নলবাৰীৰ মৰোৱাৰ বিশিষ্ট নাট্যকাৰ, অভিনেতা, পৰিচালক তিলক বৈশ্যৰ দ্বিতীয়খন চুটি ছবি 'ভিক্ষাৰী ঈশ্বৰ'ৰ দৃশ্যগ্ৰহণ সমাপ্ত, অচিৰেই মুক্তিলাভ কৰিব

*নলবাৰীৰ মৰোৱাৰ বিশিষ্ট নাট্যকাৰ, অভিনেতা, পৰিচালক তিলক বৈশ্যৰ দ্বিতীয়খন চুটি ছবি 'ভিক্ষাৰী ঈশ্বৰ'ৰ দৃশ্যগ্ৰহণ সমাপ্ত, অচিৰেই মুক্তিলাভ কৰিব*

*ৰূপক বৈশ্য, ফাৰ্ষ্ট নিউজ ৰিপোৰ্ট, নলবাৰী, ১৬ চেপ্তেম্বৰ*

নামনি অসমৰ নলবাৰী জিলাখনে অতীজৰে পৰা শিক্ষা আৰু কলা-সংস্কৃতিৰ পথাৰ চিৰসেউজ কৰি ৰাখিবলৈ সক্ষম হৈছে যিটো সৰ্বজনবিদিত ৷ বিশেষকৈ নাট প্ৰদৰ্শনৰ ক্ষেত্ৰত বিশেষভাবে আগবঢ়া সমগ্ৰ নলবাৰী জিলাখন ৷ নলবাৰীৰ মৰোৱাৰ শিক্ষক, বিশিষ্ট তথা জেষ্ঠ নাট্যকাৰ, পৰিচালক তিলক বৈশ্যৰ কাহিনী-চিত্ৰনাট্য-সংলাপ আৰু থিয়েটাৰ ভাগ্যদেবীৰ প্ৰযোজক সুবোধ মজুমদাৰৰ যুটীয়া পৰিচালনাৰে চুটি ছবি “ভিক্ষাৰী ঈশ্বৰ”ৰ ইতিমধ্যে দৃশ্যগ্ৰহণ সম্পূৰ্ণ হৈ যায় ৷ এচ এম প্ৰডাকচনৰ বেনাৰত 'ভাগ্যদেবী প্ৰডাকচনচ্' নামৰ ইউটিউব চেনেলযোগে অচিৰেই মুক্তিলাভ কৰিবলগীয়া এই হাস্যমধুৰ চুটি ছবিখন প্ৰযোজনা কৰিছে ডা৹ খয়বাৰ উল্লাহে ৷ ইতিমধ্যে যোৱা কিছুদিন পূৰ্বে পৰিচালক বৈশ্যৰ নিজা কাহিনী, চিত্ৰনাট্য, সংলাপ, পৰিচালনা তথা সামগ্ৰিক পৰিকল্পনাৰে একেটি ইউটিউব চেনেলযোগে মুক্তিলাভ কৰা 'সংগ্ৰাম, আন এটি নাম জীৱনৰ' নামৰ প্ৰথমখন চুটি ছবিয়ে দৰ্শকৰ পৰা অভূতপূৰ্ব সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে ৷ স্থানীয় শিল্পীসকলৰ অভিনয়েৰে পৰিচালক বৈশ্য আৰু মজুমদাৰৰ যুটীয়া পৰিচালনাৰে এই দ্বিতীয়খন চুটি ছবিক লৈয়ো বৰ আশাবাদী পৰিচালকদ্বয় ৷ সম্প্ৰতি উক্ত চুটি ছবিখনৰ সম্পাদনাৰ বাবেও আগতীয়াকৈ ব্যৱস্থা কৰি ৰখা হৈছে বুলিও এই প্ৰতিবেদকক জানিবলৈ দিয়ে ৷ উল্লেখ্য যে দুয়োখন চুটি ছবিৰেই চুটিং মাথোঁ এটি এটি দিনতেই সমাপ্ত কৰা বুলিও পৰিচালকদ্বয়ে উৎসাহজনকভাবে জানিবলৈ দিয়ে ৷ প্ৰথমখনৰ দৰে দ্বিতীয়খন চুটি ছবিয়েও দৰ্শকৰ পৰা সমাদৰ লাভ কৰিলে আগত সময়লৈ ধাৰাবাহিকভাবে একোখনকৈ চুটি ছবিৰ লগতে পূৰ্ণদৈৰ্ঘৰ ছবি নিৰ্মাণৰো ঈঙ্গিত দিয়ে পৰিচালকদুগৰাকীয়ে ৷ এইক্ষেত্ৰত বিশেষভাবে উৎসাহ যোগাই অহা সাংস্কৃতিক কৰ্মী তথা যুব সাংবাদিক, শিক্ষক ৰূপক বৈশ্যৰ নাম উল্লেখ কৰে পৰিচালক তিলক বৈশ্যই ৷ নাট্যকাৰ, পৰিচালক তিলক বৈশ্যৰ কেইবাখনো নাটক ইতিমধ্যে আগশাৰীৰ বহুকেইটি ভ্ৰাম্যমান থিয়েটাৰ দলে সফলভাবে মঞ্চস্থ কৰিছে ৷ এন কে প্ৰডাকচনৰ নিবেদিত 'নিলামতীৰ বিয়া' নামৰ ভিচিডিখনৰ কাহিনী, চিত্ৰনাট্য, সংলাপ আছিল এইজনা জেষ্ঠ নাট্যকাৰ, পৰিচালক, অভিনেতা তিলক বৈশ্যৰ ৷

*প্ৰেৰকঃ ৰূপক বৈশ্য, নলবাৰী*

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা