বেলশৰত নটসূৰ্য ফনী শৰ্মা বটা প্ৰাপক বিশিষ্ট অভিনেতা জীৱেশ্বৰ ডেকালৈ ৰাজহুৱা শ্ৰদ্ধাঞ্জলি
নটসূৰ্য ফনী শৰ্মা বটা প্ৰাপক বিশিষ্ট অভিনেতা "দধিচী" খ্যাত জীৱেশ্বৰ ডেকালৈ আজি নলবাৰীৰ বেলশৰত এক ৰাজহুৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠান সম্পন্ন হয় । পশ্চিম নলবাৰী আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত অনুষ্ঠিত উক্ত অনুষ্ঠানৰ আৰম্ভণিতে জীৱেশ্বৰ ডেকাৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰে ডেকাৰ সহধৰ্মিণী কুসুম ডেকাই আৰু মাল্যাৰ্পন কৰে শিল্পী পেঞ্চনাৰ উমেশ দত্তই । পশ্চিম নলবাৰী আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি বিশ্বজিৎ শৰ্মাই আতধৰা ৰাজহুৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত বহু কেইগৰাকী শিল্পী,সাহিত্যিক, ছাত্ৰ নেতা, সমাজ কৰ্মী আৰু স্থানীয় ৰাইজে অংশ লয় । অনুষ্ঠানত বহু কেইগৰাকী শিল্পীয়ে জীৱেশ্বৰ ডেকাৰ সান্নিধ্য লাভ কৰাৰ কথা সোঁৱৰণ কৰি ডেকালৈ শ্ৰদ্ধা নিবেদন কৰে । আনহাতে জীৱেশ্বৰ ডেকাৰ স্মৃতি যুগমীয়া কৰি ৰাখিবলৈ বেলশৰত কিবা এটা কৰিবলৈ চৰকাৰলৈ দাবী জনাই আছুই
টিহুৰ পৰা কৰবী গোস্বামী
Comments
Post a Comment