শিৱসাগৰত অঘটন ! মাতাল ব্যৱসায়ীৰ হাতত আহত কৰ্তব্যৰত যানবাহন শাখাৰ আৰক্ষী জোৱান

ফাৰ্ষ্ট নিউজ ৰিপৰ্ট শিৱসাগৰ, ১৩ চেপ্তেম্বৰ : শিৱসাগৰত মাতাল ব্যৱসায়ীৰ অতপালি। সুৰাৰ ৰাগীত মাতাল ব্যৱসায়ী প্ৰণৱ দত্তই ঘুচিয়াই বগৰালে কৰ্তব্যৰত যানবাহন শাখাৰ আৰক্ষীক । চোলাত ধৰি চোঁচৰালে ট্ৰেফিক কনিষ্টবল মনোজ দিহিঙিয়াক ।

উল্লেখ্য যে, শিৱসাগৰৰ মেলাচক অঞ্চলৰ নিবাসী ৰেল বিভাগৰ ঠিকাদাৰ প্ৰণৱ দত্তই যানবাহন আইন ভংগ কৰি ন' পাৰ্কিঙত AS 04 K 4400 নম্বৰৰ বিলাসী ফৰচ্যুনাৰ গাড়ীখন ৰখোৱাত বাধা প্ৰদান কৰাৰ বাবেই আৰক্ষী জোৱানজনক প্ৰহাৰ কৰে মাতাল ব্যৱসায়ী প্ৰণৱ দত্তই ।

ইফালে আৰক্ষীক প্ৰহাৰ কৰি পলায়ন কৰিব বিচৰা মাতাল ব্যৱসায়ীজনক আটক কৰিছে শিৱসাগৰ আৰক্ষীয়ে ।

ইতিমধ্যে প্ৰহৃত আৰক্ষী কনিষ্টবল মনোজ দিহিঙীয়াই শিৱসাগৰ সদৰ থানাত এজাহাৰ দাখিল কৰিছে প্ৰণৱ দত্তৰ বিৰুদ্ধে ।

শিৱসাগৰ আৰক্ষীয়ে ব্যৱসায়ীজনৰ বিলাসী বাহনখনো জব্দ কৰে । 

 শিৱসাগৰৰ পৰা অপূৰ্ব্ব ভূঞা ফাৰ্ষ্ট নিউজ ৰিপৰ্ট ।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা