গেলেকী সংৰক্ষিত বনাঞ্চলত বন মন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ দ্বাৰা সাহিত্য মনিষী উপবনৰ শুভাৰম্ভ

ফাৰ্ষ্ট নিউজ ৰিপৰ্ট শিৱসাগৰ , ৮ ছেপ্টেম্বৰ : অসম চৰকাৰৰ বন, আৱকাৰী আৰু মীন বিভাগৰ মন্ত্ৰী পৰিমল শুক্লবৈদ্যই  শিৱসাগৰ জিলাৰ কমলাবাৰী স্থিত গেলেকী সংৰক্ষিত বনাঞ্চলত "সাহিত্য মনিষী উপবন" নামৰ এখনি বন উদ্যানৰ আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে। 

শিৱসাগৰ জিলা বন বিভাগৰ দ্বাৰা আয়োজিত এই অনুষ্ঠানত বন উদ্যান খনিৰ শুভাৰম্ভ কৰি মন্ত্ৰী গৰাকীয়ে গছপুলিও ৰোপণ কৰে। 

বন উদ্যান খনিৰ শুভাৰম্ভ অনুষ্ঠানত প্ৰদান কৰা ভাষণত মন্ত্ৰী গৰাকীয়ে কয় যে, জৈৱ বৈচিত্ৰতাৰ সুৰক্ষা নিশ্চিত কৰাৰ লগতে অসম খনক প্ৰদূষণ মুক্ত কৰাৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰে গুৰুত্ব প্ৰদান কৰি আহিছে। অসম খনক প্ৰদূষণ মুক্ত কৰিব নোৱাৰিলে এই জাতিটোক জীয়াই ৰখাটো সম্ভৱ নহয় বুলি তেওঁ মন্তব্য কৰে। মন্ত্ৰী গৰাকীয়ে লগতে কয় যে, অসমৰ ২৪ খন জিলাত সাহিত্য মনিষী উপবন আঁচনি লোৱা হৈছে আৰু গেলেকীত এয়া ১২ সংখ্যক কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হৈছে। তেওঁ কয় যে এই সাহিত্য মনিষী উপবনত এই বৰ্ষৰ ভিতৰত বিভিন্ন প্ৰজাতিৰ ফুল, ফল, ঔষধিৰ এহেজাৰ গছপুলি ৰোপণ কৰা হ'ব। বন মন্ত্ৰী গৰাকীয়ে উল্লেখ কৰে যে, মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে অসম খনক প্ৰদূষণ মুক্ত কৰাৰ উদ্দেশ্যে ১০ কোটি গছপুলি ৰোপনৰ প্ৰতিশ্ৰুতি দিছিল আৰু সেই মৰ্মে বৰ্তমানলৈ ৰাজ্যখনত ৭ কোটি গছপুলি ৰোপন কৰা হৈছে।

সাহিত্য মনিষী উপবন খনিৰ শুভাৰম্ভ অনুষ্ঠানত উপস্থিত থাকি ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ মন্ত্ৰী যোগেন মহনে কয় যে, প্ৰকৃতি অবিহনে মানুহ কেতিয়াও জীয়াই নাথাকে, কিন্তু প্ৰকৃতিক মানুহে ধ্বংস কৰি আহিছে। প্ৰকৃতিৰ সুৰক্ষাৰ প্ৰতি জনসাধাৰণ সচেতন হ'ব  লাগিব আৰু এই ক্ষেত্ৰত উদ্যোগ গ্ৰহণ কৰিব লাগিব । 

অনুষ্ঠানটিত অংশগ্ৰহণ কৰি থাওৰা সমষ্টিৰ বিধায়ক কুশল  দুৱৰীয়ে সাহিত্য মনিষী উপবন খনিৰ সৌষ্ঠৱ বৃদ্ধিৰ বাবে সকলো ৰাইজৰ সহযোগিতা অতিকৈ প্ৰয়োজনীয় বুলি উল্লেখ কৰে । প্ৰতিজন লোককে এটিকৈ হলেও গছপুলি ৰোপণ কৰিবলৈ তেওঁ আহ্বান জনায় । গছপুলি ৰোপণৰ লগতে এইসমূহৰ প্ৰতিপালনৰ প্ৰতিও দৃষ্টি ৰখা উচিত বুলি তেওঁ কয়। 

জিলা উপায়ুক্ত লক্ষীনন্দন গগৈয়ে কমলাবাৰীক এক আকৰ্ষণীয় পৰ্যটনৰ কেন্দ্রৰূপে গঢ় দিয়াৰ ক্ষেত্ৰত স্থানীয় ৰাইজৰ উদ্যোগৰ ভূয়সী শলাগ লয়। তেওঁ সাহিত্য মনিষী উপবন খনিৰ সুৰক্ষা আৰু ইয়াৰ সংবৰ্ধনৰ ক্ষেত্ৰত ৰাইজৰ সহযোগিতা আহ্বান জনায় । পৰিবেশৰ সুৰক্ষাৰ প্রয়োজনীয়তা আজি জনসাধাৰণে হৃদয়ংগম কৰিবলৈ সক্ষম হ'ব লাগিব বুলিও গুৰুত্ব পুৰ্ণ মম্তব্য প্ৰকাশ কৰে । 

এই অনুষ্ঠানত সমাজকৰ্মীদ্বয় ক্ৰমে সুৰভি ৰাজকুমাৰী আৰু প্ৰহ্লাদ গোৱালা; প্ৰধান মুখ্য বন সংৰক্ষক তথা বনবল মূৰব্বী অৰবিন্দ মাধৱ সিং; অতিৰিক্ত প্ৰধান মুখ্য বন সংৰক্ষক (টেৰীটৰিয়েল) এছ পি বশিষ্ঠ; মুখ্য বন সংৰক্ষক তথা CAMPA ৰ মুখ্য কাৰ্যবাহী বিষয়া ডঃ সত্যেন্দ্ৰ সিং; বন সংৰক্ষক, পূৱ অসম চক্ৰ, যোৰহাট নাৰায়ণ মহন্ত; সহকাৰী বন সংৰক্ষক, যোৰহাট সংমণ্ডল অশ্বিনী কুমাৰ; বন সংমণ্ডল প্ৰাধিকাৰী, শিৱসাগৰ জয়শ্ৰী নাইডিং আৰু নাজিৰাৰ মহকুমাধিপতি সম্প্ৰীতি গোস্বামী আদি বহুলোক উপস্থিত আছিল ।

 শিৱসাগৰৰ পৰা অপূৰ্ব্ব ভূঞা ফাৰ্ষ্ট নিউজ ৰিপৰ্ট

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা