উত্তৰ পূৰ্বাঞ্চলত স্পাইচজেটৰ কাৰ্গো বিমান সেৱা মুকলি




ষ্টাফৰিপৰ্টাৰ, ১৬ ছেপ্টেম্বৰ : 
উত্তৰ পূৰ্বাঞ্চলৰ কৃষক সকলৰ উৎপাদিত সামগ্ৰী দেশৰ লগতে আন্তৰাষ্ট্ৰীয় বজাৰত যোগান ধৰাৰ উদ্দেশ্যে দেশৰ জনপ্ৰিয় বিমান প্ৰতিষ্ঠান স্পাইচজেটে কাৰ্গো বিমান সেৱা মুকলি কৰে। বুধবাৰে মহানগৰীৰ ভিৱান্ত বাই তাজত উত্তৰ পূৰ্বাঞ্চলৰ কাৰ্গো বিমান সেৱা মুকলি অনুষ্ঠানত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে ভাষণত কয় - "ৰাজ্যৰ প্ৰায় ৩৭ লাখ কৃষক পৰিয়াল আছে। এই কৃষক সকলে তেওঁলোকৰ কৃষি অৰ্থনীতি টনকিয়াল কৰাৰ বাবে যথেষ্ট শ্ৰম কৰি আহিছিল। কিন্তু যাতায়ত আৰু যোগাযোগৰ অভাৱৰ বাবে যথেষ্ট সমস্যাৰ সন্মুখীন হৈ আহিবলগীয়া হৈছিল কৃষক সকলে। কিন্তু অসম তথা সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ ব্যৱসায়ী আৰু ব্যৱসায়সকলৰ বিকাশ সাধনৰ বাবে স্পাইচজেটে আজি মুকলি কৰা কাৰ্গো বিমান সেৱাই কৃষকসকলৰ সমস্যা সমাধান কৰিব। এই সেৱাৰ জৰিয়তে বৰ্তমান কৃষক সকলৰ উৎপাদিত সতেজ সামগ্ৰী দেশৰ লগতে আন্ত:ৰাষ্ট্ৰীয় বজাৰলৈ যোগান ধৰিব পৰা যাব। উত্তৰ পূৰ্বাঞ্চলৰ যাতায়ত যোগাযোগ আৰু যোগান শৃংখল মজবুত হোৱাৰ লগতে স্থানীয় ব্যৱসায় বাণিজ্য, সূক্ষ্ম, লঘু আৰু মজলীয়া ব্যৱসায়  আৰু কৃষক সকল লাভাম্বিত হব"। এই সেৱা সন্দৰ্ভত স্পাইচজেটৰ অধ্যক্ষ আৰু পৰিচালন সঞ্চালক অজয় সিঙে কয় -"উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন চহৰত আমাৰ কাৰগো সেৱা মুকলি কৰিবলৈ পাই আমি অতি আনন্দিত। আমাৰ এই সেৱাই উত্তৰ পূৰ্বাঞ্চলৰ কৃষক আৰু ব্যৱসায়ী সকলক তেওঁলোকৰ দ্বাৰা উৎপাদিত সামগ্ৰী দেশৰ আন প্ৰান্তলৈ সহজে যোগান ধৰাত সহায়ক হ'ব। উত্তৰ পূৰ্বাঞ্চলৰ পৰা আৰু উত্তৰ পূৰ্বাঞ্চলৰ সামগ্ৰী কঢ়িওৱাৰ বাবে ১৪ খন নতুন কাৰ্গো বিমান সেৱা মুকলি কৰা হ'ল। এই সেৱাৰ জৰিয়তে উত্তৰ পূৰ্বাঞ্চলৰ খেতিয়কৰ উৎপাদিত ফল মূল, শাক পাচলি, ফুল, সহজে নষ্ট হোৱাৰ সম্ভাৱনা থকা সামগ্ৰী, মাছৰ বীজ, সতেজ মাছ, ঔষধ, চিকিৎসা জনিত সামগ্ৰী, এক্সপ্ৰেছ কাৰ্গো আৰু আন সাধাৰণ কাৰ্গো বিমানৰ জৰিয়তে যোগান ধৰা হব। কলকাতা- গুৱাহাটী, গুৱাহাটী-কলকাতা, কলকাতা-ইম্ফল, আৰু ইম্ফল- কলকাতাৰ মাজত দৈনিক কাৰগো বিমান পৰিচালন কৰাৰ লগতে আইজল আৰু ডিমাপুৰ হৈ কলকাতা আৰু গুৱাহাটীৰ মাজত সপ্তাহত এবাৰকৈ আৰু কলকাতা- আগৰতলা, আৰু আগৰতলা - গুৱাহাটীৰ মাজত সপ্তাহত তিনিবাৰ আৰু কলকাতা- শিলচৰ আৰু শিলচৰ -গুৱাহাটীত সপ্তাহত দুবাৰ এই সেৱা আগবঢ়োৱা হ'ব।' অনুষ্ঠানত ৰাজ্য চৰকাৰৰ উদ্যোগ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী, লাহোৱাল সমষ্টিৰ বিধায়ক ঋতুপৰ্ণ বৰুৱা লগতে বহু কেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা