ঐতিহাসিক কলীয়া গোঁসাই থানত অনুষ্টুপীয়াকৈ পালন জন্মাষ্টমী

 ঐতিহাসিক কলীয়া গোঁসাই থানত অনুষ্টুপীয়াকৈ পালন জন্মাষ্টমী#              

নগাঁৱৰ পৰা জয়ন্ত মুদৈ, ১০ ছেপ্টেম্বৰঃ মহাপুৰুষ গুৰুজনাৰ নাতিপুৰুষ পুৰুষোত্তম ঠাকুৰদেৱে প্ৰতিষ্ঠা কৰা প্ৰথমখন সত্ৰ শ্ৰী শ্ৰী কৰচুং সত্ৰ ৷ নগাঁও জিলাৰ ৰাইদঙীয়াৰ ঐতিহাসিক কৰচুং সত্ৰৰ কলীয়া গোঁসাই থানত বিগত ১৬২৫ খ্ৰীষ্টাব্দৰ পৰা শ্ৰীকৃষ্ণৰ জন্মাষ্টমী পালন কৰি অহা হৈছে। কিন্ত এইবাৰ কৰ’না মহামাৰীৰ বিভীষিকাৰ বাবে অনুষ্টুপীয়াকৈ কেৱল আনুষংগীক ৰীতি-নীতিৰ মাজেৰেহে আজি অনুষ্ঠিত কৰা হয় এই উৎসৱটি ৷ উল্লেখ্য, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে দিয়া সাংস্কৃতিক অৱদান তথা আদৰ্শক সাৰোগত কৰি বৃহত্তৰ ৰাইদঙীয়া অঞ্চলৰ কৰচুং সত্ৰবাসী ৰাইজে অসমীয়া কলা-কৃষ্টি-সাহিত্য-সংস্কৃতিৰ প্ৰসাৰৰ উদ্দেশ্যেৰে পৰম্পৰাগতভাবে পালন কৰি অহা এই জন্মাষ্টমী উৎসৱ উপলক্ষে পূৰ্বৰ বৰ্ষবোৰত সমবেত হোৱা হাজাৰ হাজাৰ ধৰ্মানুৰাগী লোকে থান প্ৰাংগণত উদুলি-মুদুলি পৰিবেশৰ সৃষ্টি কৰে। কিন্তু এইবাৰ কৰ’নাৰ বিভীষিকাৰ বাবেই দেখা নগ’ল তেনে পৰিবেশ ৷ স্মৰ্তব্য যে, অসমৰ মূল চাৰি সত্ৰৰ পিছতেই স্থাপিত কৰচুং সত্ৰৰ প্ৰতিষ্ঠাপক সত্ৰাধিকাৰ প্ৰয়াত কেশচৰণ আতা বুলি ড° মহেশ্বৰ নেওগে "পবিত্ৰ অসম"ত উল্লেখ কৰিছে যদিও সত্ৰৰ বৰ্তমানৰ অধিকাৰৰ বংশধৰসকলে অন্য মতহে প্ৰকাশ কৰে ৷ তেওঁলোকৰ মতে, আহোম স্বৰ্গদেউ জয়ধ্বজ সিংহৰ ৰাজত্বৰ কালচোৱাত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ নাতি বোৱাৰী আই কনকলতাৰ লগত বটদ্ৰৱা থান উদ্ধাৰৰ নিমিত্তে দামোদৰ আতা আৰু ছয় কুৰি ভকতৰ সৈতে অহা ভগৱান আতাই এই সত্ৰখনি প্ৰতিষ্ঠা কৰিছিল ৷ তেওঁ আই কনকলতাৰ অনুমতি সাপেক্ষে বটদ্ৰৱা থান উদ্ধাৰৰ পৰবৰ্তী ক্ষণত নাম-ধৰ্ম প্ৰচাৰৰ হেতু এডোখৰ সুচল ঠাইৰ সন্ধানত আহি ৰাইদঙীয়াৰ  ঔগুৰিত উপস্থিত হয় আৰু ইয়াৰ সমীপত সত্ৰখনি প্ৰতিষ্ঠা কৰে ৷ সত্ৰত শ্ৰীকৃষ্ণৰ চতুৰ্ভূজ মূৰ্ত্তি স্থাপনেৰে সত্ৰীয়া ৰীতি-নীতি ৰাইজৰ মাজত বিলাই দিয়াৰ পিছৰে পৰা পুৰুষানুক্ৰমে এই কাৰ্য বৰ্তমানলৈকে চলি আহিছে ৷ কৰচুং সত্ৰ শিল্প-ভাস্কৰ্যত অতিকে আগবঢ়া ৷ কিয়নো সত্ৰখনিত থকা ৰাৱণ, কুম্ভকৰ্ণ, অতিকায় আদিৰ আকৰ্ষণীয় মুখা আৰু কাঠত খোদিত কৰা হনুমান, কালী গোঁসানীৰ মূৰ্ত্তি আদিয়ে তাক স্পষ্টকৈ প্ৰতিফলিত কৰে। উল্লেখ্য, সত্ৰখনিত থকা কলীয়া গোঁসাইৰ চতুৰ্ভূজ মূৰ্ত্তিৰ লগতে বংশী গোপালৰ মূৰ্ত্তিয়ে আজিও ভক্তক আকৰ্ষিত কৰি আহিছে ৷ কাজেই, পুৰণি কলা-কৃষ্টি-সাহিত্য-সংস্কৃতিৰ ঐতিহ্যৰে ভৰা এই সত্ৰখনি কালক্ৰমত কলীয়া গোঁসাই থান নামে ৰাইজৰ মাজত জনপ্ৰিয় হৈ পৰাৰ লগতে ইয়াৰ দৰ্শনৰ বাবে বিভিন্ন ঠাইৰ পৰা দৰ্শনাৰ্থীৰ আগমন ঘটে ৷ তদনুযায়ী প্ৰতিবছৰে ব্যাপক প্ৰস্তুতিৰে আয়োজিত শ্ৰীকৃষ্ণৰ জন্মাষ্টমী উৎসৱলৈ এভাগ নৈবদ্য বা এগছি চাকি-বন্তি আগবঢ়াবৰ কাৰণে ঢাপলি মেলে হাজাৰ হাজাৰ ভক্তপ্ৰাণ ৰাইজ আৰু সত্ৰখনি পৰিণত কৰি তোলে এক সম্প্ৰীতিৰ মিলন তীৰ্থত ৷ কিন্তু সমগ্ৰ বিশ্বতে ত্ৰাসৰ সৃষ্টি কৰা কৰ’না ভাইৰাছৰ তাণ্ডৱৰ হেতু সত্ৰ পৰিচালনা সমিতিয়ে এইবাৰ এই উৎসৱটি কেৱল পৰম্পৰা ৰক্ষাৰ্থেহে উদযাপন কৰিবলৈ বাধ্য হয় ৷ 
==================

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা