জাজৰিত কেন্দ্ৰীয় চৰকাৰৰ কৃষক বিৰোধী নীতিৰ বিৰোধিতাৰে বিধেয়কৰ প্ৰতিলিপি দাহ আছুৰ

নগাঁৱৰ পৰা জয়ন্ত মুদৈ, ২৫ ছেপ্টেম্বৰঃ কেন্দ্ৰীয় চৰকাৰে কৃষক বিৰোধী আৰু জনস্বাৰ্থ বিৰোধী নীতিৰে তিনিখনকৈ বিধেয়ক জাপি দিব খোজাৰ প্ৰতিবাদত সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ দৰে নগাঁও জিলাৰ জাজৰিত শুকুৰবাৰে হাতীচোং আঞ্চলিক ছাত্ৰ সন্থাই বিধেয়ক তিনিখনৰ প্ৰতিলিপি দাহ কৰে ৷ জাজৰি বাছ আস্থানত হাতীচোং আঞ্চলিক ছাত্ৰ সন্থাই এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে । প্ৰতিবাদকাৰীসকলে "নৰেন্দ্ৰ মোদী হায় হায়", "ফাৰ্ম বিল-২০২০ বাতিল কৰক", "কৃষক বিৰোধী নীতি হায় হায়", "বিজেপি চৰকাৰ মুৰ্দাবাদ" আদি বিভিন্ন চৰকাৰী বিৰোধী শ্ল’গানেৰে পৰিবেশ উত্তাল কৰি তোলাৰ  বিপৰীতে অতি শীঘ্ৰে এই বিল বাতিল নকৰিলে পৰবৰ্তী পৰ্যায়ত ভয়াৱহ জংগী আন্দোলন গঢ়ি তোলাৰ হুংকাৰ প্ৰদান কৰে ৷ এই প্ৰতিবাদী কাৰ্যসূচীত সদৌ নগাঁও জিলা ছাত্ৰ সন্থাৰ সহকাৰী সম্পাদক নিপন শৰ্মা, জিলা কাৰ্য নিৰ্বাহক আহাদুৰ ৰহমান, হাতীচোং আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি কৃতাঞ্জল বৰা, ভাৰপ্ৰাপ্ত সম্পাদক সীমান্ত বৰাকে প্ৰমুখ্য কৰি হাতীচোং আঞ্চলিক ছাত্ৰ সন্থাৰ কেইবাজনো বিষয়-ববীয়া উপস্থিত থাকে ৷ 
==================

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা