নাজিৰাৰ বিশিষ্ট ব্যৱসায়ী যদু ৰায় আগৰৱালাৰ পৰলোক

ফাষ্ট নিউজ ৰিপৰ্ট, নাজিৰাঃ৯ ছেপ্টেম্বৰঃ
নাজিৰা নগৰৰ ৫ নং ৱাৰ্ডৰ নিবাসী তথা নাজিৰা গুৰুকুল বিদ্যালয়ৰ পৰিচালনা সমিতিৰ কাৰ্য্যকৰী সদস্য যদুৰাই আগৰৱালাৰ আজি পুৱা হিতেশ্বৰ শইকীয়া মহকুমা অসামৰিক চিকিৎসালয়ত পৰলোক ঘটে  । যোৱা নিশাৰপৰা উশাহ-নিশাহত কিছু জটিলতা অনুভৱ কৰাত তেওঁক চিকিৎসালয়লৈ নিয়াৰ সময়ত চিকিৎসা আৰম্ভ কৰিবলৈ ধৰাৰ অৱস্থাতে তেওঁৰ হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ পৰে ।  ৮৫ বছৰীয়া যদুৰাই আগৰৱালাই নিৰ্মাণ খণ্ডৰ ব্যৱসায়ী হিচাপে প্ৰথমে গড়কাপ্তানী আৰু পৰৱৰ্ত্তী নগৰৰ মাজ মজিয়াত হাৰ্ডৱাৰ ষ্ট'ৰৰ  ব্যৱসায় কৰিছিল । নাজিৰা গুৰুকুল বিদ্যালয়ৰ প্ৰতিষ্ঠাৰ ক্ষেত্ৰত সক্ৰিয় ভূমিকা গ্ৰহণ কৰি নিজ পৰিয়ালৰ লোকক বিদ্যা শিক্ষাৰ প্ৰসাৰৰ ক্ষেত্ৰত প্ৰতিষ্ঠানটোৰ পৰিসৰ বঢ়োৱাত উদ্গণি দিছিল.। বালিঘাটৰ ঐতিহাসিক শিৱ মন্দিৰ, নাজিৰা নগৰৰ ৰাম-জানকী মন্দিৰ, শ্ৰীকৃষ্ণ গো-ৱৰ্দ্ধন গো-শালাৰ লগত সক্ৰিয় সেৱাৰে জড়িত হৈ ৰোৱা যদুৰাই আগৰৱালা প্ৰয়াত মুখ্যমন্ত্ৰী  হিতেশ্বৰ শইকীয়াৰ সৈতেও অধিক ঘনিষ্ঠ হৈ সমূহীয়া বিকাশত সক্ৰিয় পৰিচয় দিছিল । আজি বিয়লি নাজিৰা নগৰ শ্মশানত তেওঁৰ অন্তিম সৎকাৰ কৰা হয় । নাজিৰা গুৰুকুল বিদ্যালয়ৰ চৌহদত শিক্ষক-শিক্ষয়িত্ৰী আৰু কৰ্মচাৰী সকলে আজি তেওঁৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰি মৃতদেহত ফুল আৰু গামোচাৰে সন্মান যাচে । অভিভাৱক সমাজেও আগৰৱালাৰ মৃত্যুত  শেষ শ্ৰদ্ধা জনায় । এই সংসাৰত তেওঁ পত্নী শান্তা দেৱী আগৰৱালা, দুজন পুত্ৰ সহ বোৱাৰী, এগৰাকী বিবাহিত জীক এৰি থৈ গৈছে । 
নাজিৰাৰ পৰা মুনীন্দ্ৰ নাথ শইকীয়া

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা