বৰপেটা ভূমি সংৰক্ষণ সংমণ্ডলৰ কাৰ্যালয় ভৱন উদ্ধোধন

*খহনীয়াৰ দৰে জটিল সমস্যা সমাধানৰ বাবে আত্মনিয়োগ কৰিবলৈ উপায়ুক্তৰ আহ্বান*        বৰপেটা, ২৫ ছেপ্টেম্বৰ: বৰপেটা জিলাৰ গঢ়া খহনীয়াৰ দৰে জটিল সমস্যাৰ সমাধানৰ লগতে প্ৰকৃতি সুৰক্ষাতো ভূমি সংৰক্ষণ বিভাগে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব পাৰে। আজি ভূমি সংৰক্ষণ বিভাগৰ বৰপেটা সংমণ্ডলৰ নতুন কাৰ্যালয় ভৱনটো উদ্ধোধন কৰি জিলা উপায়ুক্ত মুনীন্দ্ৰ শৰ্মাই এইদৰে কয়। নতুন ভৱনৰ পৰা বিভাগটোৰ বিষয়া-কৰ্মচাৰী সকলে নতুন উদ্যমেৰে কামত আত্মনিয়োগ কৰিব বুলি তেওঁ আশা প্ৰকাশ কৰে। অনুষ্ঠানত জিলা তথ্য আৰু জনসংযোগ বিষয়া বিকাশ শৰ্মায়ো বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি দুআষাৰ কয়। বৰপেটাৰ শ্ৰীমন্তপুৰত স্থাপন কৰা এই ভৱনটো উদ্ধোধনৰ বাবে আজি বিভাগীয় মন্ত্ৰী প্ৰমীলা ৰাণী ব্ৰহ্ম অহাৰ কথা আছিল যদিও শেষ মুহূৰ্ত্তত বিশেষ অসুবিধাৰ বাবে তেওঁৰ ভ্ৰমণ বাতিল হয়। পূৰ্বে আমোলাপট্টীৰ ভাড়াঘৰত থকা এই কাৰ্যালয়টো কেইমাহমান পূৰ্বেই শ্ৰীমন্তপুৰৰ নিজা ভৱনলৈ স্থানান্তৰ হয় যদিও কৰোনাজনিত পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত আনুষ্ঠানিক উদ্ধোধনী পৰ্ব পিছুৱাই গৈছিল। উদ্ধোধনী অনুষ্ঠানত ভূমি সংৰক্ষণ সংমণ্ডলৰ কাৰ্যবাহী অভিযন্তা প্ৰদীপ দত্তই উদ্দ্যেশ্যে বাখ্যা কৰাৰ লগতে শলাগৰ শৰাই আগবঢ়ায়। অনুষ্ঠানৰ আৰম্ভণিতে ভৱন চৌহদত অতিথি সকলৰ দ্বাৰা গছপুলি ৰূপন কৰা হয়।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা