নাজিৰাত আশ্ৰয় এনজিঅৰ দ্ধাৰা শিক্ষকক সম্বৰ্ধনা
ফাষ্টনিউজ ৰিপৰ্ট,নাজিৰা, ৫ ছেপ্তেম্বৰ
৫৯ সংখ্যক শিক্ষক দিৱস উপলক্ষে আজি নাজিৰাৰ স্বেচ্ছাসেৱী সংগঠণ আশ্ৰয়দ্ধাৰা নাজিৰা মহকুমা বিভিন্ন প্ৰান্তৰ ৫ গৰাকী অৱসৰপ্ৰাপ্ত শিক্ষকক ঘৰে ঘৰে গৈ শুভেচ্ছা আৰু ওলগ জ্ঞাপন কৰে । উল্লেখযোগ্য যে নাজিৰা মহকুমাৰ প্ৰত্যেক গৰাকী অৱসৰপ্ৰাপ্ত শিক্ষকক আশ্ৰয় এনজিঅৰ তৰফৰ পৰা শিক্ষক দিৱস উপলক্ষে সম্বৰ্ধনা জনাৱলৈ ব্যৱস্থা গ্ৰহন কৰি আজি এই কাৰ্যসুচীৰ শুভাৰম্ভ কৰা হয় আৰু অনাগত কেইদিনত ঘৰে ঘৰে গৈ সম্বৰ্ধনা জ্ঞাপন কৰা হব । আজি সম্বৰ্ধনা জনোৱা শিক্ষক সকল হৈছে ক্ৰমে নাজিৰা বাৰেঘৰ সত্ৰৰ ইন্দুভুষণ মহন্ত, নাজিৰা ৰজাপুলৰ বিৰেণ শৰ্মা, নমাটি নাওঁশলীয়া গাঁৱৰ ললিত চন্দ্ৰ দত্ত, নাজিৰা নগৰৰ ইজৰাইল হুছেইন আৰু শিমলুগুৰি বাঁহগড়াৰ সীতাৰাম বৰগোঁহাই । আজিৰ এই কাৰ্যসুচীত আশ্ৰয়ৰ সভাপতি গোপাল বৰুৱা, কাৰ্যকৰী সভাপতি মুনীন্দ্ৰ নাথ শইকীয়া, ৰুপজ্যোতি লাহন, তুলসী গগৈ, হিমাংশু গগৈ, বিভুজিত সন্দিকৈ, দিগন্ত গগৈ, মাইনু বৰগোঁহাই, মামু পাটৰ, ৰুবী সন্দিকৈ, পৰিস্মিতা লাহন, দেৱজিত বৰগোঁহাই উপস্থিত থাকে ।
নাজিৰাৰ পৰা মুনীন্দ্ৰ নাথ শইকীয়া
Comments
Post a Comment