নগাঁৱৰ কাছমাৰীত সন্ধানহীন দুই সন্তানৰ পিতৃৰ

নগাঁৱৰ পৰা জয়ন্ত মুদৈ, ২২ছেপ্টেম্বৰঃ নগাঁও জিলাৰ বেবেজীয়াৰ দাঁতি কাষৰীয়া কাছমাৰী নিবাসী প্ৰেমকান্ত নাথ (৪৬) নামৰ লোকজন দুদিন ধৰি নিৰুদ্দেশ হৈ থকা ঘটনাই স্থানীয় অঞ্চলজুৰি ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ জানিব পৰা মতে, দুই সন্তানৰ পিতৃ প্ৰেমকান্ত নাথ কালি পুৱাৰ ভাগত ঘৰৰ কিছু নিলগৰ চকলাঘাটৰ টুকুৰাবাহীত থকা শহুৰৰ ঘৰ অভিমুখে যোৱাৰ পিছৰে পৰা আশ্চৰ্যজনকভাবে সন্ধানহীন হৈ পৰে ৷ কৃষিকৰ্মৰে পৰিয়াল পোহপাল দিয়া অতি সৎ আৰু অমায়িক স্বভাবৰ লোকজন এনেদৰে হঠাতে নিখোজ হৈ পৰাত ঘৰত হুৱাদুৱা লাগে আৰু পৰিয়ালৰ লোকে শহুৰৰ পৰিয়াল আৰু আত্মীয়-স্বজনৰ ঘৰৰ লগতে সম্ভাব্য সকলো ঠাইতে বিচাৰ-খুচাৰ কৰিও কোনো শুংসূত্ৰ নোপোৱাত চৰম দুঃশ্চিন্তাত পৰি আজি নগাঁও সদৰ থানাত নিৰুদ্দেশ সন্দৰ্ভত এখন এজাহাৰ দাখিল কৰিছে ৷ ইতিমধ্যে আৰক্ষীয়ে এজাহাৰৰ ভিত্তিত এটি গোচৰ ৰুজু কৰি নিৰুদ্দিষ্ট লোকজনৰ সন্ধানত নামি পৰিছে যদিও কোনো সম্ভেদ বাহিৰ কৰিবলৈ সক্ষম নোহোৱাত লোকজনৰ পত্নী আৰু দুই সন্তানসহিতে পৰিয়ালৰ লোকসকল এতিয়া মানসিকভাবে ভাগি পৰিছে ৷ সেয়ে কোনো সদাশয় লোকে লোকজনৰ যদি কোনো সম্ভেদ পায় তেন্তে ওচৰৰ আৰক্ষী থানা নাইবা ৯৯৫৭৯-৫৯৫৮৭ নম্বৰত যোগাযোগ কৰিবলৈ দুৰ্ভগীয়া পৰিয়ালৰ লোকে অনুৰুধ জনাইছে ৷
==================

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা