সংবিধান অৱমাননাৰ অভিযোগত আছুৰ পৰা বহিস্কাৰ

নগাঁৱৰ পৰা জয়ন্ত মুদৈ, ১১ ছেপ্টেম্বৰঃ সদৌ নগাঁও জিলা ছাত্ৰ সন্থাৰ অন্তৰ্গত হাতীচোং আঞ্চলিক ছাত্ৰ সন্থাৰ সাংগঠনিক সম্পাদক উৱাজিদ ৰোমানক আছুৰ পৰা বহিস্কৃত কৰা হৈছে ৷ হাতীচোং আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি কৃতাঞ্জল বৰা আৰু ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক সীমান্ত বৰাৰ দ্বাৰা স্বাক্ষৰিত এক বিবৃতিৰ জৰিয়তে জানিবলৈ দিয়া মতে, সদৌ অসম ছাত্ৰ সন্থাৰ নীতি-আদৰ্শ আৰু সংবিধানক অৱমাননা কৰি সংবিধান বিৰোধী কাৰ্য-কলাপত লিপ্ত থকাৰ হেতু উৱাজিদ ৰোমানক তৎকালে কাৰ্যকৰী হোৱাকৈ তেওঁৰ পদবীৰ লগতে সন্থাৰ প্ৰাথমিক সদস্যৰ পৰাও বহিস্কৃত কৰা হৈছে ৷ গতিকে কোনো অনুষ্ঠান-প্ৰতিষ্ঠান বা ব্যক্তি বিশেষক ইতিমধ্যে বহিস্কাৰ কৰা উৱাজিদ ৰোমানৰ লগত ছাত্ৰ সন্থাৰ সংক্ৰান্তীয় কোনো কামতে যোগাযোগ নকৰিবলৈ বিবৃতিটোৰ জৰিয়তে সকলোলৈকে হাতীচোং আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি আৰু ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদকদ্বয়ে আহ্বান জনাইছে ৷
=================

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা