ৰাজ্য চৰকাৰৰ নতুন SOP অনুসৰি আজিৰে পৰা লামডিংৰ সকলো স্কুল কলেজত আৰম্ভ চুড়ান্ত বৰ্ষৰ পাঠদান

হোজাই জিলা লামডিং সকলোবোৰ উচ্চতৰ মাধ্যমিকৰ শ্ৰেণীৰ চুড়ান্ত বৰ্ষৰ পাঠদান আৰম্ভ ৷লামডিং ৰেলৱে উচ্চতৰ মাধ্যমিক বিদ্যালয়, লামডিং মহাবিদ্যালয়, লামডিং কেন্দ্ৰীয় বিদ্যালয় আদি বিদ্যালয় সমুহে চৰকাৰী নীতি নিৰ্দেশনা অনুসৰি আৰম্ভ কৰলে পাঠদান ৷ ক’ভিড ১৯ৰ পৰিপেক্ষিতত বিগত ৫ মাহে স্কুল-কলেজ বন্ধ আছিল ৷ চৰকাৰৰ নতুন SOP অনুসৰি উচ্চতৰ মাধ্যমিকৰ শ্ৰেণীৰ চুড়ান্ত বৰ্ষৰ পাঠদান আৰম্ভ হ’ল ৷ বিদ্যালয় সমূহ পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে বিদ্যালয় কৰ্তৃপক্ষই । বিদ্যালয় চৌহদ লগতে সম্পূৰ্ণ বিদ্যালয় খন চেনিটাইজ কৰাত বিশেষ গুৰুত্ব আৰোপ কৰিছে।উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষ, স্নাতক চূড়ান্ত বৰ্ষ, স্নাতকোত্তৰ চূড়ান্ত বৰ্ষৰ লগতে ইয়াৰ সমপৰ্যায়ৰ অন্যান্য শৈক্ষিক প্ৰতিষ্ঠান সমূহৰ পাঠদানৰ বাবে চৰকাৰে অনুমতি প্ৰদান কৰিছে। এই ঘোষণাৰ পাছতে ব্যস্ততা আৰম্ভ হৈছে শিক্ষানুষ্ঠান সমূহত। বিদ্যালয় চৌহদ, শ্ৰেণীকোঠাবোৰ চাফ্ চিকুণ কৰি তোলা হৈছে ৷ চৰকাৰৰ নিৰ্দেশনা অনুসৰি প্ৰতিটো শ্ৰেণীত ৩০ জনকৈ ছাত্ৰ-ছাত্ৰীক পাঠদান কৰা হ'ব ৷ একেদৰে শিক্ষক-কৰ্মচাৰীৰ লগতে ছাত্ৰ-ছাত্ৰীসকলকো ক'ভিড প্ৰতিষেদক লোৱা বুলি কয়। অধ্যক্ষজনৰ আশা শীঘ্ৰেই বিদ্যালয়লৈ পূৰ্বৰ পৰিবেশ ঘূৰি আহিব বুলি আশাবাদী ৷ চৰকাৰৰ নিৰ্দেশ অনুসৰি বিদ্যালয় সমুহৰ অধক্ষ্য সকলে শিক্ষক কৰ্মচাৰী সকলৰ ক’ভিড টিকাকৰণ নিশ্চিত কৰা বুলি সাংবাদিকক জানিবলৈ দিয়ে ৷

লামড়িঙ পৰা অভিষেক সৰকাৰ প্ৰতিবেদন

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা