পূব নলবাৰীত বিশুদ্ধ খোৱা পানী যোগান আঁ‌চনিত ব্যাপক অনিয়ম- হাবি-জংগলে আগুৰি ধৰিছে কেইবাটাও পানী যোগান পানী যোগান প্ৰকল্প

ৰূপক বৈশ্য, ফাৰ্ষ্ট নিউজ ৰিপোৰ্ট, নলবাৰী, ১০ ছেপ্তেম্বৰ*

বিশুদ্ধ খোৱা পানী আঁ‌চনি এখন চৰকাৰে ৰূপায়ন কৰিছে যদিও জিলা পৰিষদ, গাঁও পঞ্চায়ত, আঞ্চলিক পঞ্চায়ত আৰু পৌৰ নিকায় আদিৰ ব্যাপক অনিয়ম দুৰ্নীতিৰ বাবে বহু ঠাইত ৰাইজে বিশুদ্ধ খোৱাপানীৰ পৰা বঞ্চিত হৈ থাকিবলগা হৈছে । বিশুদ্ধ পানী যোগানৰ বাবে চৰকাৰে লোৱা আঁচনিয়ে যে ৰাইজক সামৰি ল'ব পৰা নাই তাকে প্ৰতিপন্ন হৈছে বৃহত্তৰ পূবনলবাৰী অঞ্চলৰ ভালেসংখ্যক গাৱত । উল্লেখ্য যে বৃহত্তৰ পূব নলবাৰী এলেকাৰ প্ৰায় অৰ্দ্ধশতাধিক গাঁৱত জনসংখ্যা অনুপাতে প্ৰয়োজনীয় দ'মকল নাই । ফলত খোৱাপানীৰ ক্ষেত্ৰত অসুবিধাত পৰা বহু পৰিয়ালে দূৰ দূৰনিৰ দ'মকল বিচাৰি নতুবা অন্য কোনো ব্যবস্থাৰে পানী খাব লগাত পৰিছে । এই বিষয়টোৱে স্বাস্থ্য ক্ষেত্ৰতো জটিলতাৰ সৃষ্টি কৰিছে । প্ৰাপ্ত বাতৰি মতে পূব নলবাৰী উন্নয়ন খণ্ডৰ অন্তৰ্গত খাতা বতাহঘিলা জিলা পৰিষদৰ ৬ খন পঞ্চায়ততে চৰকাৰী দ'মকলৰ যোগান তেনেই নগন্য । যাৰ ফলত সৰিয়হতলী, বৰসৰকুছি, নমাটি, ধনতোলা,  কেন্দুকুছি, তেৰেছীয়া , বালিকুছি, কটৰা, দীঘেলী, বালিলেছা, ভুনুকুছি, সন্ধা, বৰমুৰিকোনা, জাজিয়াবাৰী আদি গাঁঁওসমূহৰ দৰিদ্ৰ শ্ৰেণীৰ লোকসকলে চৰকাৰী দ'মকল নোপোৱাৰ বাবে খোৱাপানীৰ পৰা বঞ্চিত হৈ আহিছে । আনহাতে বড়িগোগ বনভাগ উন্নয়নখণ্ডৰ অন্তৰ্গত ১১ নং দেহাৰকুছি পঞ্চায়তৰ বৰখালা, চমাৰকুছি, চতমা, বাহাৰঘাট আদি গাঁৱত বহু ৰাইজে বিশুদ্ধ খোৱাপানীৰ পৰা বঞ্চিত হৈ আছে । ১২ নং দতৰা গাও পঞ্চায়তৰ থানপাতকুছি, চতমা, ধুৰকুছি, গুৱাকুছি, নাৰপাৰা ঘগ্ৰাপাৰ, জাৱজাৱকুছি, বালিপাৰা, চত্ৰা আদিকে ধৰি বহু গাঁঁৱৰ ৰাইজে দ'মকল পোৱা নাই । জিলাখনৰ বৰভাগ অঞ্চলৰ বহু ৰাইজে আজিও বিশুদ্ধ খোৱাপানীৰ পৰা বঞ্চিত হৈ আছে । অঞ্চলটোৰ বানপিড়ীত বৰবুকিয়া, বৰশিমলুৱা, সানেকুছি, আৰাংগমৌ, দোকোহা আদি গাঁৱসমূহৰ বহু দুখীয়া ৰাইজে চৰকাৰৰ পৰা দ'মকল পোৱা নাই । এইসকল ৰাইজে খোৱাপানীৰ বাবে হাহাকাৰ কৰি থাকিব লগা হৈছে । অঞ্চলটোৰ ননৈ, উদয়পুৰ, বড়িদতৰা, বাউসীউদয়পুৰ, সোনকানী আদি গাঁৱৰ বহু লোকে চৰকাৰী আঁচনিৰ পৰা বঞ্চিত হৈ আছে । উল্লেখনীয় যে জিলাপৰিষদ‌, গাঁও পঞ্চায়ত নাইবা আঞ্চলিক পঞ্চায়তৰ জড়িয়তে বিভিন্ন আঁচনিত প্ৰতিবছৰে দ'মকল বহুৱাই বিশুদ্ধ খোৱাপানী যোগান ধৰাৰ নামত বহু টকা ধাৰ্য কৰা হয় যদিও আঁচনিখনত ব্যাপক অনিয়ম অনীতি সংঘটিত হোৱাৰ ফলত ৰাইজে উপকৃত হোৱাৰ পৰা বঞ্চিত হৈ আহিছে । আনকি বহু ক্ষেত্ৰত আঁচনিখনৰ নামত ধন আত্মসাৎ কৰাৰ অভিযোগ উঠিছে । আনহাতে নিম্নমানৰ সামগ্ৰীৰে বহুওৱা দ'মকলসমূহ সঘনাই বা দুদিন পিছতেই অচল হৈ পৰা দেখা গৈছে । এনেদৰে বছৰ বছৰ ধৰি গ্ৰামাঞ্চলৰ দুখীয়া ৰাইজে বিশুদ্ধ খোৱাপানীৰ পৰা বঞ্চিত হৈ আহিছে । তেনেদৰে নলবাৰী জনস্বাস্থ্য বিভাগৰ দ্বাৰা নিৰ্মাণ কৰা গুৱাকুছি পানী যোগান আঁচনি, ভুনুকুছি আঁচনি, খাতা গুৱাকুছি পানী যোগান আঁচনি, নাৰপাৰা, চত্ৰা, জাৱজাৱকুছি, বালিপাৰা আদি পানী যোগান আঁচনিসমূহো বিকল হৈ পৰি আছে বুলি জানিব পৰা গৈছে । লাখ লাখ টকাৰে নিৰ্মাণ কৰা সংশ্লিষ্ট পানী যোগান আঁচনি কেইখন মাত্ৰ কেইদিনমানহে চলিছিল যদিও আজিপৰ্যন্ত বন্ধ হৈ আছে । নলবাৰীৰ বিভাগীয় কৰ্তৃপক্ষৰ চৰম হেমাহিৰ বাবে এইসমূহ পানী যোগান আঁচনি বন্ধ হৈ আছে । শেহতীয়াভাৱেে একাংশ পানী যোগান প্ৰকল্প  হাবি জংগলে আগুৰি ধৰিছে ।  বিভাগটোৰ কাৰ্যবাহী অভিযন্তাগৰাকীৰ গাফিলতিৰ বাবেই উক্ত পানীযোগান আঁচনিখন বিকল হৈ পৰি আছে । বৰ্ত্তমানৰ কাৰ্যবাহী অভিযন্তাগৰাকীৰ বাবেই জিলাখনত বহু পানী যোগান আঁচনি বন্ধ হোৱা বুলি অভিযোগ উঠিছে । ৰাইজে এই পানীযোগান আঁচনিসমূহ অতি শীঘ্ৰে মুকলি কৰিবলৈ চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষৰ ওচৰত দাবী জনাইছে । বিভাগীয় কৰ্তৃপক্ষৰ অনিয়ম-দুৰ্নীতিৰ ওপৰত ক্ষুব্ধ হৈ পৰিছে অঞ্চলটোৰ ৰাইজ । ইফালে নলবাৰী জনস্বাস্থ‍্য কাৰিকৰী বিভাগৰ দ্বাৰা যোগান ধৰা "অনাময়" আঁচনিৰ নামত জিলাখনৰ সমান্তৰালভাৱে ঘগ্ৰাপাৰস্থ বড়িগোগ বনভাগ উন্নয়ন খণ্ডতো ব‍্যাপক দুৰ্নীতি-অনিয়ম সংঘটিত হোৱা বুলি তথ্য পোহৰলৈ আহিছে বুলি চৰ্চিত হৈছে ।

*প্ৰেৰকঃ ৰূপক বৈশ্য, নলবাৰী*

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা