Posts

Showing posts from September, 2020

অক্ষয় টেলিকমিউনিকেচনৰ স্বত্বাধিকাৰী অক্ষয় চান্দ বৈদৰ ঘনিষ্ঠ মন্ত্ৰী ফনীভূষণ চৌধুৰীক তদন্তৰ আওতাত আনিব লাগে -- কৃষক মুক্তি সংগ্ৰাম সমিতি

Image
এছ আই কেলেংকাৰী প্ৰসংগ অক্ষয় টেলিকমিউনিকেচনৰ স্বত্বাধিকাৰী অক্ষয় চান্দ বৈদৰ ঘনিষ্ঠ মন্ত্ৰী ফনীভূষণ চৌধুৰীক তদন্তৰ আওতাত আনিব লাগে -- কৃষক মুক্তি সংগ্ৰাম সমিতি  চিবিআই তদন্তৰো দাবী সংগঠনটোৰ  বঙাইগাঁওঃ ১ অক্টোৱৰঃ এছ আই পৰীক্ষা  অনুষ্ঠিত কৰাৰ দায়িত্ব লাভ কৰা কেলট্ৰন নামৰ ব্যক্তিগত প্ৰতিষ্ঠানটোৰ পৰা উপ ঠিকা লাভ কৰা অক্ষয় টেলিকমিউনিকেচনৰ অন্যতম স্বত্বাধিকাৰী অক্ষয় চান্দ বৈদ ওৰফে আখিয়া চান্দ আৰু তেওঁৰ সৈতে অতি ঘনিষ্ঠ সম্পৰ্ক থকা মন্ত্ৰী ফনীভূষণ চৌধুৰীকো তদন্তৰ আওতালৈ আনিবলৈ দাবী জনাইছে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ বঙাইগাঁও জিলা সমিতিয়ে ৷ এছ আই কেলেংকাৰী সন্দৰ্ভত বুধবাৰে সংবাদ মাধ্যমৰ আগত প্ৰতিক্ৰিয়া ব্যক্ত কৰি কৃষক মুক্তি সংগ্ৰাম সমিতিৰ বঙাইগাঁও জিলা সমিতিৰ সাধাৰণ সম্পাদক নন্দন দেৱনাথে এই দাবী জনাই কয় যে অসমৰ লাখ লাখ নিবনুৱাৰ ভবিষ্যতৰ সপোন আশা- আকাংক্ষাক ধুলিস্যাৎ কৰি আৰএছএছ আৰু বিজেপিৰ নেতা-পালি নেতাই এছ আই কেলেংকাৰীত প্ৰত্যক্ষ ভাবে জড়িত হৈ পৰিছে ৷ কিন্তু অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে ৰাইজৰ ব্যাপক প্ৰতিক্ৰিয়াৰ পাছত বিষয়টোৰ ওপৰত নাম মাত্ৰ এটি তদন্ত ঘোষণা কৰিছে ৷ য'ত তদন

১০০০তকৈ অধিক অফাৰৰ সৈতে এইচডিএফচি বেংকে মুকলি কৰিলে ফেষ্টিভ ট্ৰীটছ্ ২.০

Image
ষ্টাফ ৰিপ'ৰ্টাৰ,,,৩০ ছেপ্টেম্বৰ প্ৰথম সংস্কৰণৰ অভূতপূৰ্ব  সফলতাৰ পিছত এইচডিএফচি বেংকে বুধবাৰে মুকলি কৰিলে বিত্তীয় বাৰ্ষিকী সেৱা অফাৰ ফেষ্টিভ ট্ৰীটছ্ ২.০। ইয়াত সংযোজিত হৈ আছে গ্ৰাহকৰ বাবে ১০০০তকৈ অধিক অফাৰ।  গ্ৰাহকৰ বাবে আগবঢ়োৱা এই ধামাকা অফাৰত বেংকে ঋণকে ধৰি বেংকিং সুবিধাৰ ১০০০তকৈ অধিক অফাৰৰ সৈতে মজলীয়া চহৰ আৰু গ্ৰামীণ অঞ্চলক সামৰি ল'বলৈ ২০০০তকৈ অধিক হাইপৰলোকেল অফাৰৰ ঘোষণা কৰিছে। অগ্ৰণী ব্যৱসায়ীৰ সৈতে স্থানীয় ব্যৱসায়ীক জড়িত কৰি এই হাইপৰলোকেল অফাৰৰ ঘোষণা কৰা হৈছে। চলিত শীতকালিন ট্ৰীটছ ফেষ্টিভেলৰ সময়ছোৱাত বেংকক মোবাইলৰ সৈতে, উপভোক্তা যুগমীয়া আৰু ইলেকট্ৰনিকছ শ্ৰেণীৰ লগতে সাজ-পোছাক, গহনা আদি সঠিক কৰাৰ উৎসৱৰ সময় গ্ৰাহকৰ বাবে। এই অফাৰ খুচুৰাৰ লগতে বিত্তীয় সমাধান সম্পূৰ্ণ কৰাৰ বাবে উপলব্ধ হ'ব। গ্ৰাহকে বেংক ঋণৰ প্ৰচেছিং ফিচ ৰেহাইৰ সুবিধা লাভৰ লগতে ইএমই,কেছবেক, উপহাৰ কুপন আৰু অন্যান্য সুবিধা অথবা অফাৰ লাভ কৰিব। এইচডিএফচি বেংকে ক্ষুদ্ৰ ব্ৰেণ্ডৰ সৈতে লগলাগি ক্ষুদ্ৰ বিপনী আৰু অনলাইন বিপনীৰ পৰা সামগ্রী ক্ৰয়ত ৰেহাই অফাৰ, কেছবেক আৰু অতিৰিক্ত পুৰস্কাৰৰ ঘোষণা কৰিছে। অনলাইন ব্যৱস

ছী গ্ৰামাৰ ইম্পেৰিয়েল ব্লু এতিয়া দুৰ্দান্ত পেকেজত উপলব্ধ

 ষ্টাফ ৰিপ'ৰ্টাৰ,,,২৯ ছেপ্টেম্বৰ ছী গ্ৰামাৰ ইম্পেৰিয়েল ব্লু, উদ্যোগৰ অন্যতম প্ৰতিষ্ঠিত ব্ৰেণ্ডে ইয়াৰ কুল নিউ ব্লু পেকেজিং মুকলিৰ কথা ঘোষণা কৰিছে। ইম্পেৰিয়েল ব্লু দেশজুৰি লাখ লাখ লোকৰ দ্বাৰা প্ৰতিষ্ঠিত। বছৰটোৰ মাজেৰে, ইয়ে অব্যৱস্থা ব্যৰ্থ কৰা নূন্যতম পেকেজিং দিবলৈ জনা যায়, যি উপভোক্তা সকলৰ দ্বাৰা পছন্দ কৰিছে। এই মুকলি সন্দৰ্ভত পাৰ্ণড ৰিকাৰ্ড ইণ্ডিয়াৰ মুখ্য বিপণন বিষয়া কাৰ্তিক মহেন্দ্ৰাই কয়"-"ইম্পেৰিয়েল ব্লু সৰ্বনিম্ন প্ৰিমিয়াম ডিজাইন সময়ৰ পৰীক্ষাত থিয় দিছে আৰু সদায় শ্ৰেণীৰ আগত প্ৰদান কৰা হৈছে, সেয়ে উপভোক্তাসকলৰ প্ৰশংসা লাভ কৰিছে"। উল্লেখযোগ্য যে, নতুন পেকেটৰ মুকলি এটা উচ্চ ডেচিবেল লাঞ্চ অভিযানৰ মাধ্যমত সমৰ্থিত হৈ লক্ষিত দৰ্শকক সম্পূৰ্ণভাৱে জড়িত কৰে, সেয়ে, "দ্য কুল নিউ ইম্পেৰিয়েল ব্লু'ক নিজৰ কৰিবলৈ উৎসাহ তৈয়াৰ কৰি আছে।

গুৱাহাটী বিশ্ববিদ্যালয়ৰ সংস্কৃত বিভাগত উন্মোচনী সভা: *ৰাষ্ট্ৰপতিৰ সন্মানপ্ৰাপক সংস্কৃত পণ্ডিত অধ্যাপক ডঃ ৰাজেন্দ্ৰনাথ শৰ্মাৰ দুখনকৈ গ্ৰন্থ উন্মোচন

Image
ষ্টাফৰিপৰ্টাৰ: ২৯ ছেপ্টেম্বৰ:  গুৱাহাটী বিশ্ববিদ্যালয়ৰ সংস্কৃত বিভাগৰ অৱসৰ প্ৰাপ্ত অধ্যাপক আৰু বিভাগীয় প্ৰধান, ডি.লিট উপাধিৰ উপৰি ৰাষ্ট্ৰপতিৰ সন্মানপ্ৰাপক বিশিষ্ট সংস্কৃত পণ্ডিত ডঃ ৰাজেন্দ্ৰনাথ শৰ্মাৰ "মীমাংসা দৰ্শন" শীৰ্ষক গ্ৰন্থখন আজি উন্মোচন কৰা হয়। গুৱাহাটী বিশ্ববিদ্যালয়ৰ সংস্কৃত বিভাগত অনুষ্ঠিত উন্মোচনী সভাত এই গ্ৰন্থখন উন্মোচন কৰে বিভাগটোৰ বিভাগীয় মুৰব্বী অধ্যাপিকা ডঃ হিৰণ শৰ্মাই। মীমাংসা দৰ্শনৰ সকলো দিশ সামৰি ৰচনা কৰা এই গ্ৰন্থখনে শিক্ষাৰ্থীৰ লগতে দৰ্শন বিষয়ৰ প্ৰতি আগ্ৰহী প্ৰতিগৰাকী  পাঠকক উপকৃত কৰিব বুলি উন্মোচনী ভাষণত অধ্যাপিকাগৰাকীয়ে উল্লেখ কৰে। তেওঁ লগতে  মাতৃভাষাত এনে এখন গ্ৰন্থ শিক্ষাৰ্থী, শিক্ষক শিক্ষয়িত্ৰী তথা পঢ়ুৱৈ সমাজলৈ উপহাৰ দিয়া বাবে গ্ৰন্থখনৰ লেখক ডঃ ৰাজেন্দ্ৰ নাথ শৰ্মাৰ ওচৰত কৃতজ্ঞতা প্ৰকাশ কৰে। একেটা অনুষ্ঠানতে লেখকৰ অন্য এখন গ্ৰন্থ "পৰিভাষা সংগ্ৰহ" উন্মোচন কৰে সংস্কৃত বিভাগৰ অধ্যাপিকা তথা প্ৰাক্তন বিভাগীয় মুৰব্বী ডঃ সুজাতা পুৰকায়স্থই। ব্যাকৰণ আৰু দৰ্শন শাস্ত্ৰত থকা সূত্ৰ, বাৰ্ত্তিক, ভাষ্য আদি বিভিন্ন পৰিভাষাৰ লক্ষণ বা স্বৰূপক সামৰ

বিজেপি নেতা উৎপল বসুমতাৰীৰ অকাল মৃত্যুত শোক

Image
ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তা তথা অনুসূচিত জনজাতি মৰ্চা অসম প্ৰদেশৰ কাৰ্যনিৰ্বাহক সদস্য উৎপল বসুমতাৰীৰ কালি অকালতে মৃত্যু হয়। উল্লেখ্য যে বিজেপি যুৱ মৰ্চাৰ ৰাণী মণ্ডল আৰু অনুসূচীত জনজাতি মৰ্চা গুৱাহাটী মহানগৰ জিলাৰ সভাপতিৰূপে কাৰ্যনিৰ্বাহ কৰি সাংগঠনিক দিশত দক্ষতাৰ পৰিচয় দিছিল যুৱনেতাগৰাকীয়ে। তেঁওৰ মৃত্যুত গুৱাহাটী লোকসভা সমষ্টিৰ সাংসদ কুইন ওজাই শোক প্ৰকাশ কৰিছে। উল্লেখ্য যে বিশ্বত্ৰাসী মহামাৰী কোভিদ-১৯ ত আক্ৰান্ত হৈ গুৱাহাটী মেডিকেল কলেজ হাস্পতালত চিকিৎসাধীন হৈ আছিল উৎপল বসুমতাৰী। নিউজ ডেস্ক, firstnewsreport

প্ৰকৃতিপ্ৰেমীৰ প্ৰচেষ্টাত দুষ্প্ৰাপ্য প্ৰজাতিৰ কাছৰ সংৰক্ষণ থলীত পৰিণত বটদ্ৰৱাৰ আকাশী গংগা

Image
নগাঁৱৰ পৰা জয়ন্ত মুদৈ, ২৯ ছেপ্টম্বৰঃ অসমীয়া কলা-কৃষ্টি-সাহিত্য-সংস্কৃতিৰ জনক মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ পবিত্র জন্মস্থান বটদ্ৰৱাৰ উত্তৰ দিশে যুগ যুগ ধৰি বিৰাজমান হৈ আছে বৃহৎ পৰিসৰৰ এক সৰোবৰ । এই প্ৰাচীন সৰোবৰটোৰ নাম হৈছে "আকাশী গংগা"। গুৰুজনাৰ স্মৃতি বিজড়িত এই সৰোবৰত বিগত কিছু বছৰ ধৰি অসমৰ বিভিন্ন প্ৰান্তৰ লোকে মেলি দি আহিছে দুষ্প্ৰাপ্য হৈ পৰা বিভিন্ন প্ৰজাতিৰ কাছ । ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ শ শ লোকে সযতনে কাছ আনি সংৰক্ষণ কৰাত এতিয়া এই আকাশী গংগা কাছৰ সংৰক্ষণ থলীলৈ ৰূপান্তৰিত হৈছে । ইয়াৰে বিভিন্ন সময়ত অসুৰক্ষিত অৱস্থাত উদ্ধাৰকৃত আপুৰুগীয়া প্ৰজাতিৰ কাছক এই পবিত্ৰ আকাশী গংগাৰ জলৰাশিত মুক্ত বিচৰণৰ সুবিধা দি অহা লোকসকলৰ ভিতৰৰে অন্যতম হৈছে নগাঁৱৰ ৰাইদঙীয়াৰ শংকৰ জ্যোতি শৰ্মা নামৰ যুৱকজন ৷ বিগত সময়ছোৱাত এই প্ৰকৃতিপ্ৰেমী যুৱকজনৰ উদ্যোগত তথা সামাজিক সংস্থা প্ৰজন্ম আৰু সৃষ্টিৰ কৰ্মকৰ্তা সকলৰ সহযোগত বিভিন্ন ঠাইৰ পৰা বহু কাছ উদ্ধাৰ কৰি আনি এই আকাশী গংগাত মেলি দি অহা হৈছে ৷ তদ্ৰুপ মঙলবাৰেও শংকৰ জ্যোতি শৰ্মাৰ তৎপৰতাতে প্ৰজন্মৰ হৈ শিৱ প্ৰসাদ বৰা, জ্যোতিৰ্ময় হাজৰিকা আৰু সৃষ্টিৰ হৈ

ৰঙিয়াত পৌৰ কৰ্মীৰ ১০ দিনীয়া অৱস্থান ধৰ্মঘট

Image
প্ৰতিবেদক, ৰঙিয়া, ২৮ ছেপ্টেম্বৰঃ দীৰ্ঘ পাঁচ দশক ধৰি নিজৰ অস্তিত্ব ৰক্ষাৰ বাবে আন্দোলন কৰি থকা ৰাজ্যৰ পৌৰ কৰ্মচাৰী সকলে আজিও তেওঁলোকৰ আন্দোলন অব্যাহত ৰাখিছে। তৎস্বত্তেও ৰাজ্যৰ  কোনো এখন চৰকাৰে পৌৰ কৰ্মী সকলৰ দাৱীৰ প্ৰতি নূন্যতম গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপিত হৈছে। বিগত দুই ছেপ্টেম্বৰত তিনিদিনীয়া অৱস্থান ধৰ্মঘট পালন কৰাৰ পিছতো চৰকাৰৰ তৰফৰ পৰা কোনো ধৰণৰ সহাৰি নোপোৱাত পৌৰ কৰ্মী সকলে আজিৰ পৰা পুণৰ দহ দিনীয়া ধৰ্মঘটৰ কাৰ্যসূচী হাতত লৈছে। সদৌ অসম পৌৰ নিকায় কৰ্মচাৰী সন্থাৰ আহ্বান মৰ্মে ৰঙিয়া পৌৰসভাত বিভিন্ন দাবীৰ সমৰ্থনত আজিৰ পৰা অনুষ্ঠিত প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰা কৰ্মচাৰী সকলে তেওঁলোকৰ দাবীৰ সমৰ্থনত বিভিন্ন শ্লোগানেৰে পৌৰসভা চৌহদ উত্তাল কৰি তোলে। সদৌ অসম পৌৰ নিকায় কৰ্মচাৰী সন্থাৰ ৰঙিয়া শাখাৰ সভাপতি, প্ৰাক্তন বিধায়ক অনন্ত ডেকা আৰু সম্পাদক ৰমেশ শৰ্মাই জনোৱা মতে পৌৰ কৰ্মচাৰীসকলে দীৰ্ঘদিন ধৰি উত্থাপন কৰা দাবীসমূহ হ'ল, ৰাজ্য চৰকাৰে ২০১৩ চনৰ ৪ চেপ্তেম্বৰ তাৰিখে গ্ৰহণ কৰা পৌৰ কৰ্মচাৰীসকলৰ চাকৰি চৰকাৰী কৰণৰ কেবিনেট সিদ্ধান্ত কাৰ্য্যকৰী কৰি "চৰকাৰীকৰণ বিধেয়ক" ২০১৪ ব

টিএইচবি কলেজৰ ব্যয়বহুল অত্যাধুনিক কনফাৰেন্স হল মুকলি

Image
সমাজখন অস্থিৰ আৰু উঠি অহা প্ৰজন্মক পঙ্গু কৰিব বিচৰা অপশক্তিৰ বিৰদ্ধে মই থিয় দিম-পদ্ম হাজৰিকা৷ #টিএইচবি কলেজৰ ব্যয়বহুল অত্যাধুনিক কনফাৰেন্স হল মুকলি৷ #কলেজৰ অধ্যক্ষ -প্ৰবক্তাৰ ফচলসদৃশ ৮ খনকৈ গ্ৰন্থ উন্মোচন৷ ফাৰ্ষ্ট নিউজ,জামুগুৰিহাট,২৮ ছেপ্টেম্বৰ:সমাজখনক অস্থিৰ কৰি তুলিবৰ কাৰণে আৰু উঠি অহা প্ৰজন্মক পঙ্গু কৰি তুলিব বিচৰা যিকোনো শক্তিৰ বিৰুদ্ধে মই থিয় দিম৷চকীঘাটত সন্দেহযুক্ত নাগৰিকৰ কবলত থকা মাটিখিনি উদ্ধাৰ কৰিবলৈ যাঁওতেও এটা শক্তিয়ে নেতিবাচক মন্তব্য কৰিছিল৷সেই মাটিত আমি এক কৰ্মসংস্কৃতি আৰু উপাৰ্জনমুখী পদক্ষেপ আৰম্ভ কৰিব ওলাইছো৷কণ্যকাৰ জৰিয়তে বেদখলীকৃত মাটিত আমি কিদৰে উৎপাদনমুখী পদক্ষেপ গ্ৰহণ কৰিছো তাৰ বাস্তৱ ছবিখন আজি ছ’চাইটিয়ে দিব৷ছ’চাইটিৰ জৰিয়তে কিদৰে সেই মাটিত এক কৃষিবিপ্লৱ,মীন বিপ্লৱ,দুগ্ধ উৎপাদন,গো-পালন আদিৰ জৰিয়তে কৰ্মসংস্কৃতিৰ পৰিৱেশ সৃষ্টি হৈছে সেয়া ৰাইজে দেখা পাইছে৷যি আজি দেশৰ প্ৰধানমন্ত্ৰী ৰাজ্যৰ মূখ্যমন্ত্ৰীগৰাকীৰ আত্মনিৰ্ভৰশীল ভাৰত আত্মনিৰ্ভৰশীল অসমৰ অংশস্বৰূপ হৈ পৰিছে৷য’ত হাজাৰ হাজাৰ নিবনুৱা যুৱক যুৱতীয়ে কৰ্মসংস্কৃতিৰ পথ বিচাৰি পাইছে৷সেয়ে নেতিবাচক চিন্তাৰ পৰিৱৰ্তে

নগাঁৱত অচিনাক্ত যুৱতীৰ মৃতদেহ উদ্ধাৰকলৈ চাঞ্চল্য

Image
নগাঁৱৰ পৰা জয়ন্ত মুদৈ, ২৮ ছেপ্টেম্বৰঃ নগাঁও জিলাৰ উত্তৰ-পশ্চিমাঞ্চলত আৰক্ষীৰ দুৰ্বলতাৰ অচিলা লৈ সঘনে বিভিন্ন অপৰাধজনীত কাৰ্যকলাপ সংঘটিত হৈ অহাৰ সময়তে জুৰীয়া আৰক্ষী থানাৰ এলেকাধীন চতিয়ন গাঁও আৰু দলনীছিগাৰ পথাৰৰ মাজত এটা অচিনাক্ত যুৱতীৰ মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ জানিব পৰা মতে, দুপৰীয়া পথাৰত ঘাঁহ কাটিবলৈ যোৱা এজন ব্যক্তিয়ে পথাৰৰ জাৰণিৰ মাজত মৃতদেহটো প্ৰত্যক্ষ কৰি স্থানীয় ৰাইজ আৰু গাঁওবুঢ়াক অৱগত কৰাৰ লগতে জুৰীয়া আৰক্ষীক খবৰ দিয়ে ৷ লগে লগে এই খবৰ সৰ্বত্ৰে বিয়পি পৰাত অঞ্চলটোত হুৱাদুৱা লাগে আৰু মৃতদেহটো প্ৰত্যক্ষ কৰাৰ বাবে অগণন লোকৰ সমাগম হয় ৷ পিছত ঘটনাৰ খবৰ পাই জুৰীয়া আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে ৷ চিনাক্ত নোহোৱা মৃতদেহটো এগৰাকী পছিশোৰ্ধ্বৰ যুৱতীৰ বুলি জানিব পৰা গৈছে ৷ কোনো দুষ্ট চক্ৰই পৰিকল্পিতভাবে হত্যা কৰি এনেদৰে পথাৰৰ মাজত মৃতদেহটো পেলাই থৈ যোৱাৰ সন্দেহ প্ৰকাশ কৰিছে আৰক্ষী আৰু স্থানীয় ৰাইজে ৷  ====================

জামুগুৰিত জংগমৰ নাট্যানুষ্ঠানৰ শুভ মহুৰত সম্পন্ন

Image
নগাঁৱৰ পৰা জয়ন্ত মুদৈ, ২৮ ছেপ্টেম্বৰঃ নগাঁও জিলাৰ অন্যতম অগ্ৰণী সামাজিক-সাংস্কৃতিক অনুষ্ঠান জামুগুৰিৰ জংগম গোষ্ঠীয়ে বিভিন্ন সময়ত বিভিন্ন গঠনমূলক কাৰ্যসূচী ৰূপায়ন কৰি আহিছে ৷ ইয়াৰ অংশহিচাপে গোষ্ঠীটোয়ে এইবাৰ ৰাইজৰ মাজত নাট্যচৰ্চাৰ বাৰ্তা বহন কৰাৰ লক্ষ্যৰে ব্যয়বহুলভাবে দুদিনীয়াকৈ এক নাট্যানুষ্ঠানৰ আয়োজনৰ দিহা কৰিছে ৷ সেয়ে এই নাট্যানুষ্ঠানৰ আখৰা গৃহ মুকলি আৰু শুভ মহুৰত অনুষ্ঠানটি জামুগুৰিৰ সাৰ্বজনীন গৰখীয়া থানৰ সমীপত অনুষ্ঠিত কৰা হয় ৷ কৰ’নাৰ বিভীষিকাৰ বাবে চৰকাৰীভাবে জাৰি কৰা ক’ভিড প্ৰট’ক’ল মানি সীমিত পৰিসৰৰ মাজত অনুষ্টুপীয়াকৈ অনুষ্ঠিত হোৱা এই অনুষ্ঠানৰ আৰম্ভনিতে পুৱাৰ ভাগত আখৰা গৃহৰ দ্বাৰ উন্মোচন কৰে কুজিদাঁহ বেজৰচুকৰ বিশিষ্ট সমাজকৰ্মী মন্টু বৰুৱাই ৷ ইয়াৰ পিছতে জ্যেষ্ঠ নাগৰিক বীৰেণ নাথে নটৰাজৰ মূৰ্তিত মাল্য প্ৰদান আৰু বন্তি প্ৰজ্বলন কৰাৰ অন্তত শুভ মহুৰতৰ নাৰিকল ভাগে বিশিষ্ট সমাজকৰ্মী খগেন চন্দ্ৰ নাথে ৷ দুপৰীয়া আমন্ত্ৰিত অতিথি, বিশিষ্ট নাগৰিক, স্থানীয় অঞ্চলৰ জ্যেষ্ঠ আৰু কনিষ্ঠ শিল্পীসকলৰ উপস্থিতিত অহা জানুৱাৰী মাহৰ পহিলা ভাগত কৰ’নাৰ সৃষ্ট পৰিস্থিতিৰ শাম কাটিলে অনুষ্ঠিত হ’বলগীয়া

ইনটাচ্ লৈ টাইমচ গ্রুপৰ এৱাৰ্ড

Image
ষ্টাফৰিপ'ৰ্টাৰ,,,২৭ ছেপ্টেম্বৰ।। দেশৰ আগশাৰীৰ টাইমচ্ গ্রুপে অলপতে অসম তথা উত্তৰ-পূবৰ বাবে অনুষ্ঠানিক ভাৱে ঘোষণা কৰিছে টাইমচ্ ষ্টীলাৰ ব্ৰেণ্ড এণ্ড আইকন এৱাৰ্ড। গুৱাহাটীৰ মোবাইল শ্ব'ৰুম ইনটাচ্-এ লাভ কৰিবলৈ সক্ষম হৈছে উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰত ভিতৰত লিডিং মোবাইল ষ্ট'ৰৰ বঁটা। ইনটাচ্ ৰ স্বত্বাধিকাৰী পংকজ চূড়ানাই এই বঁটা গ্ৰহণ কৰি কয়"-টাইমচ্ গ্ৰুপে প্ৰদান কৰা এই বঁটা গ্ৰাহকৰ পৰা উৎসৰ্গা কৰা হৈছে"। উল্লেখযোগ্য যে, বিগত বহুবছৰ ই-কমাৰ্চৰ মাধ্যমেৰে ইনটাচে্  গ্ৰাহকক সেৱা আগবঢ়াই আহিছে।

ৰঙিয়াত কোভিটত আক্ৰান্ত হৈ প্ৰধান শিক্ষক ৰজনী ডেকাৰ মৃত্যুঃ অঞ্চলজুৰি শোকৰ ছাঁ,

Image
ৰঙিয়াত কোভিটত আক্ৰান্ত হৈ প্ৰধান শিক্ষক ৰজনী ডেকাৰ মৃত্যুঃ অঞ্চলজুৰি শোকৰ ছাঁ,  প্ৰতিবেদক, ৰঙিয়া , ২৭ ছেপ্টেম্বৰঃ ৰঙিয়াত ক্ৰমাৎ বৃদ্ধি পাইছে  কোভিটত আক্ৰান্ত হোৱা ৰোগীৰ মৃত্যু। এতিয়ালৈ ৰঙিয়াৰ ছজন লোকে কোভিটত আক্ৰান্ত হৈ মৃত্যুক আঁকোৱালি লৈছে। ৰঙিয়া গৰিয়াকোঠ  নিবাসী ৰজনী ডেকাৰ কোভিটত আক্ৰান্ত হৈ যোৱা নিশা গুৱাহাটী চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়ত মৃত্যু হয়।জামতোলাৰ ফকিৰতোলা প্ৰাথমিক বিদ্যালয়ত ১৯৮০ চনৰ পৰা প্ৰধান শিক্ষক হিচাপে সেৱা আগবঢ়োৱা  প্ৰয়াত ডেকাৰ মৃৃত্যুৰ সময়ত বয়স হৈছিল ৫৭ বছৰ।  বিগত এপষেক পূৰ্বে মধুমেহ আৰু হাপানী ৰোগত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়ত ভৰ্তি হোৱা ডেকাৰ দেহত  কোভিটৰ সংক্ৰমণ নিশ্চিত হয়। প্ৰায় পোন্ধৰ দিন ধৰি চিকিৎসালয়ত চিকিৎসাধীন হৈ থকা ডেকাৰ যোৱা নিশা প্ৰায় নবজাত দেহাৱসান ঘটে। মৃত্যুৰ সময়ত তেওঁ পত্নীৰ উপৰিও তিনিগৰাকী কন্যা আৰু এজন লৰাক ইহ সংসাৰত এৰি থৈ যায়। তেওঁৰ অকাল মৃত্যুত অঞ্চলটোত গভীৰ শোকৰ ছাঁ পৰে। আজি কোভিটৰ নীতি নিয়মৰ মাজেৰে পৰিয়ালৰ সদস্যৰ উপস্থিতিত গুৱাহাটীত তেওঁৰ শেষকৃত্য সম্পন্ন কৰা হয়। প্ৰেৰক, পহৰেদ আলী আহমেদ, ৰঙিয়া ।

অনুশাসন ভংগৰ অপৰাধত ছাত্ৰ সন্থাৰ পৰা বহিস্কাৰ তিনি ছাত্ৰ নেতা

Image
প্ৰতিবেদক, ৰঙিয়া , ২৭ ছেপ্টেম্বৰঃ সদৌ অসম ছাত্ৰ সন্থাৰ অনুশাসন ভংগ কৰি সন্থাৰ নীতি নিয়ম অমান্য কৰাৰ অভিযোগত ৰঙিয়া মহকুমা ছাত্র সন্থাই তিনি জন ছাত্ৰ নেতাক তৎকালে বলবৎ হোৱাকৈ সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰাথমিক সদস্য পদৰ পৰা বহিষ্কাৰ কৰা হয়। মহকুমা ছাত্ৰ সন্থাই সন্থাৰ পৰা বহিস্কাৰ কৰা ছাত্ৰ নেতা তিনিজন হ'ল ক্ৰমে ৰঙিয়া মহকুমা ছাত্ৰ সন্থাৰ সহঃ সাধাৰণ সম্পাদক মৃণাল শৰ্মা, ডিমু আঞ্চলিক ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতি জন শৰ্মাৰ লগতে আঞ্চলিকৰ সদস্য জ্যোতিৰ্ময় কুমাৰ। এতিয়াৰ পৰা এই তিনিগৰাকী ছাত্ৰ নেতাৰ সৈতে  সদৌ অসম ছাত্ৰ সন্থা সম্পৰ্কীয় কোনো ধৰণৰ কাম কাজত যোগাযোগ ৰক্ষা নকৰিবলৈ সকলো পক্ষক ৰঙিয়া মহকুমা ছাত্ৰ সন্থাৰ তৰফৰ পৰা অনুৰোধ জনোৱা হয়। আজি অনুষ্ঠিত সদৌ ৰঙিয়া মহকুমা ছাত্র সন্থাৰ এক জৰুৰী সভাত এই  সিদ্ধান্ত গ্ৰহণ কৰা হয় বুলি ৰঙিয়া মহকুমা ছাত্ৰ সন্থাৰ ভাৰপ্ৰাপ্ত সভাপতি সোনজ্যোতি বৰুৱা আৰু সাাধাৰণ সম্পাদক ভৱজ্যােতি ডেকাই এক বিজ্ঞপ্তিত জানিবলৈ দিয়ে । উল্লেখ্য যোৱা ১৩ জুলাইত ডিমু আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি জন শৰ্মাক ডিমু আঞ্চলিক ছাত্ৰ সন্থাৰ কাৰ্যনিৰ্বাহক সভাই সভাপতি পদৰ পৰা অব্যাহ

নাজিৰাৰ বিশিষ্ট সমাজকৰ্মী, চিকিৎসক তথা বিজেপিৰ নেতা ডা০ প্ৰবীন কোৱঁৰৰ দেহবসান

Image
ফাষ্ট নিউজ ৰিপৰ্ট, নাজিৰা, ২৭ ছেপ্টেম্বৰঃ নাজিৰাৰ বিশিষ্ট চিকিৎসক আৰু সমাজ-কৰ্মী শিমলুগুৰি নগৰৰ বাসিন্দা ডাঃ প্ৰৱীণ কোঁৱৰৰ আজি পুৱা ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন অৱস্থাত পৰলোক প্ৰাপ্তি ঘটে । আজি পুৱা প্ৰায় ৪-১৫ বজাত শেষ নিশ্বাস ত্যাগ কৰাৰ বাতৰি বিয়পি পৰাৰ পাছতে নাজিৰা মহকুমা এলেকাতে শোকৰ ছাঁ পৰে । নাজিৰাৰ চণ্টকৰ আদাবাৰী সন্দিকৈ গাঁৱত ১৯৫৯ চনৰ ১০ জানুৱাৰীত এক সাধাৰণ  কৃষক পৰিয়ালত জন্ম গ্ৰহণ কৰি চণ্টক হাইস্কুলৰ পৰা মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হোৱা প্ৰৱীণ কোঁৱৰে গড়গাঁও কলেজৰ বিজ্ঞান শাখাত উচ্চতৰ মাধ্যমিক পৰীক্ষা উত্তীৰ্ণ হৈ শিলচৰ চিকিৎসা মহাবিদ্যলয়ৰপৰা চিকিৎসা বিজ্ঞানৰ স্নাতক ডিগ্ৰী আহৰণ কৰে.। অসমৰ বিভিন্ন স্থানত চিকিৎসকৰ সেৱাত মনোনিৱেশ কৰি ২০১১ চনত নাজিৰাৰ নগৰ চিকিৎসালয়ৰ মহকুমা চিকিৎসা বিষয়া পদৰপৰা স্বেচ্ছামূলক অৱসৰ গ্ৰহণ কৰে । সমাজ সেৱাৰ দিশত জীৱনৰ আৰম্ভণি ভাগত কৰ্মশ্ৰী হিতেশ্বৰ শইকীয়াৰ কৰ্মৰে অনুপ্ৰাণিত হৈ সহযোগী হোৱাৰ লগতে ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ কৰ্মী হিচাপে ৰাইজৰ মাজত পৰিচিত হৈছিল । ২০১১ চনৰ বিধান সভাৰ নিৰ্বাচনত তেওঁ পত্নী জুৰী কোঁৱৰলৈ সমৰ্থন যোগাই নিৰ্দ

মৃত্যুৰে হাৰ মানিলে যুৱ সাংবাদিক মানস জ্যোতি মহন্তই

Image
শোকস্তব্ধ জাজৰি -বেবেজীয়া - বটদ্ৰৱা সাংবাদিক মহল# নগাঁৱৰ পৰা জয়ন্ত মুদৈ, ২৬ ছেপ্তেম্বৰঃ যোৱা বিশ্বকৰ্মা পূজাৰ দিনা সন্ধ্যা নিজৰ বাসগৃহৰ সমীপতে এক দুৰ্ঘটনাত পতিত হৈ গুৱাহাটীৰ জি এন আৰ চিৰ আই ইউ চিত চিকিৎসাধীন হৈ থকা নগাঁও জিলাৰ বেবেজীয়াৰ দাঁতি কাষৰীয়া জাজৰিৰ হেমাৰবড়ি নিবাসী যুৱ সাংবাদিক মানস জ্যোতি মহন্তই অৱশেষত মৃত্যুৰ ওচৰত হাৰ মানে ৷ আজি দিনৰ ১.৪০ বজাত তেওঁ জি এন আৰ চিত  শেষ নিশ্বাস ত্যাগ কৰে ৷ মাত্ৰ কেইবছৰমান আগতে সংবাদজনত খোঁজ থোৱা ২৯ বছৰীয়া মানস জ্যোতি মহন্তই কেইমাহমানৰ আগতে এটা নিউজ চেনেলত কৰ্ম সম্পাদন কৰাৰ পাছত প্ৰতিদিন সংবাদ গোষ্ঠীৰ গুৱাহাটীৰ মুখ্য কাৰ্যালয়ত যোগদান কৰিছিল ৷ শেহতীয়াভাৱে তেওঁ মন্ত্ৰী কেশৱ মহন্তৰ বিভাগীয় মিডিয়া চেলৰ লগত জড়িত হৈ আছিল ৷ অতি অমায়িক আৰু শিল্পীসুলভ মনৰ অধিকাৰী মানস জ্যোতি  মহন্ত কমদিনৰ ভিতৰতে জাজৰি, বেবেজীয়া, বটদ্ৰৱা আদি অঞ্চলৰ সংবাদক্ষেত্ৰখনত জিলিকি উঠিছিল ৷ এগৰাকী ভাল ফটোগ্ৰাফাৰ আৰু কম্পিউটাৰ অপাৰেটৰ হিচাপেও  সুনাম অৰ্জন কৰি সকলোৰে মাজত সমাদৃত হৈছিল যুৱ সাংবাদিকগৰাকী ৷ হাতীচোং মৌজাৰ বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানৰ লগত জড়িত উদিয়মান সাংবাদিক গৰ

বেবেজীয়াৰ একশৰণ ভাগৱতী সমাজৰ কেন্দ্ৰীয় কাৰ্যলয়ত গুৰুজনাৰ জন্ম জয়ন্তী পালন #

Image
নগাঁৱৰ পৰা জয়ন্ত মুদৈ, ২৬ ছেপ্টেম্বৰঃ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ দৰে নগাঁও জিলাৰ বেবেজীয়াস্থিত একশৰণ ভাগৱতী সমাজৰ কেন্দ্ৰীয় কাৰ্যালয় বেবেজীয়া পালনাম থানটো শ্ৰীমন্ত শঙ্কৰদেৱৰ ৫৭২ সংখ্যক জন্ম জয়ন্তী উদযাপন কৰা হয় ৷ চৰকাৰী নীতি-নিয়ম বৰ্তাই ৰাখি উদযাপিত গুৰুজনাৰ জন্ম জয়ন্তী উপলক্ষে পালনাম থানৰ চৌপাশ হৰিনামৰ ধ্বনিৰে মুখৰিত হৈ পৰে ৷ পুৱা প্ৰাতঃ প্ৰসংগৰে কাৰ্যসূচীৰ পাতনি মেলাৰ পিছতে ধৰ্ম ধজ্জা উত্তোলন কৰে একশৰণ ভাগৱতী সমাজৰ জিলা সভাপতি ভুৱনেশ্বৰ দাসে ৷ এই অনুষ্ঠানৰ আঁত ধৰে সমাজৰ মূলান আতা আৰু ভূমিধৰ আতাই । ইয়াৰ পিছতে খোল প্ৰসংগ পৰিবেশন কৰে সমাজৰ পূব শালমৰা গাওঁ শাখাই । দুপৰীয়া মহা পালনাম অনুষ্ঠিত কৰা হয় ।মহা পালনামৰ মূল আসনত বালি ৰাম আতা, শৰাই অৰ্চনত হীৰেন আতা আৰু পাঠত মূহিধৰ আতাই নিয়াৰিকৈ পৰিচালনা কৰে ৷ বিয়লি ধৰ্ম ধ্বজ্জা নাম কীৰ্তনেৰে অবতৰণৰ দ্বাৰা দিনযোৰা কাৰ্যসূচীৰ সামৰণি পেলোৱা হয় বুলি একশৰণ ভাগৱতী সমাজৰ কেন্দ্ৰীয় প্ৰচাৰ সচীব ডেভিদ দাসে জানিবলৈ দিছে ৷

আমিনগাঁওত জগতগুৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৫৭২ তম জন্মজয়ন্তী উদযাপন

Image
আমিনগাঁওত জগতগুৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৫৭২ তম জন্মজয়ন্তী উদযাপন।  পঙ্কজ নাথ, চাংসাৰি, ২৬ ছেপ্টেম্বৰ : অসমীয়া জাতীয় জীবনৰ অভিভাবক জগত গুৰু শ্ৰীমন্ত শংকৰ দেবৰ ৫৭২ সংখ্যক আবিৰ্ভাব তিথি ৰাজ্যৰ অন্যান্য প্ৰান্তৰ সমান্তৰালকৈ কামৰূপৰ আমিনগাঁৱতো গুৰু জনাৰ জন্ম জয়ন্তী অনুষ্টুপীয়াকে পালন কৰা হয় । শ্ৰীমন্ত শংকৰদেৱ সংঘৰ মহানগৰ জিলাৰ ৰামচৰণ ঠাকুৰ আঞ্চলিক শাখাৰ উদ্যোগত আজি আমিনগাঁও চেকপোষ্টত থকা সংঘৰ এটি নামঘৰত আয়োজন কৰা হয় গুৰুজনাৰ জন্মজয়ন্তী। আজি আয়োজিত গুৰু জনাৰ জন্মজয়ন্তী অনুস্থান সংঘৰ ধৰ্মধ্বজা উত্তোলনেৰে আৰম্ভ হয় । ভাগবত পাঠ , নাম কীৰ্তনৰে গুৰু জনাক ভকত বৈষ্ণবে স্মৰণ কৰে । এনেদৰেই সমাজ জীবনত চলি থকা প্ৰদুষণ ৰোধ কৰিব পৰা মহা পুৰুষ শ্ৰীমন্ত শঙ্কৰ দেবৰ বন্দনাৰে মুখৰিত হৈ পৰে সংঘৰ এই নামঘৰৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ নামঘৰ কীৰ্ত্তন ঘৰ। কামৰূপ ব্যুৰো পঙ্কজ নাথৰ ৰিপৰ্ট ।

বৰপেটা ভূমি সংৰক্ষণ সংমণ্ডলৰ কাৰ্যালয় ভৱন উদ্ধোধন

Image
*খহনীয়াৰ দৰে জটিল সমস্যা সমাধানৰ বাবে আত্মনিয়োগ কৰিবলৈ উপায়ুক্তৰ আহ্বান*        বৰপেটা, ২৫ ছেপ্টেম্বৰ: বৰপেটা জিলাৰ গঢ়া খহনীয়াৰ দৰে জটিল সমস্যাৰ সমাধানৰ লগতে প্ৰকৃতি সুৰক্ষাতো ভূমি সংৰক্ষণ বিভাগে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব পাৰে। আজি ভূমি সংৰক্ষণ বিভাগৰ বৰপেটা সংমণ্ডলৰ নতুন কাৰ্যালয় ভৱনটো উদ্ধোধন কৰি জিলা উপায়ুক্ত মুনীন্দ্ৰ শৰ্মাই এইদৰে কয়। নতুন ভৱনৰ পৰা বিভাগটোৰ বিষয়া-কৰ্মচাৰী সকলে নতুন উদ্যমেৰে কামত আত্মনিয়োগ কৰিব বুলি তেওঁ আশা প্ৰকাশ কৰে। অনুষ্ঠানত জিলা তথ্য আৰু জনসংযোগ বিষয়া বিকাশ শৰ্মায়ো বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি দুআষাৰ কয়। বৰপেটাৰ শ্ৰীমন্তপুৰত স্থাপন কৰা এই ভৱনটো উদ্ধোধনৰ বাবে আজি বিভাগীয় মন্ত্ৰী প্ৰমীলা ৰাণী ব্ৰহ্ম অহাৰ কথা আছিল যদিও শেষ মুহূৰ্ত্তত বিশেষ অসুবিধাৰ বাবে তেওঁৰ ভ্ৰমণ বাতিল হয়। পূৰ্বে আমোলাপট্টীৰ ভাড়াঘৰত থকা এই কাৰ্যালয়টো কেইমাহমান পূৰ্বেই শ্ৰীমন্তপুৰৰ নিজা ভৱনলৈ স্থানান্তৰ হয় যদিও কৰোনাজনিত পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত আনুষ্ঠানিক উদ্ধোধনী পৰ্ব পিছুৱাই গৈছিল। উদ্ধোধনী অনুষ্ঠানত ভূমি সংৰক্ষণ সংমণ্ডলৰ কাৰ্যবাহী অভিযন্তা প্ৰদীপ দত্তই

প্ৰসিদ্ধ সংগীত শিল্পী সন্তোষ শৰ্মালৈ ড০ এ পি জে আব্দুল কালাম ৰাষ্ট্ৰীয় বঁটা

Image
ষ্টাফৰিপ'ৰ্টাৰ,,,,২৫ ছেপ্টেম্বৰ বিশিষ্ট সংগীত শিল্পী সন্তোষ শৰ্মালৈ ২০২০ বৰ্ষৰ ড০ এ পি জে আব্দুল কালাম ৰাষ্ট্ৰীয় বঁটা আগবঢ়োৱা হৈছে। স্বৰ্ণ ভাৰত পৰিবাৰ ন্যাসে পুষ্টিহীনতাৰ পৰা মুক্ত ভাৰত গঢ়াৰ বাবে নীতি আয়োগ আৰু ইউনিচেফৰ সৈতে মিলি সমাজত বিশেষ অৰিহণা আগবঢ়োৱা লোকক সন্মানিত কৰি আহিছে আৰু এইবেলি উক্ত বঁটাৰ বাবে সন্তোষ শৰ্মাক নিৰ্বাচন কৰা হয়। উল্লেখযোগ্য যে, সন্তোষ শৰ্মা পূৰ্বোত্তৰ পৰিষদীয় মৰোৱাৰী যুৱ মঞ্চৰ প্ৰাক্তন সভাপতি আৰু বহুতো সংগঠনৰ লগত ওতঃপ্ৰোত ভাৱে জড়িত।   আজিৰ অনুষ্ঠানত স্বৰ্ণ ভাৰত পৰিবাৰ ন্যাসৰ অধ্যক্ষ আয়ুস পণ্ডিত উপস্থিত থাকে।

বঙাইগাঁৱত কৃষক বিৰোধী বিধেয়কৰ প্ৰতিলিপি দাহ কৰি আছুৰ প্ৰতিবাদ

Image
বঙাইগাঁওঃ ২৫ ছেপ্টেম্বৰঃ কৃষক বিৰোধী বিধেয়কৰ বিৰোধিতা কৰি তথা বাতিলৰ দাবীত আজি বঙাইগাঁৱত আছুৱে কৃষক বিৰোধী বিধেয়কৰ প্ৰতিলিপি দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে ৷ সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানত বঙাইগাঁও চহৰস্থিত জিলা আছুৰ মুখ্য কাৰ্যালয় ছহিদ ভৱনৰ সন্মুখৰ মূল ৰাজ পথত বঙাইগাঁও আঞ্চলিক ছাত্ৰ সন্থাই এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। আছু কৰ্মীসকলে কৃষকৰ উৎপাদন, বাণিজ্য আৰু ব্যৱসায় বিধেয়ক ২০২০,  কৃষকৰ মূল্য নিশ্চিতকৰণ আৰু কৃষি সেৱা বিধেয়ক ২০২০ আৰু অত্যাৱশ্যকীয় সেৱা সামগ্ৰীৰ সংশোধিত বিধেয়ক ২০২০ ৰ প্ৰতিলিপি দাহ কৰাৰ লগতে  বিজেপি চৰকাৰ হুচিয়াৰ ,বিজেপি চৰকাৰ মুৰ্দাবাদ ,কৃষক বিৰোধী বিধেয়ক বাতিল কৰক আদি বিভিন্ন শ্লোগান দিয়ে ৷ আছুৰ আঞ্চলিক সমিতিৰ সভাপতি কুলজিৎ ৰায়ে নৰেন্দ্ৰ মোডী নেতৃত্বধীন বিজেপি চৰকাৰক তীব্ৰ সমালোচনা কৰি অতি শীঘ্ৰে এই কৃষক বিৰোধী বিধেয়ক বাতিল কৰিবলৈ দাবী জনায়। প্ৰতিবাদী কাৰ্যসূচীত আঞ্চলিক আছুৰ সাধাৰণ সম্পাদক জগদ্বীশ ৰায়কে ধৰি আছু কৰ্মীসকল উপস্থিত থাকে ৷  প্ৰণৱ কুমাৰ ডেকা  বঙাইগাঁও 

বঙাইগাঁৱত দশম বিশ্ব ফাৰ্মাচিষ্ট দিৱস উদ্‌যাপন

Image
বঙাইগাঁওঃ২৫ ছেপ্টেম্বৰঃ সমগ্ৰ বিশ্বৰ লগতে নামনি অসমৰ ব্যৱসায়িক তথা ব্যস্ততাপূৰ্ণ চহৰ বঙাইগাঁৱতো শুকুৰবাৰে "বিশ্ব ফাৰ্মাচিষ্ট দিৱস" উদযাপন কৰা হয়৷ সদৌ অসম ফাৰ্মাচিষ্ট সেৱা সন্থাৰ বঙাইগাঁও জিলা সমিতিৰ উদ্যোগত বঙাইগাঁও নাৰ্চেচ ট্ৰেইনিং চেন্টাৰত দশম বিশ্ব ফাৰ্মাচিষ্ট দিৱস উদ্‌যাপন কৰা হয়৷ কভিড-১৯ ৰ অতিমাৰী অব্যাহত থকাৰ সময়তে স্বাস্থ্য সেৱা বিধি অনুসৰণ কৰি উদ্‌যাপন কৰা বিশ্ব ফাৰ্মাচিষ্ট দিৱসত উপস্থিত থাকি বঙাইগাঁও জিলা যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক ডাঃ নীল মাধৱ দাসে স্বাস্থ্য সেৱা বিভাগত অতি গুৰুত্বপূৰ্ণ স্থান অলংকৃত কৰা ফাৰ্মাচিষ্ট সকলে অপৰিসীম সেৱা আগবঢ়াই অহাৰ কথা ব্যক্ত কৰে৷ তদুপৰি জিলাৰ যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক ডাঃ দাসে সাম্প্ৰতিক কভিড-১৯ ৰ অতিমাৰীৰ সময়তো ফাৰ্মাচিষ্ট সকলে নিষ্ঠাৰে কাম কৰি অহাৰ কথা ব্যক্ত কৰে৷ বঙাইগাঁও জিলা আপছাৰ সভাপতি ফজলুৰ ৰহমানৰ পৌৰহিত্যত অনুষ্ঠিত সভাত বঙাইগাঁও জিলা ঔষধ ভড়ালৰ ডিডিএছএম সঞ্জয় বৈশ্য,অসম ফাৰ্মাচী কাউন্সিলৰ সদস্য তথা অৱসৰপ্ৰাপ্ত ফাৰ্মাচিষ্ট সুনীল মণ্ডল,অৱসৰপ্ৰাপ্ত ফাৰ্মাচিষ্ট কৈলাস বৰ্মন আদি ব্যক্তি উপস্থিত থাকি বক্তব্য প্ৰদান ক

বিটিচিৰ নাম সলনি কৰি বিটিআৰ নামাকৰণেৰে বিটিআৰ চুক্তি কাৰ্যকৰী কৰিবলৈ লোৱা পদক্ষেপত আদৰণি কোচ ৰাজবংশী জাতীয় মহাসভাৰ

Image
বৰ্তমানৰ ৪০টাৰ পৰিৱৰ্তে ৬০টালৈ পৰিষদীয় সমষ্টি বৃদ্ধি কৰি ২০টা সমষ্টি ভূমিপুত্ৰ কোচ ৰাজবংশী তথা আন আন অজনজাতিৰ বাবে সংৰক্ষণ কৰক-- বিশ্বজিৎ ৰায় বঙাইগাঁওঃ ২৫ ছেপ্টেম্বৰঃ বিটিচিৰ নাম সলনি কৰি বিটিআৰ নামাকৰণেৰে বিটিআৰ চুক্তি কাৰ্যকৰী কৰিবলৈ লোৱা পদক্ষেপৰ বাবে অসমৰ ৰাজ্যপাল, মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু মন্ত্ৰী ড°হিমন্ত বিশ্ব শৰ্মাক শলাগিছে আৰু তেওঁলোকলৈ অশেষ ধন্যবাদ জনাইছে কোচ ৰাজবংশী জাতীয় মহাসভাৰ সাধাৰণ সম্পাদক বিশ্বজিৎ ৰায়ে ৷ আজি এক প্ৰেছ বিবৃতিত আক্ৰাছুৰ প্ৰাক্তন সভাপতি তথা কোচ ৰাজবংশী জাতীয় মহাসভাৰ সাধাৰণ সম্পাদক বিশ্বজিৎ ৰায়ে আশা ব্যক্ত কৰি কয় য়ে পি পি বাৰ্মাৰ নেতৃত্বত গঠিত আয়োগে অতি ক্ষীপ্ৰতাৰে আৰু পুংখানুপুংখুভাবে চালিজাৰি চাই বিটিআৰ চুক্তি মৰ্মে বিটিআৰৰ সীমামুৰীয়া গৰিষ্ঠ সংখ্যক ( ৫০ শতাংশৰ অধিক) অজনজাতি বসতিপ্ৰধান গাওঁসমূহ কৰ্তন কৰি দীৰ্ঘদিনৰ পৰা অজনজাতিসকলে কৰি অহা ন্যাৰ্য দাবীক ন্যায় প্ৰদান কৰিব ৷ বিবৃতিটোত লগতে বিশ্বজিৎ ৰায়ে বিটিআৰ চুক্তি মৰ্মে বৰ্তমানৰ পৰিষদীয় সমষ্টি ৪০টাৰ পৰা ৬০টালৈ বৰ্দ্ধিত কৰি কমেও ২০টা সমষ্টি ভূমিপুত্ৰ কোচ ৰাজবংশী আৰু আন আন অজনজাতিৰ বাবে স

গঁড়ৰ খৰ্গৰ চোৰাং বেহা, কাজিৰঙাৰ দুই বনকৰ্মীসহ ৯জনক আটক

Image
পলিমা চেতিয়া বসুমতাৰী কাজিৰঙা, ২৫ চেপ্তেম্বৰঃ দুৰ্নীতি, লুণ্ঠনৰাজৰ ক্ষেত্ৰত শূণ্য সহনশীল বুলি দম্ভালি মাৰি থকা চৰকাৰখনৰ প্ৰায় প্ৰতিটো ক্ষেত্ৰতে শূণ্য সহনশীলতা প্ৰকাশ পোৱা পৰিলক্ষিত হোৱা নাই৷ কাৰণ, আৰক্ষীৰ উপ পৰিদৰ্শক নিযুক্তিৰ পৰীক্ষাত স্বয়ং শাসকীয় আৰু চৰকাৰী পক্ষ জড়িত থকা সন্দৰ্ভত সমগ্ৰ ৰাজ্যত তোলপাৰ লাগি থকাৰ সময়তে কাজিৰঙাত গঁড়ৰ খৰ্গৰ চোৰাং বেপাৰত নামি ধৰা পৰিছে কাজিৰঙা বনবিভাগৰ দুগৰাকীকৈ বনকৰ্মী৷ সৌ সিদিনা যোৱা ২২ চেপ্তেম্বৰত বিভিন্ন ঢাক-ঢোল বজাই কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই বিশ্ব গঁড় দিৱস উদযাপন কৰি গঁড় হত্যা বন্ধ কৰাৰ আহ্বান জনোৱাৰ দুদিন পাৰ নৌহৌওতেই আজি পুৱা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত কৰ্মৰত হাবিবুৰ আলি আৰু অশোক ভূঞা নামৰ দুজন বনকৰ্মীক গঁড়ৰ খৰ্গ বিক্ৰী চক্ৰৰ স’তে জড়িত হৈ থকাৰ সন্দেহত খোদ কাজিৰঙা বনবিভাগেই আটক কৰে৷ আনহাতে, আন দুটা পৃথক গোচৰত কাজিৰঙা, বোকাখাত আৰু কাৰ্বি আংলঙৰ বিভিন্ন স্থানৰ পৰা আন সাত চোৰাংচিকাৰীকে ধৰি সৰ্বমুঠ ৯ গৰাকীক গঁড়ৰ খৰ্গৰ চোৰাং বেপাৰত নমাৰ অভিযোগত আৰক্ষী আৰু বনবিভাগে আটক কৰে৷ ইতিমধ্যে দুই বনকৰ্মীৰ বাদে আন সাতোজনেই গঁড়ৰ খৰ্গৰ চোৰাং বেপাৰত জ

কৃষক বিৰোধী আইন বাতিলৰ দাবীত বোকাখাতত প্ৰতিবাদ, ৰাজপথ অৱৰোধ

Image
পলিমা চেতিয়া বসুমতাৰী, কাজিৰঙা, ২৫ চেপ্তেম্বৰঃ কেন্দ্ৰীয় চৰকাৰে শেহতীয়াকৈ গ্ৰহণ কৰা কৃষক বিৰোধী আইনৰ বাবে সমগ্ৰ দেশজুৰি চলা গণ আন্দোলনৰ কাৰ্যসূচী আজি বোকাখাততো ৰূপায়িত হয়৷ বিজেপি চৰকাৰে গ্ৰহণ কৰা তিনিখন জনবিৰোধী, কৃষক বিৰোধী বিধেয়কৰ বিৰুদ্ধে নিখিল ভাৰত কৃষক সভাৰ দ্বাৰা আহ্বান কৰা ভাৰত বন্ধৰ প্ৰতি পূৰ্ণ সমৰ্থন জনাই কৃষক সংঘৰ্ষ সমন্বয়ক সমিতিৰ উদ্যোগত আজি বোকাখাতৰ জীপাল কৃষক শ্ৰমিক সংঘ, ভাৰতীয় গণনাট্য সংঘ, আদিবাসী কৃষক সমাজে বোকাখাতত এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে৷ বোকাখাত নগৰৰ মাজ মজিয়াত ৰূপায়ণ কৰা এই কাৰ্যসূচীত কেন্দ্ৰৰ বিজেপি চৰকাৰৰ কৃষক বিৰোধী নীতিৰ বিৰুদ্ধে বিভিন্ন শ্লগানেৰে পৰিবেশ উত্তাল কৰি উত্তাল কৰি তোলে প্ৰতিবাদকাৰী সকলে৷ জীপাল কৃষক শ্ৰমিক সংঘৰ সোনেশ্বৰ নৰহ, প্ৰণৱ দলে আৰু নিখিল ভাৰত কৃষক সভাৰ ৰাজ্যিক যুটীয়া সম্পাদক বলো বৰাৰ নেতৃত্বত বোকাখাতৰ ৰাজপথত প্ৰতিবাদকাৰী সকলে সমদল কৰি কেন্দ্ৰৰ কৃষক বিৰোধী নীতিৰ প্ৰতিবাদ জনায়৷ পৰৱৰ্তী সময়ত প্ৰতিবাদকাৰী সকলে ৩৭ নং ৰাষ্ট্ৰীয় পথ অৱৰোধ কৰাত প্ৰায় দুঘণ্টা ধৰি বোকাখাতত উজনি নামনিৰ পথ যোগাযোগ ব্যাহত হৈ পৰে৷ ইপিনে, প্ৰতিবাদথলীত বোকা

ৰঙিয়াত সাপ্তাহিক বন্ধ বুধবাৰৰ পৰিৱৰ্তে ৰবিবাৰ সম্ভাৱনা

Image
ৰঙিয়া চেম্বাৰ অফ কমাৰ্ছৰ দাৱীৰ প্ৰতি মহকুমাধিপতিৰ সঁহাৰিঃ সাপ্তাহিক বন্ধ বুধবাৰৰ পৰিৱৰ্তে ৰবিবাৰ সম্ভাৱনা  প্ৰতিবেদক, ৰঙিয়া , ২৫ ছেপ্টেম্বৰঃ এতিয়াৰে পৰা ৰঙিয়াৰ সাপ্তাহিক বন্ধ বুধবাৰৰ পৰিৱৰ্তে ৰবিবাৰ হোৱাৰ সম্ভাৱনা! অহা ৪ অক্টোবৰৰ পৰা  প্ৰযোজ্য হব পাৰে এই নিয়ম। ৰঙিয়া মহকুমাৰ আগশাৰীৰ ব্যৱসাায়ী সংস্থা ৰঙিয়া চেম্বাৰ অফ কমাৰ্ছৰ দাৱীৰ প্ৰতি সঁহাৰি জনাই ৰঙিয়াৰ মহকুমাধিপতি স্বপ্নীল পালে পৰীক্ষামূলক ভাৱে এই সিদ্ধান্ত গ্ৰহণ কৰাৰ সম্ভাৱনা আছে। উল্লেখ্য চেম্বাৰ অফ কমাৰ্ছৰ বিষয়ববীয়া সকলে ৰঙিয়াৰ নৱ নিযুক্ত মহকুমাধিপতি ভাৰতীয় প্ৰশাসনিক সেৱাৰ বিষয়া স্বপ্নীল পালক সাক্ষাৎকাৰ কৰি সম্বৰ্ধনা  জ্ঞাপন  কৰে। সন্থাৰ তৰফৰ পৰা মহকুমাধিপতি গৰাকীক অসমীয়াৰ  স্বাভিমান ফুলাম গামোচা আৰু জাপিৰে সম্বৰ্ধনা জনায়।ব্যৱসায়ী সন্থাৰ সম্বৰ্ধনাত মহকুমাধিপতি গৰাকীয়ে আপ্লুত হয়।  সম্বৰ্ধনা অনুষ্ঠানত  ৰঙিয়া চেম্বাৰ অফ কমাৰ্চৰ সভাপতি শ্ৰীপাল জৈন, সাধাৰণ সম্পাদক মজিবুদ্দিন আহমেদ আৰু আশিস লুণ্ডিয়া , কোষাধ্যক্ষ ৰাজকুমাৰ লুণ্ডিয়া , কাৰ্যকৰী সদস্য প্ৰদীপ আগৰৱালা, অনুপ জাজোদিয়া, আশিস সুৰেকা আৰু কৈলাশ লুুণ্ডিয়া উপস্থিত থাকে।

দক্ষিণপাটত কেন্দ্ৰীয় চৰকাৰৰ কৃষক বিৰোধী নীতিৰ বিৰোধিতাৰে বিধেয়কৰ প্ৰতিলিপি দাহ আছুৰ

Image
 দক্ষিণপাটত কেন্দ্ৰীয় চৰকাৰৰ কৃষক বিৰোধী নীতিৰ বিৰোধিতাৰে বিধেয়কৰ প্ৰতিলিপি দাহ আছুৰ# নগাঁৱৰ পৰা জয়ন্ত মুদৈ, ২৫ ছেপ্টেম্বৰঃ কেন্দ্ৰীয় চৰকাৰে কৃষক বিৰোধী আৰু জনস্বাৰ্থ বিৰোধী নীতিৰে তিনিখনকৈ বিধেয়ক জাপি দিব খোজাৰ প্ৰতিবাদত সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ দৰে দক্ষিণপাটত শুকুৰবাৰে বিধেয়ক তিনিখনৰ প্ৰতিলিপি দাহ কৰা হয় ৷ দক্ষিণপাট চাৰিআলিত দক্ষিণ-পশ্চিম নগাঁও আঞ্চলিক ছাত্ৰ সন্থাই এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে ৷ প্ৰতিবাদকাৰীসকলে "নৰেন্দ্ৰ মোদী হায় হায়", "ফাৰ্ম বিল-২০২০ বাতিল কৰক", "কৃষক বিৰোধী নীতি হায় হায়", "বিজেপি চৰকাৰ মুৰ্দাবাদ" আদি বিভিন্ন চৰকাৰী বিৰোধী শ্ল’গানেৰে পৰিবেশ উত্তাল কৰি তোলে ৷ এই প্ৰতিবাদী কাৰ্যসূচীত সদৌ নগাঁও জিলা ছাত্ৰ সন্থাৰ উপ সভাপতি পংকজ জ্যোতি বৰা, নগাঁও মহকুমা ছাত্ৰ সন্থাৰ সহকাৰী সম্পাদক তুলেন্দ্ৰ পাটৰ, দক্ষিণ-পশ্চিম নগাঁও আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি কল্পজ্যোতি বৰা, সম্পাদক মৃদুল বৰা আদিকে ধৰি বহু কেইজন বিষয়-ববীয়া উপস্থিত থাকে ৷

কৃষক বিৰোধী আইনৰ বিৰোধিতাৰে কৰৰাত আছুৰ বিধেয়কৰ প্ৰতিলিপি দাহ

Image
মুক্তাপুৰৰ পৰা নীলমণি দাস,ফাষ্ট নিউজ ৰিপ'ৰ্ট ২৫ চেপ্তেম্বৰ:*  কেন্দ্ৰীয় চৰকাৰে কৃষক বিৰোধী আৰু জনবিৰোধী নীতিৰে ক্ৰমে *The Essential Commodities (Amendment) Bill, 2020*, *The Farmers (Empowerment and Protection) Agreement on Price Assurance and Farm Services Bill, 2020*  আৰু  "The Farmers' Produce Trade and Commerce (Promotion and Facilitation) Bill, 2020"  শীৰ্ষক অনিষ্টকাৰী বিধেয়ক জাপি দিব খোজাৰ প্ৰতিবাদত সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে শুক্ৰবাৰে কৰৰা শ্বহীদ বেদীৰ সন্মুখত কৰৰা কেন্দ্ৰীয় ছাত্ৰ সন্থাই বিধেয়ক তিনিখনৰ প্ৰতিলিপি দাহ কৰে ৷ কৰৰা কেন্দ্ৰীয় ছাত্ৰ সন্থাই আজি ৰাতিপুৱা শ্বহীদ বেদীৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰে ৷ প্ৰতিবাদ কাৰীয়ে কৃষক বিৰোধী আইন ২০২০ বাতিল কৰক, কেন্দ্ৰীয় চৰকাৰ হায় হায়, স্বৈৰাচাৰী চৰকাৰ হুচিয়াৰ, আছু জিন্দাবাদ, কৰৰা কেন্দ্ৰীয় ছাত্ৰ সন্থা জিন্দাবাদ আদি শ্লোগানৰে প্ৰতিবাদ সাব্যস্ত কৰে ৷ প্ৰতিবাদত ৰঙিয়া মহকুমা ছাত্ৰ সন্থাৰ সভাপতি সোণজ্যোতি বৰুৱা, কৰৰা কেন্দ্ৰীয় ছাত্ৰ সন্থাৰ সভাপতি দ্বীপজ্যোতি কলিতা, উপ সভাপতি নিকুমণি বৰুৱা, ধীৰাজ বৰুৱা, ৰ

জামুগুৰিহাটত কৃষি বিধেয়কৰ বিৰুদ্ধে আছুৰ প্ৰতিবাদ

Image
জামুগুৰিহাটত কৃষি বিধেয়কৰ বিৰুদ্ধে আছুৰ প্ৰতিবাদ বিধেয়ক দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে আছুৱে ফাৰ্ষ্ট নিউজ,জামুগুৰিহাট,২৫ ছেপ্টেম্বৰ:অত্যাৱশ্যকীয় সামগ্ৰীৰ পৰা চাউল, দাইল,আলু পিয়াজক বাহিৰ কৰা পিছতেই এতিয়া সৰৱ হৈ পৰিছে ৰাজ্যৰ বিভিন্ন দল সংগঠন সমূহ ৷কৃষক বিৰোধী এই বিধেয়কৰ বিৰুদ্ধে সদৌ জামুগুৰি ছাত্ৰ সন্থাইও প্ৰবল প্ৰতিবাদ সাব্যস্ত কৰে জামুগুৰিহাটত।জামুগুৰিহাটৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত কৃষক সৱলীকৰণ আৰু সুৰক্ষা মূল্য নিৰ্ধাৰণ চুক্তি সমবায় সেৱা আইন ২০২০,কৃষকৰ বাণিজ্য আৰু ব্যৱসায় (উন্নয়ন আৰু বিকাশ) আইন ২০২০ আৰু অত্যাৱশ্যকীয় সামগ্ৰী (সংশোধন) আইন ২০২০ ৰ প্ৰতিলিপি দাহ কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে আছুৰ সদস্য সকলে৷জামুগুৰিহাটৰ মূল কেন্দ্ৰস্থলত আজি ছাত্ৰ সন্থাৰ সদস্য সকলে সদনত গৃহীত হোৱা বিলৰ ঘোৰ বিৰোধিতা কৰি এই প্ৰতিবাদী কাৰ্য্যসূচী গ্ৰহন কৰে।প্ৰতিবাদকাৰীসকলে কৃষক বিৰোধী নীতি হাই হাই,বিজেপি চৰকাৰ হাই হাই,নৰেন্দ্ৰ মোদী হাই হাই আদি বিভিন্ন প্ৰতিবাদী শ্ল’গানেৰে সমগ্ৰ পৰিৱেশ উত্তাল কৰি তোলে৷ইফালে বিজেপি চৰকাৰে যদি এই আইন প্ৰত্যাহাৰ নকৰে তেন্তে অনাগত দিনত ভয়াৱহ আন্দোলনৰ হুংকাৰ দিয়ে আছুৱ

জাজৰিত কেন্দ্ৰীয় চৰকাৰৰ কৃষক বিৰোধী নীতিৰ বিৰোধিতাৰে বিধেয়কৰ প্ৰতিলিপি দাহ আছুৰ

Image
নগাঁৱৰ পৰা জয়ন্ত মুদৈ, ২৫ ছেপ্টেম্বৰঃ কেন্দ্ৰীয় চৰকাৰে কৃষক বিৰোধী আৰু জনস্বাৰ্থ বিৰোধী নীতিৰে তিনিখনকৈ বিধেয়ক জাপি দিব খোজাৰ প্ৰতিবাদত সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ দৰে নগাঁও জিলাৰ জাজৰিত শুকুৰবাৰে হাতীচোং আঞ্চলিক ছাত্ৰ সন্থাই বিধেয়ক তিনিখনৰ প্ৰতিলিপি দাহ কৰে ৷ জাজৰি বাছ আস্থানত হাতীচোং আঞ্চলিক ছাত্ৰ সন্থাই এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে । প্ৰতিবাদকাৰীসকলে "নৰেন্দ্ৰ মোদী হায় হায়", "ফাৰ্ম বিল-২০২০ বাতিল কৰক", "কৃষক বিৰোধী নীতি হায় হায়", "বিজেপি চৰকাৰ মুৰ্দাবাদ" আদি বিভিন্ন চৰকাৰী বিৰোধী শ্ল’গানেৰে পৰিবেশ উত্তাল কৰি তোলাৰ  বিপৰীতে অতি শীঘ্ৰে এই বিল বাতিল নকৰিলে পৰবৰ্তী পৰ্যায়ত ভয়াৱহ জংগী আন্দোলন গঢ়ি তোলাৰ হুংকাৰ প্ৰদান কৰে ৷ এই প্ৰতিবাদী কাৰ্যসূচীত সদৌ নগাঁও জিলা ছাত্ৰ সন্থাৰ সহকাৰী সম্পাদক নিপন শৰ্মা, জিলা কাৰ্য নিৰ্বাহক আহাদুৰ ৰহমান, হাতীচোং আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি কৃতাঞ্জল বৰা, ভাৰপ্ৰাপ্ত সম্পাদক সীমান্ত বৰাকে প্ৰমুখ্য কৰি হাতীচোং আঞ্চলিক ছাত্ৰ সন্থাৰ কেইবাজনো বিষয়-ববীয়া উপস্থিত থাকে ৷  ================

যুৱ ব্যৱসায়ী জি ডি ধনুকালৈ 'ভিজনেৰী লীডাৰ অসম নৰ্থ-ইষ্ট"বঁটা টাইমছ গ্রুপৰ

Image
ষ্টাফ ৰিপ'ৰ্টাৰ,,,ছেপ্টেম্বৰ।। টাইমছ গ্ৰুপে বৃহস্পতিবাৰে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ বাবে অনুষ্ঠানিক ভাৱে ঘোষণা কৰে টাইমছ ষ্টীলাৰ ব্ৰেণ্ড এণ্ড আইকণ এৱাৰ্ড।  গুৱাহাটীৰ যুৱ ব্যৱসায়ী ঘনশ্যাম দাস ধনুকাই "ভিজনেৰী লিডাৰ অসম"নৰ্থ ইষ্ট এৱাৰ্ড ২০২০" এৱাৰ্ড লাভ কৰিবলৈ সক্ষম হৈছে। উল্লেখ্য যে, যুৱ ব্যৱসায়ী গৰাকীয়ে আমেৰিকাৰ এলএছই আৰু এল ইউ এম এছ শিক্ষা প্ৰতিষ্ঠানত শিক্ষা গ্ৰহণ কৰিছে। একেদৰে তেওঁ বিভিন্ন এইচ বি এছ আৰু আই আই এমৰ সৈতে নেতৃত্বৰ কার্যসূচীত অংশ লোৱাত এল এল বি ডিগ্ৰী লাভ কৰিবলৈ সক্ষম হৈছে। ভাৰতবৰ্ষ সামাজিক আৰু অৰ্থনৈতিক দিশত আত্মনির্ভৰশীল হোৱাৰ লগতে বিশ্বস্তৰত চিন্তা আৰু স্থানীয় পৰ্যায়ত কাম কৰাই জি ডি ধনুকাৰ লক্ষ্য আৰু উদেশ্য। তেঁও "থিংক গ্ল'বেল  এক্ট ল'কেল আইডিঅ'লজী ধাৰণা লৈ আগবাঢ়ি গৈছে। তদুপৰি তেওঁ এডভাণ্টেজ অসম,গ্লৱেল উদ্যোগী সন্মিলনত ফাৰ্মাচিউটিকেল আৰু মেডিকেল ডিভাইচ ফ'ৰামৰ ওপৰত বক্তৃতা দিয়াৰ বাবে আমন্ত্ৰণ লাভ কৰিছিল।

নিয়োগ সংক্ৰান্তীয় কেলেংকাৰী ৰোধ কৰাত অসম চৰকাৰৰ চূড়ান্ত ব্যৰ্থতাবঙাইগাঁৱত আছুৱে দাহ কৰিলে মুখ্যমন্ত্ৰীৰ পুত্তলিকা

Image
নিয়োগ সংক্ৰান্তীয় কেলেংকাৰী ৰোধ কৰাত অসম চৰকাৰৰ চূড়ান্ত ব্যৰ্থতা বঙাইগাঁৱত আছুৱে দাহ কৰিলে মুখ্যমন্ত্ৰীৰ পুত্তলিকা  বঙাইগাঁওঃ২৪ ছেপ্টেম্বৰঃ এছ আই পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলক লৈ ৰাজ্যজুৰি সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ ৷ ইয়াৰ মাজতে আজি আছুৱে ৰাজ্যজুৰি আহ্বান জনোৱা প্ৰতিবাদী কাৰ্যসূচীৰ অংশ হিচাপে বঙাইগাঁৱতো সংগঠনটোৰ কৰ্মীসকলে গৃহ বিভাগৰো দায়িত্বত থকা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ পুত্তলিকা দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে ৷ নিয়োগ সংক্ৰান্তীয় কেলেংকাৰী ৰোধ কৰাত অসম চৰকাৰৰ চূড়ান্ত ব্যৰ্থতাৰ প্ৰতিবাদত আৰু উচ্চ পৰ্যায়ৰ তদন্ত কৰি দোষীক দৃষ্টান্তমূলক শাস্তি বিহাৰ দাবীত বঙাইগাঁও আঞ্চলিক ছাত্ৰ সন্থাই বঙাইগাঁও চহৰস্থিত জিলা আছুৰ মুখ্য কাৰ্যালয় ছহিদ ভৱনৰ সন্মুখৰ মূল ৰাজ পথত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ পুত্তলিকা দাহ কৰাৰ লগতে সৰ্বান্দ সোনোৱাল মুৰ্দাবাদ , সুচাৰুৰূপে পৰীক্ষা পাতিব নোৱাৰা মুখ্যমন্ত্ৰী হায় হায় ,বিজেপি চৰকাৰ লেই লেই চেই চেই আদি বিভিন্ন শ্লোগান দিয়ে ৷ ইপিনে পুত্তলিকা দাহ কাৰ্যসূচীত অংশগ্ৰহণ কৰি বঙাইগাঁও জিলা আছুৰ ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক জ্যোতিশংকৰ চৌধুৰীয়ে সংবাদ মাধ্যমৰ আ

পোষণ মাহ উপলক্ষে মৈৰামাৰা আৰু হাতীজানা অঙ্গনবাড়ী কেন্দ্ৰত ৰান্ধনিশালৰ বাগিছা স্থাপন

Image
পোষণ মাহ উপলক্ষে মৈৰামাৰা আৰু হাতীজানা অঙ্গনবাড়ী কেন্দ্ৰত ৰান্ধনিশালৰ বাগিছা স্থাপন*                                  বৰপেটা/ হাউলী,  ২৪ ছেপ্টেম্বৰ: ৰাষ্ট্ৰীয় পোষণ মাহ উপলক্ষে বৰপেটা জিলাৰ ভৱানীপুৰ সংহত শিশু উন্নয়ন প্ৰকল্পৰ উদ্যোগত যোৱা ১৫ ছেপ্তেম্বৰৰ দিনা মৈৰামাৰা এ চক্ৰৰ অন্তৰ্গত ২৬০ নং মৈৰামাৰা দক্ষিণ আৰু মৈৰামাৰা বি চক্ৰৰ অন্তৰ্গত ১১৯ নং হাতীজানা অংগনৱাড়ী কেন্দ্ৰ দুটাত দুখন ৰান্ধনীশালৰ বাগিচাৰ উদ্বোধন কৰা হয়। মুখ্য সেৱিকা  গিনীমা দাস , কল্পনা দাস আৰু পোষণ অভিযানৰ খণ্ড সমন্বয়ক বিভু ৰঞ্জন ভৰালীৰ তত্ববধানত অনুষ্ঠিত হোৱা এই পোষণ বাগিছা দুখনৰ আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে ভৱানীপুৰ সংহত শিশু উন্নয়ন প্ৰকল্পৰ প্ৰকল্প বিষয়া মহেন্দ্ৰ অধিকাৰীয়ে। উক্ত অনুষ্ঠানত উপস্থিত থাকে   সীমা, শুল্ক আৰু কেন্দ্ৰীয় উৎপাদন শুল্ক বিভাগৰ অৱসৰপ্ৰাপ্ত বিষয়া হজৰত আলী আহমেদ, নীতি আয়োগৰ অধীনত কৰ্মৰত পিৰামল ফাউণ্ডেচনৰ  জিলা ৰূপান্তৰ প্ৰবন্ধক জাকিৰ হুছেইন, খণ্ড ৰূপান্তৰ বিষয়া কাকলি ৰাণী দেৱী আদি। এই অনুষ্ঠানত অংগনৱাড়ী কেন্দ্ৰৰ কৰ্মী আৰু সহায়িকা সকলে লগহৈ  পুষ্টিকৰ খাদ্য সামগ্ৰীৰ এখন মেলাও পাতে। উদ্ধোধক প

নগাঁৱত ছয়দিনে সন্ধান নাই যুুুুৱকৰ≈≈গভীৰ দুুঃশ্চিন্তাত পৰিয়ালবৰ্গ

Image
নগাঁৱৰ পৰা জয়ন্ত মুদৈ, ২৫ ছেপ্টেম্বৰঃ নগাঁও জিলাৰ বটদ্ৰৱাৰ দাঁতি কাষৰীয়া জামুগুৰি নিবাসী আব্দুল মান্নান নামৰ লোকজনৰ পুত্ৰ আবুল বাসাৰ(৩০) ছয়দিন ধৰি নিৰুদ্দেশ হৈ থকা ঘটনাই স্থানীয় অঞ্চলজুৰি ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ জানিব পৰা মতে, তিনি কন্যা সন্তানৰ পিতৃ আবুল বাসাৰ যোৱা ১৯ ছেপ্টেম্বৰৰ দিনা পুৱাৰ ভাগত পথাৰত ঘাঁহ কাটিবলৈ যোৱাৰ পিছৰে পৰা আশ্চৰ্যজনকভাবে সন্ধানহীন হৈ পৰে ৷ যুৱকজন এনেদৰে হঠাতে নিখোজ হৈ পৰাত ঘৰত হুৱাদুৱা লাগে আৰু পৰিয়ালৰ লোকে আত্মীয়-স্বজনৰ ঘৰৰ লগতে সম্ভাব্য সকলো ঠাইতে বিচাৰ-খুচাৰ কৰিও কোনো শুংসূত্ৰ নোপোৱাত পৰিয়ালৰ লোকসকল এতিয়া মানসিকভাবে ভাগি পৰিছে ৷ পাঁচ ফুট দুই ইঞ্চি উচ্চতাৰ যুৱকজনে নিৰুদ্দেশ হোৱাৰ সময়ত ক’লা ৰঙৰ টি-চাৰ্ট আৰু লুঙি পৰিধান কৰি আছিল ৷ কোনো সদাশয় লোকে যুৱকজনৰ যদি কোনো সম্ভেদ পায় তেন্তে ওচৰৰ আৰক্ষী থানা নাইবা ৬০০০২-৩৪২৫১ আৰু ৬০০০২-৭৬৬৯৪ নম্বৰত যোগাযোগ কৰিবলৈ দুৰ্ভগীয়া পৰিয়ালৰ লোকে অনুৰুধ জনাইছে ৷

এইচডিএফচি বেংকে মুকলি কৰিলে কুইক লন শ্বপে ভেন ৰড শ্ব

Image
ষ্টাফৰিপৰ্টাৰ, ২৪ ছেপ্টেম্বৰ : উত্তৰ পূব এইচডিএফচি বেংক লিমিটেডৰ মুখ্য মাণ্ডলিক বিষয়া  মিনু বিশ্বাসে বেংকটোৰ বহুকেইজন প্ৰতিনিধিৰ উপস্থিতিত সমগ্ৰ অসমৰ বাবে গুৱাহাটীত বৃহস্পতিবাৰে আনুষ্ঠানিকভাৱে মুকলি কৰে এইচডিএফচি বেংক কুইক লন শ্বপে ভেন ৰড'শ্ব।

বিশিষ্ট সমাজসেৱীকা লিপিকা মোডীক ড০ সৰোজনী নাইডু আন্তৰাষ্ট্ৰীয় বঁটা প্ৰদান

Image
ষ্টাফৰিপৰ্টাৰ, ২৩ ছেপ্টেম্বৰ : বিশিষ্ট সমাজসেৱীকা লিপিকা মোডীল ড০ সৰোজনী নাইডু আন্তৰাষ্ট্ৰীয় বঁটা প্ৰদান কৰা হৈছে।  এই বঁটা চলিত মাহৰ ১৮ ছেপ্টেম্বৰত এছিয়ান একাডেমী অফ আৰ্টছ মাৰোৱা ষ্টুডিঅ'ই আয়োজন কৰা ভাৰ্ছুৱেল চেৰিমনিত প্ৰদান কৰা হয়। তেওঁ অল ইণ্ডিয়া এছিভাৰ কনফাৰেঞ্চ আৰু ইণ্টাৰনেশ্বনেল প্ৰাইড ৱ'মেন ২০২০ এৱাৰ্ডেৰে সন্মানিত হৈছে। তদুপৰি মিছেছ ই এণ্ড ই আই এণ্ড দা ৱৰ্ল্ড ২০১৯ ৰ ৰানাৰ্ছ আপৰ সন্মান লাভ কৰিছে। সমাজৰ বিভিন্ন ক্ষেত্ৰত আগবঢ়োৱা বৰঙণিৰ বাবে তেওঁক এই বঁটা প্ৰদান কৰা হয়। তেওঁ ইতিমধ্যে অল ইণ্ডিয়া এছিভাৰ কনফাৰেন্স আৰু ইণ্টাৰনেশ্বনেল প্ৰাইড ৱ'মেন এৱাৰ্ড ২০২০ বঁটাৰে সন্মানিত হৈছে। তেওঁ এণ্টি কৰাপছন ফাউণ্ডেছন অৱ ইণ্ডিয়াৰ অধীনত অসম প্ৰদেশৰ তত্বাৱধায়কৰ দায়িত্বত আছে। তেওঁ যুৱতী, মহিলা সকলক স্বাৱলম্বী কৰাৰ লগতে শোষণ নিষ্পেষণৰ বিৰুদ্ধে মাত মাতি আহিছে।

পাঁচমহীয়া সন্তানক বুকুত সাৱটি এক অনিশ্চিত ভৱিষ্যতৰ শংকাত ৰোগাক্ৰান্ত মাতৃ≈≈হৃদয়ৱান লোকৰ প্ৰতি সহায় ভিক্ষা

Image
নগাঁৱৰ পৰা জয়ন্ত মুদৈ, ২৩ ছেপ্টেম্বৰঃ নগাঁও জিলাৰ বেবেজীয়াৰ দাঁতি কাষৰীয়া জামুগুৰিৰ বিলৰমূৰ নিবাসী সুৰেণ ডেকা(বৰচিলিয়া) আৰু সুমিত্ৰা ডেকাৰ ঘৰখনলৈ অজানিতে নামি আহিছে যেন ঘোৰ অমানিশা ৷ তেনেই নিচলা এই দম্পতীহালৰ পু-বোৱাৰী তৰালী বৰদলৈ ডেকাই (২৯) বৰ্তমান চকুলো টুকি টুকি বাট চাইছে কাল আন্ধাৰে আৱৰি ধৰা ভয়াবহ ভৱিষ্যতলৈ ৷ আচলতে বিগত প্ৰায় ছয়মাহ ধৰি শাৰীৰিক অসুস্থতাত ভুগি থকা তৰালী প্ৰথমাৱস্থাত জন্দিছ ৰোগত আক্ৰান্ত হৈছিল যদিও গাঁৱলীয়া পদ্ধতিৰে কৰা চিকিৎসাত  তিনিমাহ মানৰ পিছত কিছু পৰিমাণে সুস্থ হৈ উঠিছিল ৷ কিন্তু ইয়াৰ পিছতেই তৰালী পুনৰ পেট ফুলাৰ দৰে অন্য এক ৰোগত আক্ৰান্ত হোৱাৰ সমান্তৰালভাৱে ইতিমধ্যে এটি কন্যা সন্তান জন্ম দিয়ে তৰালীয়ে ৷ পিছে পহিলাতে সন্তানপ্ৰাপ্তিৰ আনন্দত উৎফুল্লিত হৈ পৰা তৰালীৰ মুখত এতিয়া নাই হাঁহি-আনন্দৰ ৰূপৰেখা ৷ আনকি তেওঁৰ শহুৰ আৰু শাহুৱেকেও বোৱাৰীৰ ৰূগ্নপ্ৰায় শৰীৰটো আগত লৈ কেৱল হুমুনিয়াহ কঢ়াৰ বাহিৰে গত্যন্তৰ নোহোৱা অৱস্থা ৷ কাৰণ অত্যধিক পানী জমা হৈ ফুলি উঠা পেটটোৰ বাবেই যোৱা কেইবামাহো ধৰি বিনিদ্ৰ ৰজনী কটাইছে তৰালীয়ে ৷ তদুপৰি উঠা-বহা কৰাত অপাৰগ হৈ পৰা ছমহীয়া সন্তান

সদৌ অসম অনলাইন টাইকোৱানডোত কামৰূপ জিলাৰ সাফল্য

Image
সদৌ অসম অনলাইন টাইকোৱানডোত কামৰূপ জিলাৰ সাফল্য। পঙ্কজ নাথ, চাংসাৰি, ২৩ ছেপ্টেম্বৰ : যোৱা ১৯ আৰু ২০ চেপ্টেম্বৰ ২০২০ তাৰিখে , চেন্ট্ৰ্ল জ'ন টাইকোৱানডো উনিয়নে আয়োজন কৰা  প্ৰথম  সদৌ অসম অন লাইন  টাইকোৱানডো পুমচে প্ৰতিযোগিতাত কামৰূপ জিলাৰ  প্ৰিতম কিশোৰ বৰাই  সোনৰ পদক( ছিনিয়ৰ শাখা) আৰু মানস জ্যোতি বৰুৱাই সোনৰ পদক ( কেডেত শাখা)  লাভ কৰে। ইয়াৰ উপৰিও  প্ৰয়াস প্ৰতিম বৰুৱা( জুনিয়ৰ শাখা) , মৈত্ৰি শৰ্মা( কেডেত শাখা) আৰু ডেজদিমনা পাথক( চাব জুনিয়ৰ শাখা) ত ব্ৰঞ্জৰ   পদক লাভ কৰি কামৰূপ জিলালৈ সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হৈছে।  সুনাম কঢ়িয়াই অনা খেলুৱৈ সকললৈ কমৰূপ জিলা টাইকোৱানডো সন্থা তথা কামৰূপ জিলা ক্ৰীড়া সন্থাৰ সাধাৰন সম্পাদক প্ৰাঞ্জল বুঢ়া গোহাঁইয়ে অভিনন্দন জ্ঞাপন কৰে। খেলুৱৈ সকলৰ আটাইকেইগৰাকীয়ে নৰ্থ গুৱাহাটী টাইকোৱানডো একাডেমিৰ  খেলুৱৈ হোৱা হেতুকে এই সফলতাৰ বাবে উত্তৰ গুৱাহাটীৰ ৰাইজ অধিক আনন্দিত হৈ পৰিছে আৰু সুখ্যাতি অৰ্জন কৰা খেলুৱৈ সকলৰ ভবিষ্যত উজ্জ্বল কামনা কৰিছে ।

এতিয়া হিন্দু ধৰ্মাৱলম্বীলোকৰ বিভিন্ন পূজা-অৰ্চনাৰ বতৰ≈≈কৰ’নাতংকৰ বাবেই নাই মৃৎ ভাস্কৰ্য শিল্পীৰ মাজত ব্যস্ততা

Image
এতিয়া হিন্দু ধৰ্মাৱলম্বীলোকৰ বিভিন্ন পূজা-অৰ্চনাৰ বতৰ≈≈কৰ’নাতংকৰ বাবেই নাই মৃৎ ভাস্কৰ্য শিল্পীৰ মাজত ব্যস্ততা # নগাঁৱৰ পৰা জয়ন্ত মুদৈ, ২৩ ছেপ্টেম্বৰঃ দেহ-মন উজ্বলাই তোলা শৰতৰ উপস্থিতিৰে ধৰাৰ পৰিবেশ মোহনীয় কৰি ৰখাৰ এই সময়খিনি যেন সকলোৰে বাবে বহু আকাংক্ষিত ৰং-ৰহইচৰ বতৰ ৷ কাৰণ এতিয়া আৰম্ভ হৈছে পূজাৰ বতৰ ৷ ঘাইকৈ হিন্দু ধৰ্মাৱলম্বী লোকসকলৰ আধ্যাত্মিক তথা পবিত্ৰতাৰে ভৰা বিভিন্ন প্ৰকাৰৰ পূজা-পাৰ্বণৰ বতৰ ৷ প্ৰকৃততে বিগত পবিত্ৰ ভাদ মাহৰ সংক্ৰান্তি তিথিৰ দিনটোতে প্ৰান্তে প্ৰান্তে উদযাপিত হৈ যোৱা বিশ্ব খনিকৰ বিশ্বকৰ্মা পূজাৰ দ্বাৰাই আনুষ্ঠানিকভাবে শুভাৰম্ভ  ঘটে পূজাৰ বতৰ ৷ উল্লেখ্য, বছৰটোৰ ভাদ মাহৰ মাহজুৰি চলা নাম-কীৰ্তনৰ অন্তত সংক্ৰান্তি তিথিত পালিত বিশ্বকৰ্মা পূজাৰ পৰাই সাধাৰণতে হিন্দু ধৰ্মীয় পূজাসমূহৰ আৰম্ভনি হৈ পৰ্যায়ক্ৰমে পৰম্পৰাগতভাবে "দূৰ্গা পূজা","লক্ষ্মী পূজা","কালী পূজা","কাৰ্তিক পূজা","মনসা পূজা","ছট পূজা","গোৱৰ্দ্ধন পূজা","জগদ্ধাত্ৰী পূজা","শিৱ পূজা"কে আদি কৰি চ’ত মাহৰ "গংগা পূজা

বঙাইগাঁৱত আপজুৰ প্ৰতিষ্ঠা দিৱস পালন

Image
বঙাইগাঁওঃ২২ ছেপ্টেম্বৰঃ অসম প্ৰদেশ সাংবাদিক সন্থা(আপজু) ৰ প্ৰথম বাৰ্ষিক প্ৰতিষ্ঠা দিবস আজি বঙাইগাঁও চহৰৰ বৃহত্তৰ বঙাইগাঁও প্ৰেছ ক্লাব প্ৰাংগণত পালন কৰা হয়। কৰ'না মহামাৰীৰ পৰিপ্ৰেক্ষিতত অনুষ্টুপীয়াকৈ পালন কৰা প্ৰতিষ্ঠা দিৱস উপলক্ষে সন্থাৰ পতাকা উত্তোলন কৰে কেন্দ্ৰীয় সমিতিৰ সাংগঠনিক সম্পাদক হীৰকজ্যোতি মেধীয়ে ৷ পতাকা উত্তোলনত সহযোগ কৰে কেন্দ্ৰীয় সমিতিৰ কাৰ্যনিৰ্বাহক সদস্য মনোজ কুমাৰ শৰ্মাই ৷ ইয়াৰ পিচতে স্মৃতি তৰ্পন কাৰ্যসূচী মুকলি কৰে কেন্দ্ৰীয় সমিতিৰ কাৰ্যালয় সম্পাদক প্ৰণৱ কুমাৰ ডেকাই। অনুষ্ঠানৰ আঁত ধৰে কেন্দ্ৰীয় সমিতিৰ সহকাৰী সাধাৰণ সম্পাদক আব্দুল ছোবাহান আলীয়ে ৷ অনুষ্ঠানত চিকিৎসাধীন হৈ থকা আপজুৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি কুঞ্জ মোহন ৰায়ৰ লগতে বৃহত্তৰ বঙাইগাঁও প্ৰেছ ক্লাবৰ সভাপতি সুজিৎ কুমাৰ ৰায়ৰ আশুআৰোগ্য কামনা কৰে ৷  প্ৰণৱ কুমাৰ ডেকা  বঙাইগাঁও 

ৰাজ্যিক শিক্ষামন্ত্ৰী ভৱেশ কলিতাই অসমত উদ্বোধন কৰিলে বিদ্যা ভাৰতীৰ "MyNEP" প্ৰতিযোগিতা

Image
ৰাজ্যিক শিক্ষামন্ত্ৰী ভৱেশ কলিতাই অসমত উদ্বোধন কৰিলে বিদ্যা ভাৰতীৰ "MyNEP" প্ৰতিযোগিতা।  পঙ্কজ নাথ, চাংসাৰি, ২২ ছেপ্টেম্বৰ : বিদ্যা ভাৰতীৰ দ্বাৰা কাৰ্যকৰী কৰা ‘মোৰ শিক্ষা-মোৰ ভাৰত’ "MyNEP" প্ৰতিযোগিতাখনি আজি অসমত উদ্বোধন কৰে অসম চৰকাৰৰ ৰাজ্যিক শিক্ষামন্ত্ৰী  ভৱেশ কলিতাই৷ বিদ্যা ভাৰতীৰ দ্বাৰা ৰাষ্ট্ৰীয় শিক্ষা নীতি-২০২০ৰ জৰিয়তে শিক্ষা খণ্ডত হ’বলগীয়া যুগান্তকাৰী পৰিবৰ্তনক প্ৰতিগৰাকী লোকৰ ওচৰলৈ নিয়াৰ প্ৰয়াস কৰি ১৩ টা ভাষাত সৰ্বভাৰতীয় পৰ্যায়ত পণ্ডিত দীন দয়াল উপাধ্যায়ৰ জন্ম দিন ২৫ চেপ্তেম্বৰৰ পৰা আৰম্ভ কৰি ২ অক্টোবৰ গান্ধী জয়ন্তীলৈকে এই প্ৰতিযোগিতা চলিব৷ এই প্ৰতিযোগিতাক তিনি ভাগত বিভক্ত কৰা হৈছে৷ প্ৰথম ভাগত নৱম মানৰ পৰা দ্বাদশ, দ্বিতীয় ভাগত স্নাতক পৰ্যায়ৰ ছাত্ৰ আৰু তৃতীয় পৰ্যায়ত সাধাৰণ লোকক সাঙুৰি ল’ব৷ সকলো প্ৰতিযোগিতাত সকলো বৰ্গৰ আৰু ভাষাৰ বাবে পুৰস্কাৰ থাকিব৷ "MyNEP" কাৰ্যসূচীৰ জৰিয়তে ‘মিম মেকিং, পেইণ্টিং, পোষ্টাৰ নিৰ্মাণ, বক্তৃতা প্ৰদান, প্ৰধানমন্ত্ৰীলৈ পত্ৰ, ৰচনা লিখা, ডিজিটেল ডিজাইন, কুইজ আদি প্ৰতিযোগিতাত অংশ গ্ৰহণৰ সুযোগ লাভ কৰিব৷

ইণ্ডিয়ান বুক অব ৰেকৰ্ডছত ছাত্ৰী & জাতীয় গণ সংগ্ৰাম পৰিষদ, অসম'ৰ চৰকাৰলৈ আহ্বান, ছাত্ৰী গৰাকীলৈ শুভেচ্ছা

Image
ইণ্ডিয়ান বুক অব ৰেকৰ্ডছত ছাত্ৰী & জাতীয় গণ সংগ্ৰাম পৰিষদ, অসম'ৰ চৰকাৰলৈ আহ্বান, ছাত্ৰী গৰাকীলৈ শুভেচ্ছা ফাৰ্ষ্ট নিউজ ৰিপৰ্ট শিৱসাগৰ , ২২ চেপ্তেম্বৰ : শিৱসাগৰ জিলাৰ বাঁহগড়াৰ ছাত্ৰীৰ প্ৰতিভা ইণ্ডিয়ান বুক অব ৰেকৰ্ডছত অন্তৰ্ভুক্ত হৈছে । প্ৰতিভাৰ অভাৱ নাই এইখন অসমত ৷ এই কথাষাৰকে পুনৰ প্ৰমাণ কৰি দেখুৱালে নাজিৰা বাঁহগড়াৰ এগৰাকী ছাত্ৰীয়ে ৷ শিৱসাগৰ মহাবিদ্যালয়ৰ স্নাতক পঞ্চম ষান্মাসিকৰ ছাত্ৰী তথা নাজিৰা লিগিৰিপুখুৰীস্থিত কলাংগন ফাইন আৰ্ট এণ্ড ক্ৰাফট একাডেমীৰ অন্তিম  বৰ্ষৰ ছাত্ৰী চন্দ্ৰিকা নেওগে নিজ প্ৰতিভাৰ ফলত এটি ৰঙা লাওৰ গুটিৰ ওপৰত দেশৰ জাতীয়  পতাকা উত্তোলনৰ চিত্ৰ অংকন কৰি নিজৰ নাম Indian Book of Recordsত সন্নিৱিষ্ট কৰিবলৈ সক্ষম হৈছে ।সৰুৰে পৰা চিত্ৰ অংকনৰ প্ৰতি বিশেষ আগ্ৰহী চন্দ্ৰিকাই নিজ চিন্তাৰে বহু ব্যতিক্ৰমী ছবি আঁকিবলৈ সক্ষম হৈ আহিছে ৷ চন্দ্ৰিকাৰ হাতৰ পৰশত প্ৰাণ পাই উঠিছে বহু বৰেণ্য ব্যক্তিৰ ছবি ৷ আজৰি সময়ত মানুহৰ প্ৰতিচ্ছবি আঁকি ভাল পাই চন্দ্ৰিকাই ৷ ইয়াৰ উপৰিও ব্যতিক্ৰমী চিন্তাৰে মমৰ ধোঁৱাৰে সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ এখন বৃহত চিত্ৰ অঁকাৰ লগতে কফিৰ ৰঙেৰে জাতিৰ পিতা

নগাঁৱৰ কাছমাৰীত সন্ধানহীন দুই সন্তানৰ পিতৃৰ

Image
নগাঁৱৰ পৰা জয়ন্ত মুদৈ, ২২ছেপ্টেম্বৰঃ নগাঁও জিলাৰ বেবেজীয়াৰ দাঁতি কাষৰীয়া কাছমাৰী নিবাসী প্ৰেমকান্ত নাথ (৪৬) নামৰ লোকজন দুদিন ধৰি নিৰুদ্দেশ হৈ থকা ঘটনাই স্থানীয় অঞ্চলজুৰি ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ জানিব পৰা মতে, দুই সন্তানৰ পিতৃ প্ৰেমকান্ত নাথ কালি পুৱাৰ ভাগত ঘৰৰ কিছু নিলগৰ চকলাঘাটৰ টুকুৰাবাহীত থকা শহুৰৰ ঘৰ অভিমুখে যোৱাৰ পিছৰে পৰা আশ্চৰ্যজনকভাবে সন্ধানহীন হৈ পৰে ৷ কৃষিকৰ্মৰে পৰিয়াল পোহপাল দিয়া অতি সৎ আৰু অমায়িক স্বভাবৰ লোকজন এনেদৰে হঠাতে নিখোজ হৈ পৰাত ঘৰত হুৱাদুৱা লাগে আৰু পৰিয়ালৰ লোকে শহুৰৰ পৰিয়াল আৰু আত্মীয়-স্বজনৰ ঘৰৰ লগতে সম্ভাব্য সকলো ঠাইতে বিচাৰ-খুচাৰ কৰিও কোনো শুংসূত্ৰ নোপোৱাত চৰম দুঃশ্চিন্তাত পৰি আজি নগাঁও সদৰ থানাত নিৰুদ্দেশ সন্দৰ্ভত এখন এজাহাৰ দাখিল কৰিছে ৷ ইতিমধ্যে আৰক্ষীয়ে এজাহাৰৰ ভিত্তিত এটি গোচৰ ৰুজু কৰি নিৰুদ্দিষ্ট লোকজনৰ সন্ধানত নামি পৰিছে যদিও কোনো সম্ভেদ বাহিৰ কৰিবলৈ সক্ষম নোহোৱাত লোকজনৰ পত্নী আৰু দুই সন্তানসহিতে পৰিয়ালৰ লোকসকল এতিয়া মানসিকভাবে ভাগি পৰিছে ৷ সেয়ে কোনো সদাশয় লোকে লোকজনৰ যদি কোনো সম্ভেদ পায় তেন্তে ওচৰৰ আৰক্ষী থানা নাইবা ৯৯৫৭৯-৫৯৫৮৭ নম্বৰত

অসম চাহ মজদুৰ সংঘৰ ধৰ্ণা কাৰ্যসূচী

Image
অসম চাহ মজদুৰ সংঘৰ ধৰ্ণা কাৰ্যসূচী।* সদৌ অসম চাহ মজদূৰ সংঘৰ নাহৰকটীয়া শাখা সমিতিৰ উদ্যোগত আজি নাহৰকটীয়া সমষ্টিটোৰ চাহ বাগিচাৰ শ্ৰমিক-কৰ্মচাৰী সকলে দৈনিক মজুৰি বৃদ্ধিৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰে। নাহৰকটীয়া চাহ মজদূৰ সংঘৰ শাখা কাৰ্যালয় সন্মুখত অনুষ্ঠিত হোৱা ধৰ্ণা কাৰ্যসূচীত বাগিচাৰ শ্ৰমিক সকলে হাতে হাতে প্লে কাৰ্ড বেনাৰ লৈ বিভিন্ন চৰকাৰ বিৰোধী শ্লোগান দি পৰিবেশ উত্তাল কৰি তোলে। উল্লেখযোগ্য যে ২০১৬ চনতে শ্ৰমিক সকলৰ দৈনিক মজুৰি বিষয়টো হস্তক্ষেপ কৰি ৰাজ্যৰ শ্ৰমমন্ত্ৰী গৰাকীক অধ্যক্ষ ৰূপে লৈ নিম্নতম মজুৰি নিৰ্ধাৰণ সমিতি গঠন কৰা হৈছিল যদিও আজি পৰ্যন্ত শ্ৰমিকৰ দৈনিক মজুৰি বিষয়টো অৱহেলিত হৈ ৰল। যাৰ পৰিপ্ৰেক্ষিতত আজি চাহ মজদূৰ সংঘৰ শাখা কাৰ্যালয় সন্মুখত ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে। ধৰ্ণা কাৰ্যসূচীৰ অন্তত শ্ৰমিক সকলে দৈনিক মজুৰি ৩৫১ টকালৈ বৃদ্ধিকে ধৰি শ্ৰমিক সকলৰ বিভিন্ন সমস্যাৰ সমাধানৰ দাবীসম্বলিত এক স্মাৰক পত্ৰ ৰাজ্য চৰকাৰলৈ ৰাজহ চক্ৰ বিষয়াৰ যোগেদি প্ৰেৰণ কৰে। নাহৰকটীয়াৰ পৰা গগন হাজৰীকাৰ প্ৰতিবেদন ।

ৰঙিয়া পৌৰসভাত প্ৰকাশ হ'ল খচৰা ভোটাৰ তালিকা

Image
ৰঙিয়া পৌৰসভাত প্ৰকাশ হ'ল খচৰা ভোটাৰ তালিকা দাবী, আপত্তি দাখিলৰ অন্তিম তাৰিখ ৩ অক্টোবৰ ৰঙিয়াৰ মহকুমাধিপতি স্বপ্নীল পালে জাৰি কৰিলে জাননী প্ৰতিবেদক, ৰঙিয়া, ২২ চেপ্তেম্বৰ : আগন্তুক পৌৰ নিৰ্বাচন-২০২০ৰ লগত সংগতি ৰাখি ৰাজ্যিক নিৰ্বাচন আয়োগে অসম পৌৰ আইন ১৯৫৬ৰ অধীনৰ ১৪ নং বিধি মতে আজি ৰঙিয়াত প্ৰকাশ কৰে প্ৰাৰম্ভিক খচৰা ভোটাৰ তালিকা। আজি প্ৰকাশ পোৱা এই খচৰা ভোটাৰ তালিকাৰ তথ্য অনুযায়ী ৰঙিয়া পৌৰ সভা এলেকাত মুঠ ভোটাৰৰ সংখ্যা ২০,৮৩৯ গৰাকী। ইয়াৰে ১০,৫৬৪ জন পুৰুষ আৰু ১০,২৭৫ গৰাকী মহিলা ভোটাৰ। ৰাজ্যিক নিৰ্বাচন আয়োগে প্ৰকাশ কৰা মতে, ভোটাৰ তালিকাত নাম অন্তৰ্ভুক্তিৰ দাবী, আপত্তি দাখিলৰ অন্তিম তাৰিখ ৩ অক্টোবৰ'২০২০ । দাবী, আপত্তি দাখিল তালিকা প্ৰকাশৰ তাৰিখ ৫ অক্টোবৰ' ২০২০ । দাবী, আপত্তি নিষ্পত্তিকৰণৰ অন্তিম তাৰিখ ১৪ অক্টোবৰ '২০২০ আৰু চূড়ান্ত ভোটাৰ তালিকা প্ৰকাশৰ তাৰিখ ২০ অক্টোবৰ' ২০২০ মঙ্গলবাৰে।ৰঙিয়া মহকুমাৰ মহকুমাধিপতি (অসামৰিক) স্বপ্নীল পাল,(আই.এ.এচ.)য়ে এই সন্দৰ্ভত এক জাননী জাৰি কৰি ভোটাৰ তালিকাত নাম অন্তৰ্ভুক্তিৰ দাবী, আপত্তি আৰু শুধৰণিৰ আবেদনৰ নিৰ্দিষ্ট প্ৰ-পত্ৰ ৰঙিয়া প

নগাঁৱত দুৰ্গা পূজা উদযাপনৰ ক্ষেত্ৰত কঠোৰ নিৰ্দেশনা জিলা প্ৰশাসনৰ

Image
নগাঁৱৰ পৰা জয়ন্ত মুদৈ, ২২ ছেপ্টেম্বৰঃ সমগ্ৰ ৰাজ্যতে অব্যাহত থকা কৰ'না মহামাৰীৰ ভয়াবহতা আৰু ইয়াৰ সংক্ৰমণ প্ৰতিৰোধৰ প্ৰতি লক্ষ্য ৰাখি নগাঁও জিলা দণ্ডাধীশে এক আদেশ যোগে আগন্তুক শাৰদীয় দুৰ্গা পূজা উদযাপনৰ ক্ষেত্ৰত কিছু নিৰ্দেশনা জাৰি কৰিছে । এই অনুসৰি পূজা মণ্ডপৰ আশে-পাশে কোনো ধৰণৰ মেলা আদি অনুষ্ঠিত কৰিব নোৱাৰিব লগতে পথৰ ওপৰত কোনোধৰণৰ অস্থায়ী পেণ্ডেল নিৰ্মাণ কৰিব নোৱাৰিব। পূজা মণ্ডপ সমূহত  একে সময়তে আয়োজক কমিটি আৰু পূজাৰী সহিতে ৩০ জনতকৈ অধিক ব্যক্তি সমবেত হব নোৱাৰিব আৰু পূজা মণ্ডপ সমূহত সামাজিক দূৰত্ব মানি চলি ২০ গৰাকীতকৈ অধিক ভক্ত একেলগে সমবেত হব নোৱাৰিব । সকলো ভক্তই পূজা মণ্ডপ সমূহত মুখত মাস্ক পৰিধান কৰি আৰু হাত ধুইহে প্ৰৱেশ কৰিব পাৰিব ৷ এই ক্ষেত্ৰত আয়োজক কমিটি সমূহে হাত ধুৱাৰ সু-ব্যৱস্থা কৰিব লাগিব । ইফালে, কোনেও দেৱী বিসৰ্জনৰ ক্ষেত্ৰত কোনো ধৰণৰ সমদল কৰিব নোৱাৰিব ৷ মাত্ৰ ৫ গৰাকী ব্যক্তিকহে বিসৰ্জন পৰ্বত যোগদানৰ অনুমতি প্ৰদান কৰা হব। সকলো ভক্তৰ বাবে পূজা মণ্ডপ সমূহত আয়োজক কমিটিয়ে থাৰ্মেল স্কেনিঙৰ ব্যৱস্থা কৰিব লাগিব ৷ এই ক্ষেত্ৰত কোনো ব্যক্তিৰ কৰণা সংক্ৰান্তীয় কোনো লক্ষণ

একেৰাহে সপ্তম বৰ্ষলৈ ভাৰতৰ শীৰ্ষ ব্ৰেণ্ড এইচডিএফচি বেংক

ষ্টাফ ৰিপ'ৰ্টাৰ,,,২০ ছেপ্টেম্বৰ, এইচডিএফচি বেংকক একেৰাহে সপ্তমবাৰলৈ ভাৰতৰ সবাতোকৈ উৎকৃষ্ট ব্ৰেণ্ডৰ স্থান দিয়া হৈছে। সমীক্ষা অনুসৰি ২০২০ ৰ BrandZ ৰ শীৰ্ষ ৭৫ উৎকৃষ্ট ব্ৰেণ্ডৰ এটা এইচডিএফচি বেংক। এইচডিএফচি বেংকৰ ব্ৰেণ্ড মূল্য ২০.৩ বিলিয়ন আমেৰিকান ডলাৰ। চলিত বৰ্ষৰ এক অধ্যয়ন অনুসৰি ৮৯ টা বিভিন্ন বিভাগৰ সৈতে ১,১৪০ টা ভাৰতীয় ব্ৰেণ্ডসহ ৩.৮ নিযুত গ্ৰাহকক সাঙুৰি লৈছে বেংকটোৱে। BrandZএ এইচডিএফচিক লৈ লিখা প্ৰতিবেদনত উল্লেখ কৰিছে"-২০২০ BrandZTM ৰ শীৰ্ষ ১০০ টা উৎকৃষ্ট বিশ্ব স্তৰৰ ব্ৰেণ্ডৰ ভিতৰত ৫৯ নম্বৰ দখল কৰা এইচডিএফচি বেংকে নিজৰ বিত্তীয় পাৰদৰ্শিতা আৰু গ্ৰাহকৰ অভিজ্ঞতাৰ সৈতে সামঞ্জস্য বজাই ৰাখিবলৈ সক্ষম হৈছে"। এক সমীক্ষা চলাই এইচডিএফচি বেংকক এই ৰেংকিং প্ৰদান কৰিছে গ্ল'বেল কমিউনিকেচন চাৰ্ভিছ বেহেমথ, ডব্লিউপিপি ৰ দ্বাৰা পৰিচালিত গ্রুপ কোম্পানী কন্তাৰ মিলৱাৰ্ড ব্ৰাউনে। BrandZৰ এছিয়াৰ অধ্যক্ষ আৰু ডব্লিউ পিপি ইএমই'ৰ চিইঅ' ডেভিড ৰোথে কয়"-বিশ্বস্তৰৰ ব্ৰেণ্ড সমূহৰ সমীক্ষা কৰোনা মহামাৰীৰ সময়ত কৰি থকা হয়। বিশেষকৈ ভাৰতৰ দৰে দেশত, য'ত ক'ভিড -১৯ৰ প্ৰকোপৰ পূৰ্বে অৰ্থব্যৱস্

খুলিছে তলা, জামুগুৰিতো বিদ্যালয়লৈ শিক্ষাৰ্থী

Image
#আজিৰপৰা খোল খালে বিদ্যালয়সমুহৰ তলা৷ #জামুগুৰিহাটত কম সংখ্যক ছাত্ৰ ছাত্ৰীৰে বিদ্যালয়ত পাঠদান আৰম্ভ৷ #কেবাখনো বিদ্যালয়ত ছাত্ৰ ছাত্ৰীৰ উপস্থিতি শূণ্য৷ ফাৰ্ষ্ট নিউজ,জামুগুৰিহাট,২১ছেপ্তেম্বৰ : সূদীৰ্ঘ ছমাহৰ অন্তত আজি ৰাজ্যৰখনৰ অন্যান্য প্ৰান্তৰ লগতে জামুগুৰিহাটতো খোল খালে বিদ্যালয়সমুহৰ তলা৷অভিভাৱকসকলৰ সন্মতি পত্ৰ লৈ অহা ছাত্ৰ ছাত্ৰীসকলক পাঠদান আৰম্ভ কৰিছে শিক্ষক শিক্ষয়ত্ৰীসকলে৷জামুগুৰিহাটৰ চিবিএছই পাঠ্যক্ৰমৰ বিদ্যালয় হলি ছাইল্ড ইংলিছ স্কুলতো আজি সম্পূৰ্ণ চৰকাৰী নীতি নিয়ম পালন কৰি বিদ্যালয়লৈ অহা ছাত্ৰ ছাত্ৰী সকলক পাঠদান কৰিছে শিক্ষক শিক্ষয়ত্ৰীসকল৷ বিদ্যালয়খনৰ মূল প্ৰৱেশদ্বাৰত বিদ্যালয়লৈ অহা প্ৰতিগৰাকী ছাত্ৰ ছাত্ৰীৰ লগতে শিক্ষক অভিভাৱকসকলকো হাত চাবোন পানীৰে ধুবলৈ দিয়াৰ লগতে জ্বৰ,উশাহ নিশাহ সঠিকভাৱে লোৱাত সুবিধাজনক আছে নে নাই আদি পৰীক্ষা কৰা মেচিনৰে পৰীক্ষা কৰিছে বিদ্যালয় কৰ্তৃপক্ষই৷আনহাতে বিদ্যালয়লৈ পঠোৱা অভিভাৱকৰ সন্মতি পত্ৰও পৰীক্ষা কৰিহে বিদ্যালয়ত প্ৰৱেশ কৰাৰ অনুমতি প্ৰদান কৰিছে বিদ্যালয় কৰ্তৃপক্ষই৷ অন্যহাতে ছাত্ৰ ছাত্ৰীৰ পাঠদানৰ বাবেও বিদ্যালয়খনৰ কেবাট