পাঁচমহীয়া সন্তানক বুকুত সাৱটি এক অনিশ্চিত ভৱিষ্যতৰ শংকাত ৰোগাক্ৰান্ত মাতৃ≈≈হৃদয়ৱান লোকৰ প্ৰতি সহায় ভিক্ষা

নগাঁৱৰ পৰা জয়ন্ত মুদৈ, ২৩ ছেপ্টেম্বৰঃ নগাঁও জিলাৰ বেবেজীয়াৰ দাঁতি কাষৰীয়া জামুগুৰিৰ বিলৰমূৰ নিবাসী সুৰেণ ডেকা(বৰচিলিয়া) আৰু সুমিত্ৰা ডেকাৰ ঘৰখনলৈ অজানিতে নামি আহিছে যেন ঘোৰ অমানিশা ৷ তেনেই নিচলা এই দম্পতীহালৰ পু-বোৱাৰী তৰালী বৰদলৈ ডেকাই (২৯) বৰ্তমান চকুলো টুকি টুকি বাট চাইছে কাল আন্ধাৰে আৱৰি ধৰা ভয়াবহ ভৱিষ্যতলৈ ৷ আচলতে বিগত প্ৰায় ছয়মাহ ধৰি শাৰীৰিক অসুস্থতাত ভুগি থকা তৰালী প্ৰথমাৱস্থাত জন্দিছ ৰোগত আক্ৰান্ত হৈছিল যদিও গাঁৱলীয়া পদ্ধতিৰে কৰা চিকিৎসাত  তিনিমাহ মানৰ পিছত কিছু পৰিমাণে সুস্থ হৈ উঠিছিল ৷ কিন্তু ইয়াৰ পিছতেই তৰালী পুনৰ পেট ফুলাৰ দৰে অন্য এক ৰোগত আক্ৰান্ত হোৱাৰ সমান্তৰালভাৱে ইতিমধ্যে এটি কন্যা সন্তান জন্ম দিয়ে তৰালীয়ে ৷ পিছে পহিলাতে সন্তানপ্ৰাপ্তিৰ আনন্দত উৎফুল্লিত হৈ পৰা তৰালীৰ মুখত এতিয়া নাই হাঁহি-আনন্দৰ ৰূপৰেখা ৷ আনকি তেওঁৰ শহুৰ আৰু শাহুৱেকেও বোৱাৰীৰ ৰূগ্নপ্ৰায় শৰীৰটো আগত লৈ কেৱল হুমুনিয়াহ কঢ়াৰ বাহিৰে গত্যন্তৰ নোহোৱা অৱস্থা ৷ কাৰণ অত্যধিক পানী জমা হৈ ফুলি উঠা পেটটোৰ বাবেই যোৱা কেইবামাহো ধৰি বিনিদ্ৰ ৰজনী কটাইছে তৰালীয়ে ৷ তদুপৰি উঠা-বহা কৰাত অপাৰগ হৈ পৰা ছমহীয়া সন্তানটিকো তৰালীয়ে জন্মৰে পৰা মাতৃদুগ্ধ পান কৰোৱাব নোৱাৰাৰ দৰে দুৰৱস্থাত ভুগি তীব্ৰ মানসিক যন্ত্ৰণাত কাতৰ হৈ পৰিছে ৷ দিন হাজিৰা কৰি কোনোমতে পেটৰ ভাতমুঠি মোকলোৱা স্বামী প্ৰাঞ্জল ডেকাইও বোবা হৈ মাথো পত্নী-কন্যাৰ মুখলৈ ৰ লাগি চাই থকাৰ বাহিৰে বিকল্প নোহোৱা হৈছে ৷ তৎস্বত্বেও প্ৰাঞ্জলৰ মাতৃ সুমিত্ৰা ডেকাই মৰমৰ বোৱাৰী আৰু নাতিনীজনীক আৰোগ্য কৰি তোলাৰ দুৰ্বাৰ বাসনাত মানুহৰ হাতে ভৰিয়ে ধৰিও পোৱা নাই কোনো সঁহাৰি ৷ সেয়ে এতিয়া তৰালীৰ লগতে দুৰ্ভগীয়া পৰিয়ালটোয়ে আগ্ৰহেৰে বাট চাইছে হৃদয়ৱান লোকৰ সহায়ৰ আশাত ৷ গতিকে কোনো লোকে যদি কিঞ্চিত সহায়ৰ হাত আগবঢ়াব বিচাৰে তেনেহ’লে ০৬৩৫০১০২৫০৪৫০ নম্বৰ একাউণ্টত আৰ্থিক সাহায্য প্ৰদানৰ লগতে ৭৬৩৭৯-০৩৯৭০ ম’বাইল নম্বৰত যোগাযোগ কৰিব পাৰিব ৷
====================

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা