জামুগুৰিত জংগমৰ নাট্যানুষ্ঠানৰ শুভ মহুৰত সম্পন্ন

নগাঁৱৰ পৰা জয়ন্ত মুদৈ, ২৮ ছেপ্টেম্বৰঃ নগাঁও জিলাৰ অন্যতম অগ্ৰণী সামাজিক-সাংস্কৃতিক অনুষ্ঠান জামুগুৰিৰ জংগম গোষ্ঠীয়ে বিভিন্ন সময়ত বিভিন্ন গঠনমূলক কাৰ্যসূচী ৰূপায়ন কৰি আহিছে ৷ ইয়াৰ অংশহিচাপে গোষ্ঠীটোয়ে এইবাৰ ৰাইজৰ মাজত নাট্যচৰ্চাৰ বাৰ্তা বহন কৰাৰ লক্ষ্যৰে ব্যয়বহুলভাবে দুদিনীয়াকৈ এক নাট্যানুষ্ঠানৰ আয়োজনৰ দিহা কৰিছে ৷ সেয়ে এই নাট্যানুষ্ঠানৰ আখৰা গৃহ মুকলি আৰু শুভ মহুৰত অনুষ্ঠানটি জামুগুৰিৰ সাৰ্বজনীন গৰখীয়া থানৰ সমীপত অনুষ্ঠিত কৰা হয় ৷ কৰ’নাৰ বিভীষিকাৰ বাবে চৰকাৰীভাবে জাৰি কৰা ক’ভিড প্ৰট’ক’ল মানি সীমিত পৰিসৰৰ মাজত অনুষ্টুপীয়াকৈ অনুষ্ঠিত হোৱা এই অনুষ্ঠানৰ আৰম্ভনিতে পুৱাৰ ভাগত আখৰা গৃহৰ দ্বাৰ উন্মোচন কৰে কুজিদাঁহ বেজৰচুকৰ বিশিষ্ট সমাজকৰ্মী মন্টু বৰুৱাই ৷ ইয়াৰ পিছতে জ্যেষ্ঠ নাগৰিক বীৰেণ নাথে নটৰাজৰ মূৰ্তিত মাল্য প্ৰদান আৰু বন্তি প্ৰজ্বলন কৰাৰ অন্তত শুভ মহুৰতৰ নাৰিকল ভাগে বিশিষ্ট সমাজকৰ্মী খগেন চন্দ্ৰ নাথে ৷ দুপৰীয়া আমন্ত্ৰিত অতিথি, বিশিষ্ট নাগৰিক, স্থানীয় অঞ্চলৰ জ্যেষ্ঠ আৰু কনিষ্ঠ শিল্পীসকলৰ উপস্থিতিত অহা জানুৱাৰী মাহৰ পহিলা ভাগত কৰ’নাৰ সৃষ্ট পৰিস্থিতিৰ শাম কাটিলে অনুষ্ঠিত হ’বলগীয়া দুদিনীয়া নাট্যানুষ্ঠানৰ সন্দৰ্ভত আলোকপাত কৰা হয় ৷

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা