আমিনগাঁওত জগতগুৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৫৭২ তম জন্মজয়ন্তী উদযাপন

আমিনগাঁওত জগতগুৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৫৭২ তম জন্মজয়ন্তী উদযাপন। 

পঙ্কজ নাথ, চাংসাৰি, ২৬ ছেপ্টেম্বৰ :

অসমীয়া জাতীয় জীবনৰ অভিভাবক জগত গুৰু শ্ৰীমন্ত শংকৰ দেবৰ ৫৭২ সংখ্যক আবিৰ্ভাব তিথি ৰাজ্যৰ অন্যান্য প্ৰান্তৰ সমান্তৰালকৈ কামৰূপৰ আমিনগাঁৱতো গুৰু জনাৰ জন্ম জয়ন্তী অনুষ্টুপীয়াকে পালন কৰা হয় । শ্ৰীমন্ত শংকৰদেৱ সংঘৰ মহানগৰ জিলাৰ ৰামচৰণ ঠাকুৰ আঞ্চলিক শাখাৰ উদ্যোগত আজি আমিনগাঁও চেকপোষ্টত থকা সংঘৰ এটি নামঘৰত আয়োজন কৰা হয় গুৰুজনাৰ জন্মজয়ন্তী। আজি আয়োজিত গুৰু জনাৰ জন্মজয়ন্তী অনুস্থান সংঘৰ ধৰ্মধ্বজা উত্তোলনেৰে আৰম্ভ হয় । ভাগবত পাঠ , নাম কীৰ্তনৰে গুৰু জনাক ভকত বৈষ্ণবে স্মৰণ কৰে । এনেদৰেই সমাজ জীবনত চলি থকা প্ৰদুষণ ৰোধ কৰিব পৰা মহা পুৰুষ শ্ৰীমন্ত শঙ্কৰ দেবৰ বন্দনাৰে মুখৰিত হৈ পৰে সংঘৰ এই নামঘৰৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ নামঘৰ কীৰ্ত্তন ঘৰ।

কামৰূপ ব্যুৰো পঙ্কজ নাথৰ ৰিপৰ্ট ।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা