কৃষ্ণাইত অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ উদ্যোগত শিক্ষক দিৱস উদযাপন

অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ উদ্যোগত আজি গোৱালপাৰা জিলাৰ কৃষ্ণাইতো উদযাপিত হয় শিক্ষক দিৱস ৷  ত্ৰিবেণী, উজ্জ্বল আৰু জোনতৰা মণ্ডল পৰ্যায় সংগঠনৰ তত্বাবধানত তথা কৃষ্ণাই উন্নয়ন খণ্ডৰ সভা গৃহত
আয়োজিত আজিৰ শিক্ষক দিৱসত আত্মসহায়ক গোটৰ শতাধিক মহিলা উপস্থিত থাকে ৷ ৰংজুলি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত শিক্ষক ভৱতাৰণ বৰ্মনে সভাপতিত্ব কৰা আজিৰ অনুষ্ঠানত সাংবাদিক চৈয়দ ৰবিউল হক, সমাজ সেৱিকা লিপিকা ৰায়, পূৰৱী চৌধুৰী,শিক্ষয়িত্ৰী জয়শ্ৰী দেৱী, অৱসৰপ্ৰাপ্ত শিক্ষক নৰেশ্বৰ ৰাভ,প্ৰতুল চন্দ্ৰ কলিতা আদিকে ধৰি অঞ্চলটোৰ কেবাজনো বিশিষ্ট লোক উপস্থিত থাকে ৷

কৃষ্ণাইৰ পৰা কন্দৰ্প কুমাৰ দেৱ নাথ,first news report

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা