ধিঙৰ আঠগাঁও এম ভি স্কুলৰ প্ৰধান শিক্ষয়িত্ৰী কুসুম কলিতালৈ কৃতী শিক্ষকৰ বটা

নগাঁৱৰ পৰা জয়ন্ত মুদৈ, ৬ ছেপ্টেম্বৰঃ নগাঁও জিলাৰ ধিং নিবাসী তথা বটদ্ৰৱা প্ৰাথমিক শিক্ষাখণ্ডৰ অধীনৰ আঠগাওঁ এম ভি স্কুলৰ প্ৰধান শিক্ষয়ত্ৰী কুসুম কলিতাই কৃতী শিক্ষকৰ বটা লাভেৰে স্থানীয় অঞ্চললৈ গৌৰৱ কঢ়িয়াই আনিছে । শনিবাৰে ৫৯ সংখ্যক শিক্ষক দিৱস উপলক্ষে নগাওঁ জিলা প্ৰশাসন আৰু শিক্ষা বিভাগৰ উদ্যোগত নগাওঁ চৰকাৰী উচ্চতৰ মাধ্যমিক বালক বিদ্যালয়ত আয়োজিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত কুসুম কলিতাক এই সন্মান আনুষ্ঠানিকভাবে প্ৰদান কৰা হয় । দীৰ্ঘদিনে শিক্ষকতা কৰি অহাৰ পিছত এইদৰে বঁটা লাভ কৰি উৎফুল্লিত হৈ পৰিছে শিক্ষয়িত্ৰী গৰাকী । বহু কষ্ট, নিষ্ঠা আৰু ত্যাগেৰে ছাত্ৰ-ছাত্ৰীক জ্ঞানৰ পোহৰ বিলাই নিজৰ কৰ্মৰত বিদ্যালয়ৰ আন্তঃগাঠনিকে ধৰি শিক্ষাৰ সুন্দৰ পৰিৱেশ গঢ়ি তোলাৰ সমান্তৰালকৈ শিক্ষাৰ্থী আৰু অভিভাৱকৰ লগত সু-সম্পৰ্ক গঢ়ি তুলিবলৈ সক্ষম হোৱা কুসুম কলিতাৰ এনে সফলতাক লৈ স্থানীয় অঞ্চলজুৰি উৎসাহৰ ঢল বৈছে আৰু সকলোয়ে তেওঁক কৃতজ্ঞতা জনাইছে।
==================

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা