বেবেজীয়াৰ একশৰণ ভাগৱতী সমাজৰ কেন্দ্ৰীয় কাৰ্যলয়ত গুৰুজনাৰ জন্ম জয়ন্তী পালন #

নগাঁৱৰ পৰা জয়ন্ত মুদৈ, ২৬ ছেপ্টেম্বৰঃ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ দৰে নগাঁও জিলাৰ বেবেজীয়াস্থিত একশৰণ ভাগৱতী সমাজৰ কেন্দ্ৰীয় কাৰ্যালয় বেবেজীয়া পালনাম থানটো শ্ৰীমন্ত শঙ্কৰদেৱৰ ৫৭২ সংখ্যক জন্ম জয়ন্তী উদযাপন কৰা হয় ৷ চৰকাৰী নীতি-নিয়ম বৰ্তাই ৰাখি উদযাপিত গুৰুজনাৰ জন্ম জয়ন্তী উপলক্ষে পালনাম থানৰ চৌপাশ হৰিনামৰ ধ্বনিৰে মুখৰিত হৈ পৰে ৷ পুৱা প্ৰাতঃ প্ৰসংগৰে কাৰ্যসূচীৰ পাতনি মেলাৰ পিছতে ধৰ্ম ধজ্জা উত্তোলন কৰে একশৰণ ভাগৱতী সমাজৰ জিলা সভাপতি ভুৱনেশ্বৰ দাসে ৷ এই অনুষ্ঠানৰ আঁত ধৰে সমাজৰ মূলান আতা আৰু ভূমিধৰ আতাই । ইয়াৰ পিছতে খোল প্ৰসংগ পৰিবেশন কৰে সমাজৰ পূব শালমৰা গাওঁ শাখাই । দুপৰীয়া মহা পালনাম অনুষ্ঠিত কৰা হয় ।মহা পালনামৰ মূল আসনত বালি ৰাম আতা, শৰাই অৰ্চনত হীৰেন আতা আৰু পাঠত মূহিধৰ আতাই নিয়াৰিকৈ পৰিচালনা কৰে ৷ বিয়লি ধৰ্ম ধ্বজ্জা নাম কীৰ্তনেৰে অবতৰণৰ দ্বাৰা দিনযোৰা কাৰ্যসূচীৰ সামৰণি পেলোৱা হয় বুলি একশৰণ ভাগৱতী সমাজৰ কেন্দ্ৰীয় প্ৰচাৰ সচীব ডেভিদ দাসে জানিবলৈ দিছে ৷

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা