দক্ষিণপাটত কেন্দ্ৰীয় চৰকাৰৰ কৃষক বিৰোধী নীতিৰ বিৰোধিতাৰে বিধেয়কৰ প্ৰতিলিপি দাহ আছুৰ
নগাঁৱৰ পৰা জয়ন্ত মুদৈ, ২৫ ছেপ্টেম্বৰঃ কেন্দ্ৰীয় চৰকাৰে কৃষক বিৰোধী আৰু জনস্বাৰ্থ বিৰোধী নীতিৰে তিনিখনকৈ বিধেয়ক জাপি দিব খোজাৰ প্ৰতিবাদত সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ দৰে দক্ষিণপাটত শুকুৰবাৰে বিধেয়ক তিনিখনৰ প্ৰতিলিপি দাহ কৰা হয় ৷ দক্ষিণপাট চাৰিআলিত দক্ষিণ-পশ্চিম নগাঁও আঞ্চলিক ছাত্ৰ সন্থাই এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে ৷ প্ৰতিবাদকাৰীসকলে "নৰেন্দ্ৰ মোদী হায় হায়", "ফাৰ্ম বিল-২০২০ বাতিল কৰক", "কৃষক বিৰোধী নীতি হায় হায়", "বিজেপি চৰকাৰ মুৰ্দাবাদ" আদি বিভিন্ন চৰকাৰী বিৰোধী শ্ল’গানেৰে পৰিবেশ উত্তাল কৰি তোলে ৷ এই প্ৰতিবাদী কাৰ্যসূচীত সদৌ নগাঁও জিলা ছাত্ৰ সন্থাৰ উপ সভাপতি পংকজ জ্যোতি বৰা, নগাঁও মহকুমা ছাত্ৰ সন্থাৰ সহকাৰী সম্পাদক তুলেন্দ্ৰ পাটৰ, দক্ষিণ-পশ্চিম নগাঁও আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি কল্পজ্যোতি বৰা, সম্পাদক মৃদুল বৰা আদিকে ধৰি বহু কেইজন বিষয়-ববীয়া উপস্থিত থাকে ৷
Comments
Post a Comment