বিশ্ব হিন্দু পৰিষদৰ জন্মাষ্টমী উদযাপন, স্মৰণিকা উন্মোচন

পঙ্কজ নাথ, চাংসাৰি, ৯ ছেপ্তেম্বৰ :

বিশ্ব হিন্দু পৰিষদৰ প্ৰতিষ্ঠা দিৱস আৰু শ্ৰী শ্ৰীকৃঞ্চৰ জন্মাষ্টমীৰ লগত সংগতি ৰাখি পৰিষদৰ মহানগৰ সমিতিৰ উদ্যোগত নৰেন ৰয়ৰ সম্পাদনাৰে প্ৰকাশ কৰি উলিওৱা স্মৰণিকা 'জন্মাষ্টমী' উন্মোচন কৰে কুমাৰপাৰাস্থিত শ্ৰী শ্ৰী ৰাজহুৱা নামঘৰত। গুৱাহাটী মহানগৰৰ, ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘৰ সংঘ চালক গুৰু প্ৰসাদ মেধিয়ে এই স্মৰণিকাখন উন্মোচন কৰে । পৰিষদৰ বিষ্ণুপুৰ প্ৰখণ্ডৰ সহযোগত অনুষ্ঠিত হোৱা উন্মোচনী সভাখনত উপস্থিত থাকে ক্ৰমে বিশ্ব হিন্দু পৰিষদৰ ক্ষেত্ৰীয় সংগঠন মন্ত্ৰী দিনেশ তিৱাৰী, গো ৰক্ষা বিভাগৰ কেন্দ্ৰীয় মন্ত্ৰী উমেশ পাড়োবাল, ৰাষ্ট্ৰীয় স্বয়ং সেবক সংঘৰ 
উত্তৰ অসম প্ৰান্তৰ কাৰ্য্যবাহী খগেন শইকীয়া, শ্ৰীমন্ত শংকৰদেৱৰ গৱেশক তথা অসম সাহিত্য সভাৰ শিক্ষা সাংসদ সমিতিৰ উপসভাপতি প্ৰভাত দাস, শ্ৰীশ্ৰী ৰাজহুৱা নামঘৰৰ সম্পাদিকাকে ধৰি বিষ্ণুপুৰ প্ৰখণ্ডৰ বিষয়ববীয়া আৰু কেবা গৰাকীও বিশিষ্ট ব্যক্তি | প্ৰশাসনৰ নিয়ম নীতি মানি অনুষ্ঠিত হোৱা সভাখনৰ আত ধৰে মহানগৰ সমিতিৰ সম্পাদক চন্দন ৰাভাই। তেওঁ জানিবলৈ দিয়া অনুসৰি মহানগৰ সমিতিৰ অন্তৰ্গত বাৰটা প্ৰখণ্ডই কোভিড ১৯ৰ প্ৰতি লক্ষ্য ৰাখি পৃথকে পৃথকে শ্ৰীকৃষ্ণ জন্নাষ্টমী উদযাপন কৰিছে। আনহাতে চাংসাৰি, ধোপাতাৰী, উত্তৰ গুৱাহাটী, আমিনগাওঁ আদি অঞ্চলৰ বিভিন্ন নামঘৰত শ্ৰী কৃষ্ণৰ জন্মাষ্টমী উপলক্ষে শৰাই নৈবেদ্য অাগবঢা়ই কৰি অনুষ্টুপীয়াকৈ জন্মাষ্টমী উদযাপন কৰা হয় বুলি জানিব পৰা গৈছে ।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা