ৰঙিয়াত কোভিড প্ৰট'কল মানি বিশ্বকৰ্মা পূজা উদযাপনৰ নিৰ্দেশনা মহকুমা প্ৰশাসনৰ

প্ৰতিবেদক, ৰঙিয়া,১৬ ছেপ্টেম্বৰঃ

ৰঙিয়া মহকুমাত কাইলৈ অনুষ্ঠিত হ'ব লগীয়া "বিশ্বকৰ্মা পূজা" সন্দৰ্ভত উদ্যোক্তা সকলৰ জ্ঞাতাৰ্থে ৰঙিয়া মহকুমাৰ মহকুমাধিপতি স্বপ্নীল পালে এক জাননী যোগে জনাইছে যে, বৰ্তমান ৰাজ্যত দেখা দিয়া কৰ'না ভাইৰাছ মহামাৰীৰ ভয়াৱহ সংক্ৰমণৰ পৰিপ্ৰেক্ষিতত ভাৰত চৰকাৰৰ নিৰ্দেশনা অনুযায়ী মহামাৰী ৰোগ আইন ১৯৮৭ৰ অধীনত কোভিড১৯ আইন-২০২০ৰ নীতি নিৰ্দেশনা মৰ্মে মহকুমা প্ৰশাসনে মহকুমাটোত কেতবোৰ নিয়মাৱলী জাৰি কৰিছে। সেই অনুযায়ী কোভিড - ১৯ সংক্ৰমণ প্ৰতিৰোধৰ নিমিত্তে স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি পূজা মণ্ডপত বাধ্যতামূলক ভাৱে প্ৰতিজন ব্যক্তিয়ে মাস্ক বা মূখাবৰণ পৰিধান আৰু সামাজিক দূৰত্ব বজাই ৰাখিব লাগিব। একে সময়তে পূজা মণ্ডপত সৰ্বাধিক ১০ গৰাকী ব্যক্তিয়ে উপস্থিত থাকিব পাৰিব। উদ্যোক্তা সকলে দৰ্শনাৰ্থীৰ বাবে হেণ্ড ছেনিটাইজাৰ পৰ্যাপ্ত যোগান ধৰাটো নিশ্চিত কৰিব লাগিব। পূজা মণ্ডপত হাতে হাতে মাহ-প্ৰসাদ বিতৰণ কৰিব নোৱাৰিব, অৱশ্যে পেকেটত মাহ প্ৰসাদ বিতৰণ কৰিব পাৰিব। এইক্ষেত্ৰত জিলা উপায়ুক্ত,জিলা আৰক্ষী অধীক্ষক আমিনগাওঁৰ জ্ঞাতাৰ্থে জনোৱাৰ উপৰি বিহিত ব্যৱস্থা গ্ৰহণৰ বাবে কমলপুৰ, ৰঙিয়া, কঞাঁ ৰাজহ চক্ৰৰ চক্ৰ বিষয়া,মহকুমা আৰক্ষী বিষয়াৰ লগতে ৰঙিয়া, কমলপুৰ, বাইহাটা চাৰিআলি আৰু কঞাঁ থানাৰ ভাৰপ্ৰাপ্ত বিষয়ালৈ জাননী প্ৰেৰণ কৰা হয় বুলি জানিবলৈ দিয়ে মহকুমা তথ্য আৰু জনসংযোগ বিষয়া হেমন্ত কুমাৰ শৰ্মাই ।
প্ৰেৰক, পহৰেদ আলী আহমেদ, ৰঙিয়া ।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা