নলবাৰীৰ নিজ পকোৱাত ৰাষ্ট্ৰীয় বজৰং দলৰ নতুন সমিতি গঠন

*ৰূপক বৈশ্য, ফাৰ্ষ্ট নিউজ ৰিপোৰ্ট, নলবাৰী, ৬ ছেপ্তেম্বৰ*

আজি দিনৰ ১১ বজাত নলবাৰীৰ নিজ পকোৱা ৰাজহুৱা শ্ৰীশ্ৰী শিৱ মন্দিৰ প্ৰাঙ্গনত হনুমান হেল্থ ক্লাবৰ উদ্যোগত আৰু পশ্চিম নলবাৰী ব্লক সমিতিৰ সহযোগত আন্তঃৰাষ্ট্ৰীয় হিন্দু পৰিষদ আৰু ৰাষ্ট্ৰীয় বজৰং দলৰ কেন্দ্ৰীয় সমিতিৰ কাৰ্যনিবাহকৰ উপস্থিতিত ন-পুৰণি সদস্যৰ পুনৰ মিলন আৰু নতুন সমিতি গঠনৰ উদ্দেশ্যে এখন সভা অনুষ্ঠিত হয় ৷ চন্দন ডেকাই সভাপতিত্ব কৰা উক্ত সভাত নতুন সমিতি এখন গঠন কৰা হয় ৷ সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে ভবেশ দাসে ৷ অনুষ্ঠানটোৰ আৰম্ভণিতে আঁত ধৰে সাংবাদিক ৰূপক বৈশ্যই ৷ সভাপতি হিচাপে বাবুল ডেকা, মুখ্য সংযোজক ধীৰেশ দত্ত, সম্পাদক ভবেশ দাস, উপ সভাপতি নৃপেন চন্দ্ৰ দাস, কুলেন দত্ত, মনোজ কুমাৰ দত্ত, গৌতম চৌধুৰী, সহঃ সম্পাদক সুৰজিৎ দত্ত, নিৰেণ দত্ত, অবনী ডেকাক লৈ নতুন সমিতিখন গঠন কৰা হয় ৷
প্ৰায় শতাধিক সদস্য তথা শুভাকাংক্ষীৰ উপস্থিতিত মুখ্য অতিথিদ্বয় বিভাগীয় সংগঠন সম্পাদক, উত্তৰ প্ৰান্তৰ বৈকুন্ঠ কলিতা আৰু ব্যামশলা প্ৰমুখ মণ্টুলাল দাস দুয়োগৰাকী অত্যন্ত সুখী হয় ৷ সংগঠনটোক পূব নলবাৰী আৰু পশ্চিম নলবাৰী অঞ্চলত পুনৰজীব্বিত কৰিবলৈ জিলা সম্পাদক বুবুল ডেকাৰ লগতে জিলা পৰ্যায়ৰ বিভিন্ন সদস্য সমন্বিতে বহুকেইগৰাকী সাংগঠনিক সদস্যও উপস্থিত থাকে ৷

*নলবাৰীৰ পৰা ৰূপক বৈশ্যৰ ৰিপোৰ্ট

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা