ভাৰতীয় অভিলেখ পুথি (INDIAN BOOK OF RECORDS) ত নিজৰ নাম অন্তৰ্ভূক্ত কৰিবলৈ সক্ষম হৈছে শিৱসাগৰ নাজিৰাৰ কন্যা চন্দ্ৰিকা নেওঁগে

ভাৰতীয় অভিলেখ পুথি (INDIAN BOOK OF RECORDS) ত নিজৰ নাম অন্তৰ্ভূক্ত কৰিবলৈ সক্ষম হৈছে শিৱসাগৰ নাজিৰাৰ কন্যা চন্দ্ৰিকা নেওঁগে :

ফাষ্ট নিউজ ৰিপৰ্ট, নাজিৰা, ১৮ ছেপ্তেম্বৰ 
নাজিৰাৰ বাহঁগড়া ঢেলিপুখুৰী গাঁওৰ নিবাসী কমল নেওঁগ আৰু শিক্ষয়িত্ৰী ৰুমি গগৈ নেওঁগৰ প্ৰথম কন্যা তথা নাজিৰা লিগিৰী পুখুৰী স্হিত "কলাংগন ফাইন আৰ্ট এণ্ড ক্ৰাফট একাডেমী"ৰ অন্তিম শিক্ষা বৰ্ষৰ ছাত্ৰী চন্দ্ৰিকা নেওঁগে নিজৰ সুপ্ৰতিভাৰে অভিলেখ গঢ়িবলৈ সক্ষম হৈছে । তেওঁ এটি সামান্য ৰঙালাও গুটিৰ ওপৰত ভাৰতৰ ৰাষ্ট্ৰীয় পতাকাখন অংকণ কৰি নিজৰ নাম Indian Book of Records ত অন্তৰ্ভুক্ত কৰিবলৈ সক্ষম হৈছে । তেওঁৰ হাতৰ পৰশত ড' ভূপেন হাজৰিকাৰ দৰে মহৰ্ষি ব্যক্তিৰো ছবিয়ে প্ৰাণ পায় উঠিছে ।  ইয়াৰোপৰি তেওঁ এখন প্লাষ্টিক বটলৰ মুখনিত অসমৰ মানচিত্ৰ সুন্দৰকৈ অংকণ কৰিছে । শিৱসাগৰৰ জয়সাগৰ মহাবিদ্যালয়ত অধ্যয়ন কৰা এই ছাত্ৰী গৰাকীৰ যথেষ্ট প্ৰতিভা আছে আৰু এই নিজৰ প্ৰতিভাৰ  প্ৰতি থকা একাগ্ৰতাৰ বাবেই আজি চন্দ্ৰিকা নেওঁগে অভিলেখ গঢ়িবলৈ সক্ষম হৈছে । একাগ্ৰতা থাকিলে সকলো কামেই সম্ভৱ ইয়াৰে প্ৰশস্ত উদাহৰণ এই ছাত্ৰী গৰাকী । ছাত্ৰী গৰাকীৰ এই সফলতাত সমগ্ৰ শিৱসাগৰবাসীয়ে আজি গৌৰৱ কৰিছে । এই সফলতাৰ ধাৰা যাতে অব্যাহত থাকে তাৰ প্ৰতি লক্ষ্য ৰাখি নিজৰ কাম কৰি যাবৰ বাবে " কলাংগন ফাইন আৰ্ট এণ্ড ক্ৰাফট একাডেমী" ৰ পৰিচালক জিয়ায়ুদ্দিন আহমেদ,পৰিচালনা সমিতিৰ আনজন বিষয়ববীয়া অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ শিৱসাগৰ জিলা সমিতিৰ প্ৰচাৰ সম্পাদক ভাস্কৰজ্যোতি মহন্ত  লগতে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ শিৱসাগৰ জিলা সমিতিৰ সভাপতি দাদুল নেওঁগে অভিনন্দন জনায় ।
নাজিৰাৰ পৰা মুনীন্দ্ৰ নাথ শইকীয়া

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা