কাকলি পাটোৱাৰী স্মাৰক বঁটাৰ বিভিন্ন প্ৰতিযোগিতাৰ ফলাফল ঘোষণা

 কাকলি পাটোৱাৰী স্মাৰক বঁটাৰ বিভিন্ন প্ৰতিযোগিতাৰ ফলাফল ঘোষণা #                                          
নগাঁৱৰ পৰা জয়ন্ত মুদৈ, ১৫ ছেপ্টেম্বৰঃ সংগীত শিল্পী কল্পনা পাটোৱাৰীয়ে তেওঁৰ প্ৰয়াত ভগ্নী কাকলি পাটোৱাৰীৰ প্ৰথম মৃত্যু বাৰ্ষিকী উপলক্ষে কণ কণ শিশু, ষোড়শী আৰু মহিলাসকলৰ মাজত এলানি প্ৰতিযোগিতা যোৱা ২২-৩১আগষ্টলৈ অনলাইনযোগে "শক্তি মেনিফেষ্ট" ফেচবুক পেজৰ যোগেদি আয়োজন কৰিছিল । ইয়াৰে ৫-১২বছৰ বয়সৰ শিশুসকলৰ মাজত আয়োজিত কবিতা পাঠ প্ৰতিযোগিতাত যোৰহাটৰ আৰাৱলী শইকীয়াই প্ৰথম, লখিমপুৰৰ জবাবৰ্না শইকীয়া আৰু ছমৰীয়া সত্ৰৰ কৃষ্ণাশ্ৰিতা বৰাই যুটীয়াভাৱে দ্বিতীয় তথা নগাঁৱৰ চকলাঘাট  ফুলনিআটিৰ সান্নিধ্য সমীৰ হাজৰিকা আৰু গুৱাহাটীৰ ঔম এচ বৰেণ্যমে যুটীয়াভাৱে তৃতীয় স্থান লাভ কৰিবলৈ সক্ষম হয় । ইয়াৰে গীতাশ্ৰী গগৈ আপ্তেৰ দ্বাৰা পৰিচালিত পদ্মেশ্বৰ গগৈ আন্তঃৰাষ্ট্ৰীয় বিদ্যালয়, কানাডাৰ প্ৰতিযোগী কৃভি শৰ্মা, দালাছৰ ঋত্বিক বেজবৰুৱা, ব্ৰাম্পটন অ'টেৰিয়ৰ সৃনিভ শৰ্মা, কানাডাৰ কৰ্ণিকা বেজবৰুৱা আৰু মুম্বাইৰ মণ্টাচা কুৰেচীলৈ বিশেষ সন্মান আগবঢ়োৱা হৈছে । ইফালে, নাৰীকেন্দ্ৰিক বিষয়বস্তু লৈ মহিলাসকলৰ দৈনন্দিন জীৱনৰ সংঘৰ্ষ তথা তেওঁলোকৰ মনৰ কথা অথবা সমস্যাৰ বিষয়ে চমু মন্তব্যৰ ওপৰত ভিত্তি কৰি ১৩ বছৰ বয়সৰ উৰ্ধ্বৰ মহিলাসকলৰ "খ" শাখাৰ প্ৰতিযোগিতাত গোলাঘাটৰ জীনা বৰুৱাই প্ৰথম, গুৱাহাটীৰ ৰজনী সাহ আৰু তৰালী কলিতাই যুটীয়াভাৱে দ্বিতীয় স্থান লাভ কৰাৰ বিপৰীতে বঙাইগাঁৱৰ অৰ্ণভী বৰুৱা, মিজোৰামৰ টিয়া আৰু গুৱাহাটীৰ গাৰ্গী কাশ্যপে উদগনিমূলক বঁটা লাভ কৰা বুলি উদ্যোক্তাসকলৰ হৈ গীতালি পাটোৱাৰীয়ে জানিবলৈ দিছে ৷

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা