ৰঙিয়াৰ জ্যেষ্ঠ অধিবক্তা ফণীধৰ চৌধুৰীৰ মৃত্যু

প্ৰতিবেদক, ৰঙিয়া, ৯ ছেপ্টেম্বৰঃ ৰঙিয়া তুলসীবাৰী নিবাসী  জ্যেষ্ঠ অধিবক্তা ফণীধৰ চৌধুৰীৰ আজি আবেলি মৃত্যু হয়। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল প্ৰায় ৮০ বছৰ। দীৰ্ঘদিন ধৰি মধুমেহ আৰু উচ্চ ৰক্তচাপজনিত ৰোগত ভুগি থকা অধিবক্তা চৌধুৰীক তিনিদিন পূৰ্বে ৰঙিয়াৰ এখন নাৰ্ছিংহোমত চিকিৎসাধীন কৰা হৈছিল। চিকিৎসকে তেওঁক ঘৰলৈ যাব দিয়ে যদিও আজি হঠাৎ তেওঁৰ শাৰিৰীক অৱস্থাৰ অৱনতি হোৱাত পুনৰ চিকিৎসালয়লৈ নিয়াৰ পথত তেওঁৰ মৃত্যু হয়। ৰঙিয়াৰ আটাইতকৈ জ্যেষ্ঠ অধিবক্তা হিচাপে জনপ্ৰিয়তা অৰ্জন কৰা প্ৰয়াত চৌধুৰী ৰঙিয়া মহকুমা ন্যায়িক দণ্ডাধীশৰ আদালত স্থাপনৰ আগৰ পৰাই ওকালতি কৰি আছিল। অত্যন্ত সহজ সৰল আৰু অমায়িক স্বভাৱৰ অধিবক্তা গৰাকীৰ মৃত্যুৰ বাতৰি বিয়পাৰ লগে লগে ওচৰ পাজৰৰ বহু লোকৰ উপৰিও ৰঙিয়া উকিল সন্থাৰ বিষয়ববীয়া সকলে তেওঁৰ বাসভৱনত উপস্থিত হৈ শেষ শ্ৰদ্ধা জ্ঞাপন কৰে। তেওঁৰ মৃত্যুত ৰঙিয়া উকিল সন্থা, তুলসীবাৰীৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ উপৰিও  জ্যেষ্ঠ চৰকাৰী  অধিবক্তা হীৰন্য চৌধুৰীয়ে গভীৰ শোক প্ৰকাশ কৰাৰ লগতে শোক সন্তপ্ত পৰিয়াল বৰ্গলৈ সমবেদনা জ্ঞাপন কৰে। মৃত্যুৰ সময়ত প্ৰয়াত চৌধুৰীয়ে পত্নী সহ এক পুত্র আৰু দুগৰাকী কন্যাক ইহ সংসাৰত এৰি থৈ যায়।
প্ৰেৰক, পহৰেদ আলী আহমেদ, ৰঙিয়া ।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা