প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ জন্ম দিন উপলক্ষে নগাঁৱত ৰক্তদান শিবিৰ

নগাঁৱৰ পৰা জয়ন্ত মুদৈ, ১৬ ছেপ্তেম্বৰঃ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ৭০ সংখ্যক জন্ম বাৰ্ষিকী উপলক্ষে সমগ্ৰ দেশজুৰি আজিৰে পৰা আৰম্ভ কৰা হৈছে ৰক্তদান শিবিৰ ৷ ইয়াৰ অংশ হিচাপে নগাঁও জিলাটো ভাৰতীয় জনতা যুৱ মৰ্চাৰ নগাঁও ,হোজাই, কলিয়াবৰ আৰু কাৰ্বি আংলং জিলাৰ উদ্যোগত এনে এটা ৰক্তদান শিবিৰ অনুষ্ঠিত কৰা হয় ৷ এই শিবিৰটি দিনৰ ১১ বজাৰ পৰা অনুষ্ঠিত কৰা হয় নগাঁও ছোৱালী মহাবিদ্যালয়ত । উক্ত  ৰক্তদান শিবিৰটি আনুষ্ঠানিকভাবে শুভ উদ্বোধন কৰে নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাই ৷ এই ৰক্তদান শিবিৰত প্ৰায় পয়সত্তৰ জন ব্যক্তিয়ে স্বেচ্ছাই ৰক্ত দান কৰে ৷ শিবিৰত ভাৰতীয় জনতা যুৱ মৰ্চাৰ নগাঁও, হোজাই, কলিয়াবৰ আৰু কাৰ্বি আংলং জিলাৰ বিষয়-ববীয়া আৰু সদস্য সকল উপস্থিত থাকে ৷

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা