মৰিকলং বকুলতলত ব্যতিক্ৰমীৰূপত শিক্ষক দিৱস উদযাপন
নগাঁৱৰ পৰা জয়ন্ত মুদৈ, ৫ চেপ্তেম্বৰঃ কৰ’নাই সৃষ্টি কৰা এক বিভীষিকাময় পৰিবেশৰ মাজতে শনিবাৰে সমগ্ৰ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ দৰে নগাঁও জিলাৰ মৰিকলং বকুলতলত এক ব্যতিক্ৰমীৰূপত ৫৯ তম্ শিক্ষক দিৱসটি উদযাপন কৰা হয় ৷ কাৰ্যসূচী অনুসৰি স্থানীয় অঞ্চলৰ কণ-কণ শিক্ষাৰ্থী সকলৰ দ্বাৰা জাতীয় সংগীত, জ্যোতি সংগীত, একক নৃত্য, কবিতা আবৃত্তি আৰু দলীয় নৃত্য পৰিবেশ কৰাৰ বিপৰীতে ড° সৰ্ব্বপল্লী ৰাধাকৃষ্ণনৰ জীৱনাদৰ্শৰ লগতে শিক্ষক দিৱসৰ তাৎপৰ্যৰ ওপৰত কণ-কণ ছাত্ৰ-ছাত্ৰী আৰু জেষ্ঠ সকলৰ দ্বাৰা বক্তৃতানুষ্ঠান অনুষ্ঠিত কৰা হয় ৷ পুৱা চাৰে দহ বজাৰ পৰা অনুষ্ঠিত হোৱা এই সমগ্ৰ অনুষ্ঠানটোৰ আতঁ ধৰে স্থানীয় সমাজ সচেতন মহিলা মনালিছা শৰ্মাই ৷ অনুষ্ঠানত নগাঁও চৰকাৰী আৰৱান হাইস্কুলৰ শিক্ষক কৃষ্ণকমল শৰ্মাক কণ-কণ শিক্ষাৰ্থীসকলে সম্বৰ্ধনা জনাই তেওঁৰ শুভাশীষ গ্ৰহন কৰে ৷ চৰকাৰী নিয়মানুসৰি সম্পূৰ্ণ সামাজিক ব্যৱধান মানি অনুষ্ঠিত হোৱা এই অনুষ্ঠানটোৰ সামগ্ৰীক পৰিকল্পনা কৰিছিল সমাজকৰ্মী ধন শৰ্মা আৰু তেওঁৰ পৰিয়ালবৰ্গই ৷
==================
Comments
Post a Comment