নগাঁৱৰ জামুগুৰিত ছহীদ মনবৰ নাথক স্মৃৰণ

নগাঁৱৰ পৰা জয়ন্ত মুদৈ, ২০ ছেপ্টেম্বৰঃ ১৯৪২ চনৰ ২০ ছেপ্টেম্বৰৰ ঐতিহাসিক দিনটোৰ স্মৃতি আজীৱন বুৰঞ্জীৰ বুকুত স্মৃতিস্তম্ভ হৈ জিলিকি থাকিব ৷ ভাৰত ত্যাগ আন্দোলনৰ ফলত হোৱা গণ বিপ্লৱৰ কোবাল ঢৌৱে সেই সময়ত নগাঁও জিলাৰ বেবেজীয়াৰ দাঁতি কাষৰীয়া জামুগুৰি গাঁওখনতো তীব্ৰ জোকাৰণিৰ সৃষ্টি কৰিছিল ৷এই জোকাৰণিয়ে জামুগুৰি গাঁৱৰ বিপ্লৱী বীৰ মনবৰ নাথকো উতলাই তুলি দেশ উদ্ধাৰৰৰ বাবে উদ্ধুদ্ধ কৰি তুলিছিল ৷ ২০ ছেপ্টেম্বৰৰ দিনটোতে ভাৰতীয় কংগ্ৰেছৰ সিদ্ধান্ত অনুসৰি জ্যোতিপ্ৰসাদৰ পৰিকল্পনা মতে ভাৰতৰ জাতীয় অধিকাৰ ৰক্ষাৰ্থে সাম্ৰাজ্যবাদী ইংৰাজৰ কোঠস্বৰুপ থানাসমূহত স্বৰাজৰ পতাকা উত্তোলনৰ কাৰ্যসূচী দৰং জিলাত ঘোষিত হৈছিল ৷ ঢেকীয়াজুলি থানাত বিশাল  সমদলৰ নেতৃত্ব লৈ পতাকা উত্তোলন কৰি ৰাষ্ট্ৰ বীৰৰ জ্বলন্ত স্ফুলিঙ্গ ৰূপে নিজক পৰিচয় কৰাই দিছিল মনবৰ নাথে ৷ সেয়ে দেশৰ হকে জীৱন আহুতি দিয়া বীৰ ছহীদ গৰাকীক সুঁৱৰি আজিৰ এই পবিত্ৰ দিনটোত ব্যাকুল হৈ উঠে জামুগুৰিৰ ৰাইজ আৰু ছহীদ গৰাকীক সোঁৱৰণৰ অৰ্থে অনুষ্ঠিত কৰে এক শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ ৷ তেনেই সীমিত পৰিসৰত চৰকাৰী নীতি নিয়ম মানি অনুষ্ঠিত কৰা অনুষ্ঠানটিৰ পুৱা বেলা পতাকা উত্তোলন কৰে জামুগুৰি শাখা সাহিত্য সভাৰ সভানেত্ৰী কৰবী লিগিৰাই ৷ ইয়াৰ পিছতে শ্বহীদ জনাৰ স্মৃতিত শ্বহীদ তৰ্পণ কৰে স্বভাৱ কবি নৰেন নাথে ৷ পৰৱৰ্তী সময়ত ছহীদ মনবৰ নাথৰ জীৱন দৰ্শনৰ বিষয়ে আলোকপাত কৰে প্ৰবীণ গীতিকাৰ, সুৰকাৰ তথা অৱসৰপ্ৰাপ্ত শিক্ষক গম্ভীৰ নাথ আৰু শিক্ষক অনিল চন্দ্ৰ নাথে ৷ জামুগুৰি মজলীয়া বিদ্যালয়ৰ প্ৰধান শিক্ষক দীপক কুমাৰ হাজৰিকাই বন্তি প্ৰজ্বলন কৰা অনুষ্ঠানটিত জংগম কবি মঞ্চৰ সভাপতি সম্পাদক ক্ৰমে ভুৱন চন্দ্ৰ নাথ আৰু অভিজিত বৰদলৈৰ উপৰি মিলন চন্দ্ৰ নাথ উপস্থিত থাকি মনৰ অনুভৱ ব্যক্ত কৰা অনুষ্ঠানটিত শিল্পী ধেনুৰাম নাথে শ্বহীদ জনাক সুঁৱৰি পৰিৱেশন কৰা গীতটিয়ে সকলোকে মন্ৰমুগ্ধ কৰি তোলে ৷ শাখা সাহিত্য সভাৰ সম্পাদিকা অৱন্তী দেৱীয়ে উদ্দেশ্য ব্যাখ্যা কৰা এই অনষ্ঠানটিতে মনবৰ নাথৰ স্মৃতিত ২০২৯ চনতে পথ নামাকৰণৰ ফলক দুখন পুনৰ নিৰ্মাণ কৰি দিয়া বাবে বেবেজীয়া-ডিমৌ-বাংঠাই গাঁও পঞ্চায়তৰ সভাপতি দিগন্ত কুমাৰ নাথ আৰু জামুগুৰি-কুজিদাঁহ গাঁও পঞ্চায়তৰ সভাপতি কৌস্তুভ কুমাৰ বৰাক ফুলাম গামোচাৰে সম্ভাষণ জ্ঞাপন কৰা হয় ৷
===================

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা