খুলিছে তলা, জামুগুৰিতো বিদ্যালয়লৈ শিক্ষাৰ্থী

#আজিৰপৰা খোল খালে বিদ্যালয়সমুহৰ তলা৷
#জামুগুৰিহাটত কম সংখ্যক ছাত্ৰ ছাত্ৰীৰে বিদ্যালয়ত পাঠদান আৰম্ভ৷
#কেবাখনো বিদ্যালয়ত ছাত্ৰ ছাত্ৰীৰ উপস্থিতি শূণ্য৷

ফাৰ্ষ্ট নিউজ,জামুগুৰিহাট,২১ছেপ্তেম্বৰ : সূদীৰ্ঘ ছমাহৰ অন্তত আজি ৰাজ্যৰখনৰ অন্যান্য প্ৰান্তৰ লগতে জামুগুৰিহাটতো খোল খালে বিদ্যালয়সমুহৰ তলা৷অভিভাৱকসকলৰ সন্মতি পত্ৰ লৈ অহা ছাত্ৰ ছাত্ৰীসকলক পাঠদান আৰম্ভ কৰিছে শিক্ষক শিক্ষয়ত্ৰীসকলে৷জামুগুৰিহাটৰ চিবিএছই পাঠ্যক্ৰমৰ বিদ্যালয় হলি ছাইল্ড ইংলিছ স্কুলতো আজি সম্পূৰ্ণ চৰকাৰী নীতি নিয়ম পালন কৰি বিদ্যালয়লৈ অহা ছাত্ৰ ছাত্ৰী সকলক পাঠদান কৰিছে শিক্ষক শিক্ষয়ত্ৰীসকল৷বিদ্যালয়খনৰ মূল প্ৰৱেশদ্বাৰত বিদ্যালয়লৈ অহা প্ৰতিগৰাকী ছাত্ৰ ছাত্ৰীৰ লগতে শিক্ষক অভিভাৱকসকলকো হাত চাবোন পানীৰে ধুবলৈ দিয়াৰ লগতে জ্বৰ,উশাহ নিশাহ সঠিকভাৱে লোৱাত সুবিধাজনক আছে নে নাই আদি পৰীক্ষা কৰা মেচিনৰে পৰীক্ষা কৰিছে বিদ্যালয় কৰ্তৃপক্ষই৷আনহাতে বিদ্যালয়লৈ পঠোৱা অভিভাৱকৰ সন্মতি পত্ৰও পৰীক্ষা কৰিহে বিদ্যালয়ত প্ৰৱেশ কৰাৰ অনুমতি প্ৰদান কৰিছে বিদ্যালয় কৰ্তৃপক্ষই৷অন্যহাতে ছাত্ৰ ছাত্ৰীৰ পাঠদানৰ বাবেও বিদ্যালয়খনৰ কেবাটাও কোঠা ব্যৱহাৰ কৰাৰ লগতে প্ৰতিটো কোঠাত ১৬ গৰাকীকৈ ছাত্ৰ ছাত্ৰীক পাঠদান তথা পাঠগ্ৰহণৰ ব্যৱস্থা কৰিছে বুলিও জানিব দিছে অধ্যক্ষ কুমাৰ নেৱাৰে৷ইয়াৰোপৰি সামাজিক দূৰত্ব মানি চলিবৰ বাবেই প্ৰতিখন ডেস্ক-বেঞ্চত ছাত্ৰ ছাত্ৰীৰ পৰীক্ষাৰ লেখিয়াকৈ নামসহিতে চিট নম্বৰ আৰু বগা ৰঙৰ চিহ্ন ব্যৱহাৰ কৰিছে বিদ্যালয় কৰ্তৃপক্ষই৷চৰকাৰী প্ৰতিটো নীতি নিৰ্দেশনা পালন কৰি আজিৰপৰা মুকলি কৰা বিদ্যালয়ৰ পাঠদানৰ বাবে উপস্থিত হোৱা শিক্ষক শিক্ষয়ত্ৰীসকলো যথেষ্ট আনন্দিত হৈ পৰা দেখা পোৱা গৈছে৷ঠিক একেদৰে দীৰ্ঘ বিৰতিৰ অন্তত শিক্ষাগুৰুৰ লগত পোনপটিয়াকৈ পাঠগ্ৰহণ কৰিবলৈ পাই উৎফুল্লিত হৈ পৰিছে বিদ্যালয়খনৰ ছাত্ৰ ছাত্ৰীসকলো৷ইয়াৰোপৰি জামুগুৰিহাটৰ জামুগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়তো বিগত দিনসমুহত শিক্ষক শিক্ষয়ত্ৰীসকলে বিদ্যালয়লৈ অহা ছাত্ৰ ছাত্ৰীৰ সুবিধাৰ্থে আজিৰ দিনটোৰ বাবেই চেনিটাইজৰ তথা বিদ্যালয় চৌপাশ চাফ চিকুণ কৰি ৰাখিছিল আৰু আজি চৰকাৰী সকলো নীতি নিয়ম পালন কৰি বিদ্যালয়খনতো শিক্ষক শিক্ষয়ত্ৰীসকলে  ছাত্ৰ ছাত্ৰীক পাঠদান কাৰ্যসুচী আৰম্ভ কৰিছে৷তাৰবিপৰীতে জামুগুৰি আদৰ্শ উচ্চ মাধ্যমিক বিদ্যালয় আৰু মধ্য জামুগুৰি উচ্চ ইংৰাজী বিদ্যালয়তো পাঠদানৰ বাবে ৫০ শতাংশ শিক্ষক শিক্ষয়ত্ৰী উপস্থিত আছিল যদিও ছাত্ৰ ছাত্ৰী উপস্থিতিহে শূন্য দেখা পোৱা গ’ল৷ক’ভিডত আক্ৰান্ত লোকৰ সংখ্যা অঞ্চলটোত ক্ৰমাৎ বৃদ্ধি পোৱাৰ বাবেই হয়তো অভিভাৱকসকলে ছাত্ৰ ছাত্ৰীক বিদ্যালয়লৈ পঠাবলৈ হয়তো শংকা কৰিছে বুলি অনুভৱ কৰাৰ লগতে চৰকাৰী সকলো নীতি নিৰ্দেশনা পালন কৰি পাঠদানৰ বাবে সাজু হৈ থকা বিদ্যালয় দুখনৰ শিক্ষক শিক্ষয়ত্ৰীসকলেও অভিভাৱকৰ সন্মতি পত্ৰ দি বিদ্যালয়লৈ পঠোৱা ছাত্ৰ ছাত্ৰীক পাঠদান কৰিবলৈ সম্পূৰ্ণৰূপে সাজু বুলি উল্লেখ কৰে জামুগুৰি আদৰ্শ উচ্চ ইংৰাজী বিদ্যালয়ৰ প্ৰধান শিক্ষক পংকজ শইকীয়া আৰু মধ্য জামুগুৰি উচ্চ ইংৰাজী বিদ্যালয়ৰ প্ৰধান শিক্ষক নাৰায়ণ বৰুৱাই৷মুঠতে দীৰ্ঘ বিৰতিৰ অন্তত জামুগুৰিহাটত আজি খোলা বিদ্যালয়সমুহত চৰকাৰী নীতি নিৰ্দেশনা পালন কৰি কম সংখ্যক ছাত্ৰ ছাত্ৰীৰে পাঠদান কাৰ্যসুচী আৰম্ভ কৰিছে শিক্ষক শিক্ষয়ত্ৰীসকলে৷পৃথিৱীৰ পৰা ক’ৰনাৰ সন্ত্ৰাস আতৰি পূৰ্ৱৰ সকলো ধাৰা উভতি অহাৰো আশা কৰিছে বিদ্যালয়সমুহৰ কৰ্তৃপক্ষৰ লগতে ছাত্ৰ ছাত্ৰীসকলেও৷
জোন বৰা,জামুগুৰিহাট।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা