নাজিৰা কবি সন্মিলনৰ উদ্যোগত পথাৰৰ কবি ৰাম গগৈ স্মৃতি দিৱস উদযাপন

ফাষ্ট নিউজ ৰিপৰ্ট, নাজিৰা ১০ চেপ্তেম্বৰ

 নাজিৰা কবি সন্মিলনৰ উদ্যোগত সদৌ অসম কবি সন্মিলনৰ প্ৰাণ প্ৰতিষ্ঠাপক জনচেতনাৰ কবি তথা পৃথিৱীৰ কবি ৰাম গগৈ  ২৬সংখ্যক স্মৃতি দিৱস উদযাপন কৰা হয়। সন্ধিয়া ৭-২৫ বজাৰ পৰা সম্পাদক সুৰেশ ভূঞাই আঁত ধৰা আৰু নিহাল গগৈৰ বিশেষ কাৰিকৰী ব্যৱস্থাপনাত"গোগল মিট" জৰিয়তে অনুষ্ঠিত কৰা অনুষ্ঠানটি বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভ কৰাৰ লগতে আদৰণি অভিবাদন প্ৰদান কৰে সভাপতি তৰুণ চন্দ্ৰ নাথে। অনুষ্ঠানত মুখ্য অতিথি হিচাপে সদৌ অসম কবি সন্মিলনৰ প্ৰাক্তন সভাপতি তথা বিশিষ্ট  আবৃত্তিকাৰ, লেখিকা জুলিয়ানা বেগমে ৰাম গগৈৰ স্মৃতিচাৰণ কৰি তেওঁৰ সতে হোৱা কাব্যিক যাত্ৰাৰ সানিধ্যতাৰ কিছু অভিজ্ঞতা ব্যক্ত কৰাৰ লগতে ৰাম গগৈ ব্যক্তিত্ব আৰু জীৱন-দৰ্শন আলোকপাত কৰে। নিৰ্দিষ্ট বক্তা হিচাপে বিশিষ্ট সাহিত্য সমালোচক, কবি ৰমানন্দন বৰাই ৰাম গগৈৰ কবিতাত ইতিহাস চেতনা শীৰ্ষক  বিষয়ত সাৰগৰ্ভ বক্তৃতাৰে সকলোকে আপ্লুত কৰে। কেইবাগৰাকী উদীয়মান যুৱ কবিয়ে ৰাম গগৈৰ ৰচিত কবিতা বিশেষকৈ কৰবী গগৈয়ে "মই পৃথিৱীৰ কবি" , সমীৰ শঙ্কৰ দত্তই " সুন্দৰৰ পৰা সুন্দৰত্বম", হিৰন্ময় বৰুৱাই "হে পৃথিৱী অন্তৰতমা" , কনক নেওগে "ইতিহাস" আবৃত্তি কৰি অনুষ্ঠানটি জীপাল কৰি তোলাৰ উপৰিও অসমা তুংখুঙীয়া, অপূৰ্ব কুমাৰ চেতিয়া, লাৱন্য দত্ত ফুকন, বিচিত্ৰা বৰা ভূঞাকে ধৰি বহু সংখ্যক কবিয়ে মুখ্য অতিথি গৰাকীৰ সতে কৰা অন্তৰঙ্গ আলাপে অনুষ্ঠানটি অধিক প্ৰাণৱন্ত কৰি তোলে। অনুষ্ঠানত শিৱসাগৰ জিলা কবি সন্মিলনৰ সভাপতি ত্ৰিদীপ বৰগোহাঞি, নাজিৰা কবি সন্মিলনৰ উপ-সভাপতি আয়েশা খাটুন, নাজিৰা কবি সন্মিলনৰ মুখপত্ৰ প্ৰতীতিৰ সম্পাদক হৰেন চন্দ্ৰ নাথ, দিতীমণি বুঢ়াগোহাঁই, অনিমা গোস্বামী, বিশ্বজিৎ নাথকে ধৰি প্ৰায় ডেৰ কুৰি কবিয়ে অংশগ্ৰহণ কৰে।শেষত কাব্য মন্ত্ৰ পাঠেৰে অনুষ্ঠানৰ সামৰণি কৰে। উল্লেখযোগ্য যে নাজিৰা কবি সন্মিলনে যোৱা এপ্ৰিল মাহৰ পৰাই এইদৰেই অনলাইন মাধ্যমেৰে কেইবাটাও মননশীল অনুষ্ঠান অনুষ্ঠিত কৰি অহাৰ উপৰিও  "আলোচ্য" শীৰ্ষক সাপ্তাহিক আলোচনা অনুষ্ঠানৰ যোগেদি এতিয়ালৈকে প্ৰায়  চৈধ্য গৰাকী অসমৰ স্বনামধন্য কবি-সাহিত্যিকৰ জীৱন-দৰ্শন, সাহিত্য অৱদান সম্পৰ্কে আলোচিত কৰি শ্ৰদ্ধাৰে স্মৰণ কৰি আহিছে। শাখা কবি সন্মিলনখনিৰ কাব্য-সাহিত্য চৰ্চাৰ এনেধৰণৰ প্ৰচেষ্টাত সচেতন মহলে ভূয়সী প্ৰশংসা কৰিছে।
নাজিৰাৰ পৰা মুনীন্দ্ৰ নাথ শইকীয়া

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা