জয়ন্ত কুমাৰ শৰ্মা আৰু গংগাধৰ বৰ্মনক সংস্কৃত পণ্ডিত বানেশ্বৰ দেৱ শৰ্মা স্মৃতি ৰাজ্যিক কৃতী শিক্ষক বঁটা প্ৰদান

প্ৰতিবেদক, ৰঙিয়া, ৬ ছেপ্টেম্বৰঃ 
যোগ্যজনক সন্মান, স্বীকৃতি দিলেহে মানুহে সমাজত বৰঙণি যোগাবলৈ আগবাঢ়ি আহিব। মানুহ গঢ়াৰ যন্ত্ৰ "শিক্ষক" সকলক চৰকাৰে দিয়া স্বীকৃতিত কৈ কোনো সামাজিক অনুষ্ঠান প্ৰতিষ্ঠানে দিয়া স্বীকৃতিৰ গুৰুত্ব বেছি।কিয়নো কৃতী শিক্ষকে ছাত্ৰ ছাত্ৰীৰ লগতে সমাজকো উপযুক্ত শিক্ষা দিয়ে। এই মন্তব্য অসম ইলেকট্ৰনিকছ উন্নয়ন নিগমৰ উপ প্ৰবন্ধক তথা বিশিষ্ট প্ৰবন্ধকাৰ দিনমনি ভাণ্ডাৰ কায়স্থৰ। আজি ডিমু অসমী ক্লাৱত "সংগীত গ্ৰুপ অফ ক্ৰিয়েছনৰ উদ্যোগত অনুষ্ঠিত ৰঙিয়া সমীপৱৰ্তী কোঠৰাৰ শিক্ষাবিদ বানেশ্বৰ দেৱ শৰ্মা স্মৃতিত ৰাজ্যিক কৃতী শিক্ষক বঁটা প্ৰদান অনুষ্ঠানত বিশিষ্ট অতিথি ৰূপে অংশ গ্ৰহণ কৰি তেওঁ এনেদৰে কয়। লগতে পঙ্কজ পল্লৱ শৰ্মাৰ সম্পাদনাত প্ৰকাশিত স্মৃতিগ্ৰন্থ" উমানাথ" উন্মোচনী কৰে উপ প্ৰবন্ধক দিপামনি ভাণ্ডাৰ কায়স্থই। দক্ষিণ ৰঙিয়া প্ৰেছ ক্লাৱৰ সহযোগত অনুষ্ঠিত হোৱা এই অনুষ্ঠানটি উদ্বোধন কৰি নৰ্থ ইষ্ট কেঞ্চাৰ হস্পিতালৰ অধ্যক্ষ গণেশ তামুলীয়ে কয় যে প্ৰায়ত বানেশ্বৰ শৰ্মা ৰঙিয়া অঞ্চলৰ প্ৰকৃত এগৰাকী সমাজহিতোষী, জ্যোতিৰ্বিদ্যা আৰু সংস্কৃত পণ্ডিত আছিল। মৃত্যুৰ পিছতো পিতৃ মাতৃক শ্ৰদ্ধা জনোৱাটো গুণীৰ কাম বুলি উল্লেখ কৰি তামুলীয়ে কৰ্কট ৰোগৰ লক্ষণ, লৱ লগা সাৱধানতা সম্পৰ্কেও বক্তব্য দাঙি ধৰে। সংগীত গ্ৰুপ অফ ক্ৰিয়েছনৰ সম্পাদক পঙ্কজ পল্লৱ শৰ্মা আৰু উপ সভাপতি উজ্জ্বল ডেকাই আঁত ধৰা অনুষ্ঠানত চলচ্চিত্ৰ প্ৰযোজক অজিত বৰ্মন, অসম মুক্তি যুঁজাৰু সন্মিলনৰ সম্পাদক দ্বিজেন্দ্ৰ মোহন শৰ্মা, অসমীয়া খবৰ কাকতৰ উপ সম্পাদক দিগন্ত কুমাৰ নাথ আৰু অসম চেক্সটাইল ইনষ্টিটিউটৰ অৱসৰপ্ৰাপ্ত অধ্যাপক দ্বিজেন শৰ্মাই উপস্থিত থাকি সাৰুৱা বক্তব্য আগবঢ়ায় ।ৰঙিয়াৰ সংগীত গ্ৰুপ অব ক্ৰিয়েচনে প্ৰৱৰ্তন কৰা সংস্কৃত পণ্ডিত প্ৰয়াত বানেশ্বৰ শৰ্মা স্মাৰক ৰাজ্যিক কৃতী শিক্ষক বঁটা-২০১৯ বৰ্ষৰ বাবে জুৰি সমিতিয়ে নিৰ্বাচন কৰা পূব বড়িগোগ কনিহা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সহকাৰী শিক্ষক জয়ন্ত কুমাৰ শৰ্মা আৰু ২০২০ বৰ্ষৰ বাবে নিৰ্বাচিত নলবাৰী জিলাৰ শ'লমাৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সহকাৰী শিক্ষক গংগাধৰ বৰ্মনক অনুষ্ঠানত বঁটা প্ৰদান কৰা হয়।ইয়াৰোপৰি প্ৰয়াত বানেশ্বৰ দেৱ শৰ্মাৰ সোঁৱৰণত অনলাইন যোগে অনুষ্ঠিত কৰা একক অভিনয়ত প্ৰথম আৰু দ্বিতীয় স্থান লাভ কৰা নলবাৰীৰ পৰাগ ৰাজবংশী আৰু টিহুৰ পাৰ্থ প্ৰতীম পাৰভিদ কলিতাক উক্ত অনুষ্ঠানতে পুৰস্কাৰ প্ৰদান কৰা হয়।শিক্ষক দিৱসৰ লগত সংগতি ৰাখি অনুষ্ঠিত কৃতী শিক্ষকৰ বঁটা প্ৰদান অনুষ্ঠানৰ আৰম্ভণিতে কামৰূপ জিলা সাংবাদিক সন্থাৰ সম্পাদক তৰণী চৰণ কলিতাই প্ৰাক্তন ৰাষ্ট্ৰপতি তথা দাৰ্শনিক পণ্ডিত সৰ্বেপল্লী ৰাধা কৃষ্ণনৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ কৰে।প্ৰয়াত বানেশ্বৰ দেৱ শৰ্মাৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ কৰে তেওঁৰ সহধৰ্মিণী জয়মতী দেৱী, বৰপুত্ৰ তথা কৃতী শিক্ষক কন্দৰ্পেশ্বৰ শৰ্মা আৰু সাংবাদিক দিগন্ত কুমাৰ নাথে।
প্ৰেৰক, পহৰেদ আলী আহমেদ, ৰঙিয়া ।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা