ৰঙিয়া পৌৰ নিৰ্বাচন : ২০ অক্টোবৰত প্ৰকাশ পাব চুড়ান্ত ভোটাৰ তালিকা

প্ৰতিবেদক, ৰঙিয়া , ১৫ ছেপ্টেম্বৰঃ

ৰঙিয়া পৌৰসভাৰ অন্তৰ্গত দহটা ৱাৰ্ডৰ আগন্তুক পৌৰ নিৰ্বাচন- ২০২০ ৰ লগত সংগতি ৰাখি ৰাজ্যিক নিৰ্বাচন আয়োগে বিভাগীয় অধিসূচনা মৰ্মে অসম পৌৰ আইন ১৯৫৬ৰ অধীনৰ ১৪ নং বিধি মতে ভোটাৰ তালিকা প্ৰকাশৰ নিৰ্দেশ দিছে। কাৰ্যসূচী অনুযায়ী ২২ ছেপ্টেম্বৰ ২০২০ মঙ্গলবাৰে প্ৰাৰম্ভিক /খচৰা ভোটাৰ তালিকা প্ৰকাশ, ০৩ অক্টোবৰত দাবী, আপত্তি দাখিলৰ অন্তিম তাৰিখ ,০৫ অক্টোবৰত দাবী, আপত্তি দাখিল তালিকা প্ৰকাশ, ১৪ অক্টোবৰত দাবী, আপত্তি নিষ্পত্তিকৰণৰ অন্তিম তাৰিখ আৰু ২০ অক্টোবৰ মঙ্গলবাৰে চুড়ান্ত ভোটাৰ তালিকা প্ৰকাশ পাব। ৰঙিয়া মহকুমাৰ মহকুমাধিপতি স্বপ্নীল পালে এক জাননী যোগে জানিবলৈ দিয়ে যে ভোটাৰ তালিকাত নাম অন্তৰ্ভুক্তিৰ দাবী, আপত্তি আৰু শুধৰণি আবেদন নিৰ্দিষ্ট প্ৰ-পত্ৰ ৰঙিয়া পৌৰসভা কাৰ্য্যালয়ৰ পৰা সংগ্ৰহ কৰাৰ বাবে আৰু কাৰ্যালয় চলি থকা সময়ত ৰঙিয়াৰ পৌৰ নিৰ্বাচনৰ দণ্ডাধীশ চম্পক ডেকাৰ ওচৰত দাখিল কৰাত সমূহ দাবী, আপত্তি পৌৰ নিৰ্বাচনৰ দণ্ডাধীশ ডেকাই নিষ্পত্তি কৰিব। ইতিমধ্যে অসম ৰাজ্যিক নিৰ্বাচন আয়োগৰ সচিব, কামৰূপ জিলাৰ উপায়ুক্ত, ৰঙিয়া পৌৰসভাৰ কাৰ্যবাহী বিষয়া, মহকুমা আৰক্ষী বিষয়া, পৌৰ নিৰ্বাচনৰ দণ্ডাধীশ, মহকুমা তথ্য আৰু জনসংযোগ বিষয়া, সকলো ৰাজনৈতিক দল, কাৰ্যালয়ৰ জাননী ফলকত বহুল প্ৰচাৰৰ বাবে ব্যৱস্থা গ্ৰহণ কৰা হৈছে বুলিও জানিবলৈ দিয়ে মহকুমাধিপতি স্বপ্নীল পালে ।
প্ৰেৰক, পহৰেদ আলী আহমেদ ।ৰঙিয়া ।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা