টিএইচবি কলেজৰ ব্যয়বহুল অত্যাধুনিক কনফাৰেন্স হল মুকলি

সমাজখন অস্থিৰ আৰু উঠি অহা প্ৰজন্মক পঙ্গু কৰিব বিচৰা অপশক্তিৰ বিৰদ্ধে মই থিয় দিম-পদ্ম হাজৰিকা৷
#টিএইচবি কলেজৰ ব্যয়বহুল অত্যাধুনিক কনফাৰেন্স হল মুকলি৷
#কলেজৰ অধ্যক্ষ -প্ৰবক্তাৰ ফচলসদৃশ ৮ খনকৈ গ্ৰন্থ উন্মোচন৷

ফাৰ্ষ্ট নিউজ,জামুগুৰিহাট,২৮ ছেপ্টেম্বৰ:সমাজখনক অস্থিৰ কৰি তুলিবৰ কাৰণে আৰু উঠি অহা প্ৰজন্মক পঙ্গু কৰি তুলিব বিচৰা যিকোনো শক্তিৰ বিৰুদ্ধে মই থিয় দিম৷চকীঘাটত সন্দেহযুক্ত নাগৰিকৰ কবলত থকা মাটিখিনি উদ্ধাৰ কৰিবলৈ যাঁওতেও এটা শক্তিয়ে নেতিবাচক মন্তব্য কৰিছিল৷সেই মাটিত আমি এক কৰ্মসংস্কৃতি আৰু উপাৰ্জনমুখী পদক্ষেপ আৰম্ভ কৰিব ওলাইছো৷কণ্যকাৰ জৰিয়তে বেদখলীকৃত মাটিত আমি কিদৰে উৎপাদনমুখী পদক্ষেপ গ্ৰহণ কৰিছো তাৰ বাস্তৱ ছবিখন আজি ছ’চাইটিয়ে দিব৷ছ’চাইটিৰ জৰিয়তে কিদৰে সেই মাটিত এক কৃষিবিপ্লৱ,মীন বিপ্লৱ,দুগ্ধ উৎপাদন,গো-পালন আদিৰ জৰিয়তে কৰ্মসংস্কৃতিৰ পৰিৱেশ সৃষ্টি হৈছে সেয়া ৰাইজে দেখা পাইছে৷যি আজি দেশৰ প্ৰধানমন্ত্ৰী ৰাজ্যৰ মূখ্যমন্ত্ৰীগৰাকীৰ আত্মনিৰ্ভৰশীল ভাৰত আত্মনিৰ্ভৰশীল অসমৰ অংশস্বৰূপ হৈ পৰিছে৷য’ত হাজাৰ হাজাৰ নিবনুৱা যুৱক যুৱতীয়ে কৰ্মসংস্কৃতিৰ পথ বিচাৰি পাইছে৷সেয়ে নেতিবাচক চিন্তাৰ পৰিৱৰ্তে ইতিবাচক চিন্তাধাৰাৰে সকলো আগুৱাই গ’লেহে সমাজখনো আগুৱাই যাব৷এই মন্তব্য চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাৰ৷আজি পূৱ ভৰলীপাৰৰ অন্যতম উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান ত্যাগবীৰ হেমবৰুৱা মহাবিদ্যালয়ৰ উন্নত মানদণ্ডৰ প্ৰেক্ষাগৃহ,ছাত্ৰী জিৰণি গৃহ,নৱনিৰ্মিত পতাকা উত্তোলনথলী উন্মোচন আৰু গ্ৰন্থ উন্মোচনী সভাত অংশগ্ৰহণ কৰি এইদৰে কয় বিধায়কগৰাকীয়ে৷বিধায়ক পুঁজিৰ ২০ লক্ষ্য টকাৰ ব্যয়সাপেক্ষ নিৰ্মাণ কৰা মহাবিদ্যালয়খনৰ আটকধুনীয়া কনফাৰেন্স হলটিৰ উন্মোচন আৰু মঞ্চ উদ্বোধন অনুষ্ঠানৰ লগত সংগতি ৰাখি আজি অনুষ্ঠিত হয় এখনি ব্যতিক্ৰমী গ্ৰন্থ উন্মোচনী সভা৷এই গ্ৰন্থ উন্মোচনী সভাতেই একেলগে ৮ খনকৈ গ্ৰন্থ উন্মোচন কৰা হয়৷যিসমুহ গ্ৰন্থ মহাবিদ্যালয়খনৰ অধ্যক্ষ আৰু প্ৰবক্তাই লিখি উলিৱাইছিল৷পুৱা ১১ বজাত কণ্ঠশিল্পী অকুণ্ঠিতা গাৰ্গৰ এটি বৰগীতৰে আৰম্ভ কৰা এই গাম্ভীৰ্যপূৰ্ণ গ্ৰন্থ উন্মোচনী অনুষ্ঠানটিত সভাপতিত্ব কৰে মহাবিদ্যালয়খনৰ প্ৰাক্তন অধ্যক্ষ গণেশ পাঠকে৷সভাত মহাবিদ্যালয়খনৰ অসমীয়া বিভাগৰ জ্যেষ্ঠ অধ্যাপক ড° খঞ্জন কুমাৰ দাসৰ তত্বাৱধানত আৰু দীপশিখা শইকীয়াৰ সম্পাদনাত দ্বাবিংশতিতম সংখ্যা ত্যাগবীৰ হেমবৰুৱা মহাবিদ্যালয় আলোচনীখন উন্মোচন কৰে বিধায়ক পদ্ম হাজৰিকাই৷তাৰপৰৱৰ্তী সময়ত অসমীয়া,ইংৰাজী আৰু নেপালী বিভাগৰ যৌথ প্ৰচেষ্টাত ত্ৰিধাৰা সাহিত্য চ’ৰায়ে প্ৰকাশ কৰা আৰু ড° খঞ্জন কুমাৰ দাসৰ সম্পাদনাত প্ৰকাশিত ২৮ টা প্ৰবন্ধ সংকলন “চিন্তাবিতান” আৰু মহাবিদ্যালয়খনৰ অধ্যক্ষ ড° অজিত হাজৰিকাৰ গ্ৰন্থ “Comparative Anatomy and Development Biology of Vertebrates:For CBCS,Students of GU/DU/Assam University” শীৰ্ষক গ্ৰন্থ দুয়োখন উন্মোচন কৰে গ্ৰন্থ উন্মোচনী সভাৰ সভাপতি তথা মহাবিদ্যালয়খনৰ প্ৰাক্তন অধ্যক্ষ গণেশ পাঠকে৷ইয়াৰপিছতেই প্ৰবক্তা ড° ৰাস্না ৰাজখোৱা আৰু দীপেন কুমাৰ শৰ্মাৰ গ্ৰন্থ “স্নাতক মহলাৰ ব্যৱহাৰিক পদাৰ্থ বিজ্ঞান” আৰু ড° ৰাস্না ৰাজখোৱাৰে “চিনাকী ঘটনাৰ বৈজ্ঞানিক ব্যাখ্যা”গ্ৰন্থদুখন উন্মোচন কৰে দ্বাদশ অসম আৰক্ষী বাহিনীৰ অধিনায়ক পল্লৱপ্ৰাণ গোস্বামীয়ে৷পৰৱৰ্তী পৰ্যায়ত ড° অমল শইকীয়াৰ সম্পাদনাত মহাবিদ্যালয়ৰ প্ৰবক্তাসকলে সম্পন্ন কৰা পিএইচডি আৰু এনফিল ডিগ্ৰী বিষয়ৰ সাৰাংশ সংকলন Abstract of Research work of the Feculties শীৰ্ষক গ্ৰন্থ আৰু ৰমেশ ডৱাৰীৰ সম্পাদনাত মহাবিদ্যালয়ৰ ২০১৯-২০ বৰ্ষৰ বাৰ্ষিক বুলেটিনৰ দ্বিতীয় সংখ্যা “নিউজ লেটাৰ” দুয়োখন গ্ৰন্থই উন্মোচন কৰে কবি-সাহিত্যিক তথা শোণিতপুৰ জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ইন্দ্ৰপ্ৰসাদ শইকীয়াই৷শেষত প্ৰবক্তা ড° সঞ্জীৱ উপাধ্যায় আৰু ড° ৰিমলিম দত্তৰ “স্নাতক মহলাৰ শৰীৰ বিজ্ঞান আৰু জীৱবিজ্ঞান”গ্ৰন্থভাগ উন্মোচন কৰে নাট্যকাৰ পংকজ জ্যোতি ভূঞাই৷গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটিত প্ৰতিগৰাকী আমন্ত্ৰিত অতিথিয়ে চমু বক্তব্য প্ৰদান কৰাৰ লগতে কোনোবাই যদি এখন গ্ৰন্থ স্পৰ্শ তেন্তে তেঁও হৃদয় স্পৰ্শ কৰে বুলিও  কবি-সাহিত্যিক তথা শোণিতপুৰ জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ইন্দ্ৰপ্ৰসাদ শইকীয়াই ভাষণ প্ৰসংগত উল্লেখ কৰে৷উল্লেখ্য যে নৱনিৰ্মিত অত্যাধুনিক প্ৰেক্ষাগৃহটি উন্মোচন কৰাৰ পূৰ্ৱে মহাবিদ্যালয়খনৰ প্ৰাক্তন ছাত্ৰী তথা সুকণ্ঠী গায়িকা অপৰাজিতা গগৈৰ সোঁৱৰণী ছাত্ৰী জিৰণি গৃহ আৰু নৱনিৰ্মিত পতাকা উত্তোলনথলী উন্মোচন কৰে চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই৷দিনজোৰা কাৰ্যসুচীৰে অনুষ্ঠিত অনুষ্ঠানটিৰ আঁত ধৰে মহাবিদ্যালয়খনৰ অসমীয়া বিভাগৰ জ্যেষ্ঠ অধ্যাপক ড° খঞ্জন কুমাৰ দাস আৰু অনুষ্ঠানটিৰ শেষত শলাগৰ শৰাই আগবঢ়ায় প্ৰবক্তা সুমন্ত ৰাজবংশীয়ে৷
 জোন বৰা,জামুগুৰিহাট৷

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা