাম্য পুথিভৰাল সন্থাৰ প্ৰধান সম্পাদক বল্লদেৱ শৰ্মাই উদ্দেশ্য ব্যাখ্যা আৰু আঁত ধৰা অনুষ্ঠানটি ধেনুৰাম নাথৰ লোকগীত পৰিবেশনেৰে শুভাৰম্ভ কৰা হয় ৷ পুথিভৰাল সন্থাৰ সভাপতি প্ৰতাপ হাজৰিকাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাখনিত অসম সাহিত্য সভাৰ প্ৰাক্তন প্ৰধান সম্পাদক পদুম ৰাজখোৱা, বিশিষ্ট গল্পকাৰ তথা কলংপাৰ কাকতৰ মুখ্য সম্পাদক গুৰমাইল সিং, বৰক’লা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ প্ৰতাপ সিং, শিক্ষক লৱকান্ত শৰ্মা, সমাজকৰ্মী ঘন দাসে বিশিষ্ট শিক্ষাবিদগৰাকীৰ সামাজিক জীৱনৰ ওপৰত আলোকপাত কৰে ৷ সম্বৰ্ধনা গ্ৰহন কৰি শিক্ষাবিদ টংকেশ্বৰ দাসে মানুহ জীয়াই থকাৰ আহিলা হ’ল লিখা-পঢ়া আৰু অধ্যয়ন বুলি উল্লেখ কৰি যুৱ প্ৰজন্মক মোবাইল সংস্কৃতি আৰু ধিটিঙালি ত্যাগ কৰি অধ্যয়নমূখী আৰু সমাজসেৱা কৰিবলৈ আহ্বান জনায় ৷ প্ৰসংগক্ৰমে তেওঁ বৰ্তমান আঞ্চলিক ইতিহাস এখন ৰছনাৰ কামত বৰ্তী হৈ থকাৰ কথা ব্যক্ত কৰে ৷ উল্লেখ্য, সদৌ অসম গ্ৰাম্য পুথিভৰাল সন্থাৰ লগতে অঞ্চলৰ প্ৰায় কুৰিটাৰো অধিক সংগঠনে উক্ত সভাতে শিক্ষাবিদগৰাকীক ওলগ জনোৱাৰ লগতে সম্বৰ্ধনা জ্ঞাপন কৰে ৷ সভাত বিশিষ্ট ক্ৰীড়া সংগঠন শচিন্দ্ৰ দেৱ মহন্ত, জ্যেষ্ঠ সাংবাদিক দেৱজিৎ হাজৰিকা, মৰিগাঁও জিলা গ্ৰাম্য পুথিভৰাল সন্থাৰ সভাপতি ৰমেশ চন্দ্ৰ কাকতি, সম্পাদক বলদেৱ নাথ, সহঃ সম্পাদক চাহাবুদ্দিন আহমেদ, প্ৰচাৰ সম্পাদক মানিক কুমাৰ নাথ, বিশিষ্ট সমাজকৰ্মী যজ্ঞেশ্বৰ শইকীয়া, অৰুণ বৰাকে ধৰি বহুকেইজন ব্যক্তি উপস্থিত থাকে ৷
===================

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা