উত্তৰ গুৱাহাটী ৰ'পৱে আস্থানত মহিলা কৰ্মচাৰীক অশালিন ব্যৱহাৰৰ অভিযোগত গ্ৰেপ্তাৰ প্ৰতিস্থিত ব্যবসায়ী ৰাণা জামানক

উত্তৰ গুৱাহাটী ৰ'পৱে আস্থানত মহিলা কৰ্মচাৰীক অশালিন ব্যৱহাৰৰ অভিযোগত গ্ৰেপ্তাৰ প্ৰতিস্থিত ব্যবসায়ী ৰাণা জামানক ।

পঙ্কজ নাথ, চাংসাৰি, ১৮ ছেপ্টেম্বৰ :

উত্তৰ গুৱাহাটী ৰ'পৱে আস্থানত মামনী গোস্বামী নামৰ টিকেট কাউণ্টাৰৰ মহিলা কৰ্মচাৰী এগৰাকীক পাৰাপাৰ যাত্ৰীয়ে দুৰ্ব্যৱহাৰ কৰাকলৈ যোৱা নিশা উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। ৰ'পৱেৰে যাত্ৰা কৰিবলৈ আহি ৰাণা জামান নামৰ ব্যবসায়ীজনে ৰ'পৱে আস্থানৰ মহিলা কৰ্মীৰে তৰ্কযুদ্ধত লিপ্তৰ অভিযোগ । মহিলা কৰ্মীক দুব্যৱহাৰৰ অভিযোগেৰে জি এম ডি এ কতৃপক্ষই উত্তৰ গুৱাহাটী আৰক্ষী চকীত ৰাণা জামানৰ বিৰুদ্ধে আজি এটি গোছৰ তৰিলে । 
উত্তৰ গুৱাহাটী আৰক্ষীয়ে নিশাই গুৱাহাটী দক্ষিণ শৰনীয়াৰ ঘৰৰ পৰা আটক কৰে ৰাণা জামানক । ১০১/২০ গোছৰ মৰ্মে আটক কৰা হৈছে ৰাণা জামানক । ইফালে এই অভিযোগ নস্যাত কৰিছে ৰাণা জামানে । ৰাজনৈতিক ষড়যন্ত্ৰৰ বলি হোৱাৰ শংকা প্ৰকাশ কৰি ৰাণা জামানে আচৰ্য্য প্ৰকাশ কৰে । উত্তৰ গুৱাহাটী দীৰ্ঘেশ্বৰী দেৱালয়ৰ সমীপৰ নিজ উদ্যোগৰ বিশ্বকৰ্মা পূজা সমাপ্ত কৰি ঘৰমুৱা হব বিছাৰিছিল ৰাণা জামানে । সপৰিয়ালে উত্তৰ গুৱাহাটী আস্থানত টিকটৰ বাবে অপেক্ষা কৰি দহোটা টিকট ক্ৰয় কৰিছিল।
টিকট মঞ্জুৰ কৰাৰ পিছতো ৰ'পৱে কতৃপক্ষই ৰাণা জামানক যাত্ৰাৰ অনুমতি নিদিয়াৰ অভিযোগ তুলিছে বিশিষ্ট ব্যৱসায়ী জামানে।  উত্তৰ গুৱাহাটী আস্থানত পাঁচ বজাত সেৱা বন্ধৰ জাননী  আঁৰি ছয় বজাত টিকট বিক্ৰীৰ অভিযোগ । কিন্তু শিশুসহ দহ গৰাকী যাত্ৰীৰ টিকট লৈয়ো যাত্ৰা কৰিব নিদিলে ৰ'পৱে কতৃপক্ষই । ইফালে নিশাই আটক কৰা ৰাণা জামানক আটক কৰাৰ কাৰন জানিবলৈ নিদিয়াৰ অভিযোগ তুলিছে ব্যৱসায়ী জনে। ঘটনা সম্পৰ্কত আৰক্ষীৰো  গা এৰাই চলাৰ অভিযোগ জামানৰ । সঁচাকৈয়ে ৰাজনৈতিক ষড়যন্ত্ৰৰ বলি হৈ আটক কৰা হল নেকি ব্যবসায়ী ৰাণা জামানক ?  প্ৰকৃত তদন্ত কাৰ পৰা আশা কৰিব পৰিয়ালে এই প্ৰশ্নই জোকাৰিছে উত্তৰ গুৱাহাটী । আৰক্ষীয়ে আজি আবেলিৰ ভাগত ৰাণা জামানক কামৰূপ ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰাই তদন্ত অব্যাহত ৰাখিছে বুলি জানিবলৈ দিয়ে ।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা