লেঙ্গেৰীজান চাহ বাগিচাত আটছাৰ ধৰ্ণা কাৰ্যসূচী

*লেঙ্গেৰীজান চাহ বাগিচাত আটছাৰ ধৰ্ণা কাৰ্যসূচী।*

অসম চাহ জনজাতি ছাত্ৰ সন্থা চমুকৈ (আটছা) ই লকডাউনৰ সময়ছোৱাত চাহ জনজাতিৰ লোকসকলৰ সমস্যা সমুহ নিৰ্মূল কৰাৰ উদ্দেশ্যেৰে ধাৰাবাহিক ভাৱে আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰি আহিছে। 

উল্লেখ্য যে আটছা নাহৰকটীয়া শাখাৰ উদ্যোগত চাহ শ্ৰমিকৰ দৈনিক মজুৰি বৃদ্ধি তথা কভিদ মহামাৰীৰ বাবে আহ্বান জনোৱা ল'ক ডাউনৰ সময়ছোৱাৰ সম্পূৰ্ণ মজুৰি আদায় দিয়াৰ লগতে শ্ৰমিকসকলৰ বিভিন্ন সমস্যা সমাধানৰ দাবীত আজি নাহৰকটীয়া ৰাজহ চক্ৰৰ অন্তৰ্গত লেঙ্গেৰীজান চাহ বাগিচাৰ কাৰ্যালয়ৰ সন্মূখত ২ ঘণ্টীয়া ধৰ্ণা কাৰ্যসূচীৰ জৰিয়তে প্ৰতিবাদ সাব্যস্ত কৰে। 

প্ৰতিবাদৰ অন্তত বাগিচাৰ পৰিচালকক ১৭ দফীয়া দাবী সম্বলিত এখনি স্মাৰক পত্ৰ প্ৰদান কৰে। এই
সমস্যাসমূহ যদি ১০ (দহ) দিনৰ ভিতৰত সমাধানৰ ব্যৱস্থা গ্ৰহণ নকৰে তেন্তে অনাগত দিনত আটছাই ইয়াতকৈও তীব্ৰ গণতান্ত্ৰিক আন্দোলন হাতত ল'বলৈ বাধ্য হ'ব বুলি সকিয়াই দিয়ে ।

উক্ত কাৰ্যসূচীত আটছা কেন্দ্ৰীয় সমিতিৰ কাৰ্যনিৰ্বাহক সদস‌্য ললিত মাহালী , ডিব্ৰুগড় জিলা সমিতিৰ  সহকাৰী সম্পাদক বিচু কন্দ , সাংগঠনিক সম্পাদক সুৰজিৎ তাচা, শাখাৰ সভাপতি বচন গোৱালা, উপ সভাপতি অমিত কন্দ , সম্পাদক গবিন কুমাৰ, সহ সম্পাদক অজয় ৰাউতীয়া ,ইতন নায়ক , সাংগঠনিক সম্পাদক দীপজ্যোতি জানী , চাহ মজদুৰ সংঘ চাহ বাগিচা গোটৰ বিষয়ববীয়াৰ লগতে  ছাত্ৰ-ছাত্ৰী আৰু আটছা ৰ কৰ্মীসকল উপস্থিত থাকে।

প্ৰতিবেদক গগন হাজৰীকা, নাহৰকটীয়া ।১৫।০৯।২০২০।।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা