ৰাজ্যিক শিক্ষামন্ত্ৰী ভৱেশ কলিতাই অসমত উদ্বোধন কৰিলে বিদ্যা ভাৰতীৰ "MyNEP" প্ৰতিযোগিতা

ৰাজ্যিক শিক্ষামন্ত্ৰী ভৱেশ কলিতাই অসমত উদ্বোধন কৰিলে বিদ্যা ভাৰতীৰ "MyNEP" প্ৰতিযোগিতা। 

পঙ্কজ নাথ, চাংসাৰি, ২২ ছেপ্টেম্বৰ :

বিদ্যা ভাৰতীৰ দ্বাৰা কাৰ্যকৰী কৰা ‘মোৰ শিক্ষা-মোৰ ভাৰত’ "MyNEP" প্ৰতিযোগিতাখনি আজি অসমত উদ্বোধন কৰে অসম চৰকাৰৰ ৰাজ্যিক শিক্ষামন্ত্ৰী  ভৱেশ কলিতাই৷ বিদ্যা ভাৰতীৰ দ্বাৰা ৰাষ্ট্ৰীয় শিক্ষা নীতি-২০২০ৰ জৰিয়তে শিক্ষা খণ্ডত হ’বলগীয়া যুগান্তকাৰী পৰিবৰ্তনক প্ৰতিগৰাকী লোকৰ ওচৰলৈ নিয়াৰ প্ৰয়াস কৰি ১৩ টা ভাষাত সৰ্বভাৰতীয় পৰ্যায়ত পণ্ডিত দীন দয়াল উপাধ্যায়ৰ জন্ম দিন ২৫ চেপ্তেম্বৰৰ পৰা আৰম্ভ কৰি ২ অক্টোবৰ গান্ধী জয়ন্তীলৈকে এই প্ৰতিযোগিতা চলিব৷ এই প্ৰতিযোগিতাক তিনি ভাগত বিভক্ত কৰা হৈছে৷ প্ৰথম ভাগত নৱম মানৰ পৰা দ্বাদশ, দ্বিতীয় ভাগত স্নাতক পৰ্যায়ৰ ছাত্ৰ আৰু তৃতীয় পৰ্যায়ত সাধাৰণ লোকক সাঙুৰি ল’ব৷ সকলো প্ৰতিযোগিতাত সকলো বৰ্গৰ আৰু ভাষাৰ বাবে পুৰস্কাৰ থাকিব৷ "MyNEP" কাৰ্যসূচীৰ জৰিয়তে ‘মিম মেকিং, পেইণ্টিং, পোষ্টাৰ নিৰ্মাণ, বক্তৃতা প্ৰদান, প্ৰধানমন্ত্ৰীলৈ পত্ৰ, ৰচনা লিখা, ডিজিটেল ডিজাইন, কুইজ আদি প্ৰতিযোগিতাত অংশ গ্ৰহণৰ সুযোগ লাভ কৰিব৷

উদ্বোধনী অনুষ্ঠানত মন্ত্ৰী কলিতাই কয় যে নতুন শিক্ষা নীতিয়ে ভাৰতৰ লগতে অসমকো সমানে আগবঢ়াই লৈ যাব৷ মূল্যবোধৰ শিক্ষা প্ৰদান কৰাৰ লগতে মাতৃভাষাত শিক্ষা লাভ কৰি নতুন প্ৰজন্মই আগুৱাই যোৱাৰ লগতে মহান ভাৰতীয় ঐতিহ্যক বিশ্ব দৰবাৰত উজলাই তুলিবলৈ সমৰ্থ হ’ব বুলিও মন্ত্ৰীগৰাকীয়ে আশা প্ৰকাশ কৰে। নতুন শিক্ষা নীতিয়ে প্ৰতিগৰাকী শিক্ষাৰ্থীক শিপাৰ সম্ভেদ দিব বুলিও মন্তব্য কৰে মন্ত্ৰী কলিতাই।  

অনুষ্ঠানত অংশগ্ৰহণ কৰি বিদ্যা ভাৰতীৰ পূৰ্বোত্তৰ ক্ষেত্ৰৰ সম্পাদক সাঞ্চিৰাম পায়েঙে কয় যে আমদানীকৃত শিক্ষা ব্যৱস্থাৰ প্ৰভূত্বই ভাৰতৰ শিক্ষা প্ৰণালীক ভিতৰি ভিতৰি নিঃশেষ কৰি পেলাইছিল৷ নতুন শিক্ষানীতিয়ে ছাত্ৰ-ছাত্ৰীসকলক ব্যক্তিত্ব বিকাশৰ সুযোগ প্ৰদান কৰিব বুলি সদৰী কৰে ডঃ শৰ্মাই।

সন্মানীয় অতিথি হিচাপে অংশগ্ৰহণ কৰা বিদ্যা ভাৰতীৰ ৰাষ্ট্ৰীয় সম্পাদক ব্ৰহ্মজী ৰাওৱে অসমৰ শংকৰদেৱ শিশু নিকেতনৰ পাঠদানৰ ব্যৱস্থাৰ ভূয়সী প্ৰশংসা কৰে। অসমত নিকেতনৰ শিক্ষা ব্যৱস্থাই ছাত্ৰ-ছাত্ৰীসকলক মূল্যবোধৰ শিক্ষা প্ৰদান কৰিবলৈ সমৰ্থ হৈছে বুলি উল্লেখ কৰি নতুন শিক্ষা নীতিয়ে সমগ্ৰ শিক্ষা ব্যৱস্থাক অধিক ফলপ্ৰসূ কৰি তুলিব বুলি মন্তব্য কৰে। 

এবিভিপিৰ ৰাষ্ট্ৰীয় যুটীয়া সাংগঠনিক সম্পাদক এছ এইছ শ্ৰীনিবাসে কয় যে জ্ঞান আধাৰিত সমাজ তৈয়াৰ কৰিবলৈ যি পৰিকল্পনা লাগে সেয়া নতুন ৰাষ্ট্ৰীয় নীতিত সংলগ্ন কৰা হৈছে আৰু এই ব্যৱস্থাই ভাৰতক এখন উন্নত ৰাষ্ট্ৰত পৰিণত কৰিবলৈ সমৰ্থ হ’ব। 'নতুন শিক্ষা নীতি ভাৰতীয় সমাজৰ দাবীৰ প্ৰতি সন্মান জনাই তৈয়াৰ কৰা হৈছে। গতিকে ভাৰতকেন্দ্ৰিক শিক্ষাৰ সপোন সফল হোৱাটো আশা কৰিব পাৰি।’

অনুষ্ঠানত অংশগ্ৰহণ কৰি বিদ্যা ভাৰতীৰ উত্তৰ অসম প্ৰান্ত তথা শিশু শিক্ষা সমিতি অসমৰ সাংগঠনিক সম্পাদক হেমন্ত ধিং মজুমদাৰে ৰাষ্ট্ৰীয় শিক্ষা নীতিয়ে অসমক কিদৰে শিক্ষাৰ ক্ষেত্ৰত দেশৰ ভিতৰতে আগুৱাই লৈ যাব সেয়া ব্যাখ্যা কৰে। ৰাষ্ট্ৰীয়  শিক্ষা নীতিয়ে মাতৃভাষাত প্ৰাৰম্ভিক শিক্ষাৰ যি পৰামৰ্শ আগবঢ়াইছে, সেই কাম বিদ্যা ভাৰতীয়ে ইয়াৰ আৰম্ভণি কালৰেনপৰা কাৰ্যকৰী কৰি আহিছে। নতুন শিক্ষা নীতিয়ে অসম তথা উত্তৰ-পূব ভাৰতক অনাগত সময়ছোৱাত দেশৰ ভিতৰতে জাকত জিলিকা কৰি তুলিব বুলি মজুমদাৰে উল্লেখ কৰে।

কামৰূপ ব্যুৰো পঙ্কজ নাথৰ ৰিপৰ্ট।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা